Logo
image

অধিক গোপনীয়তাৰে নতুন ৰূপত হোৱাট্‌ছএপ

আমাৰ অসম, ১৪ অক্টোবৰঃ সম্প্ৰতি স্মাৰ্টফোন ব্যৱহাৰ কৰা ভাৰতীয়ৰ বাবে অপৰিহাৰ্য হৈ পৰা হোৱাটছএপ আহিব নতুন ৰূপত৷ মূলতঃ আমেৰিকা আৰু ভাৰততে সৰ্বাধিক গ্ৰাহক থকা হোৱাটছএপ নামৰ এই মেছেজিং এপটো দুয়োখন দেশৰ লগতে বিশ্বৰ আৰু কিছুসংখ্যক দেশৰ নাগৰিকৰ বাবে এতিয়া অপৰিহাৰ্য আহিলা৷ অৱশ্যে মধ্যপ্ৰাচ্য, চীন, দক্ষিণ কোৰিয়া, জাপান ইত্যাদি দেশে নিজস্বভাৱে তৈয়াৰ কৰা আন এপৰ জৰিয়তে তেনে কাম সম্পাদন কৰে৷ যিদৰে ডুবাইত হোৱাটছএপৰ দ্বাৰা কোনো ফোনকল সম্ভৱ নহয়, বটিম নামৰ এটা এপহে চলে, সেইদৰে দক্ষিণ কোৰিয়াত হোৱাটছএপ নচলে৷ চলে লাইন আৰু অন্যান্য মেছেজিং এপ৷ কিন্তু ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে এতিয়াও হোৱাটছএপ অপৰিহাৰ্য৷ সেই বিষয়টো উপলব্ধি কৰিয়েই হোৱাটছএপত থকা দোষ-ত্ৰুটি আঁতৰাই নতুন ৰূপত আগবঢ়োৱা হ’ব এই এপ৷ নতুন ৰূপত হোৱাটছএপ হ’ব পূৰ্বতকৈ অধিক গোপনীয়তাৰে ভৰা৷ এতিয়াও হোৱাটছএপৰ পৰা ফোনকল ৰেকৰ্ড কৰিব নোৱাৰি৷ তদুপৰি দুই মূৰে থকা দুয়োজন প্ৰেৰক আৰু গ্ৰাহক তথা গ্ৰুপত হ’লে তাৰ সদস্যৰ বাহিৰে আন কোনেও হোৱাটছএপৰ মেছেজ চাব নোৱাৰে৷ নতুন হোৱাটছএপৰ গোপনীয়তা ইয়াতকৈ অধিক হ’ব বুলি দাবী কৰিছে সংশ্লিষ্ট কতৃৰ্পক্ষই৷ পূৰ্বে হোৱাটছএপ গ্ৰুপত মুঠতে ২৫৬ জনক সংযোগ কৰিব পৰা হৈছিল৷ পৰৱৰ্তী সময়ত সেই সংখ্যা ৫১২ লৈ বৃদ্ধি কৰা হ’ল৷ এইবাৰ নতুন ৰূপত গ্ৰুপত সংযোজিত কৰিব পৰা হ’ব ১,০২৪ জনক৷ ইতিমধ্যে এই আপডেট সম্পন্ন কৰিছে কতৃৰ্পক্ষই৷ অচিৰেই হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সেই সুবিধা পাব৷ আশা কৰা হৈছে ভাৰতৰ ৫০ কোটি ব্যৱহাৰকাৰী হোৱাটছএপৰ নতুন সুবিধাৰ দ্বাৰা উপকৃত হ’ব৷