Logo
image

ৰাজ্যত শস্য-সংকট আসন্ন

আহিনতো মুষলধাৰ বৰষুণ

আবতৰীয়া বানত খেতি নষ্ট

ৰবি শস্য খাস্তাং

আমাৰ অসম, ১৪ অক্টোবৰঃ অসম আৰু অসমৰ কৃষকৰ বাবে বাৰিষাৰ বান কোনোদিনেই নতুন কথা নাছিল, নতুন সমস্যাও নাছিল৷ এতিয়াও নহয় আৰু সম্ভৱতঃ আগলৈও নহ’ব৷ কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী বৰুণ দেৱতাও নহয় কিম্বা বৰুণ দেৱতাৰ কৃপাধন্যও নহয়, যে তেওঁ পাঁচ বছৰৰ পাছত অসমৰ পৰা বানপানী নোহোৱা হৈ পৰিব বুলি ঘোষণা কৰিলেই নাইকিয়া হৈ যাব৷ অৱশ্যে এই প্ৰসংগ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সেই উদ্ভট ভৱিষ্যৎদ্বানী নহয়, যি কেইদিনমান পূৰ্বে অসমলৈ আহি কৈছিল, পাঁচ বছৰৰ পাছত অসমৰ বানৰ সমস্যা নোহোৱা হ’ব৷ অসমৰ জনসাধাৰণে, বিজেপিৰ সদস্য আৰু সমৰ্থকক বাদ দি আন সকলোৱে অমিত শ্বাহৰ এই ঘোষণা ২০১৪ চনৰ পাছত, অৰ্থাৎ বিজেপিৰ শাসন আৰম্ভ হোৱাৰ দিন ধৰি আজি পৰ্যন্ত কোৱা শ্ৰেষ্ঠতম কৌতুক বুলি উপহাস কৰিছে৷ যিহেতু অমিত শ্বাহৰ কথা অনুসৰি অসমৰ বান আৰু বৰষুণৰ বঢ়া-টুটা নঘটে, সেয়ে তেওঁৰ বক্তব্যক মান্যতা দিয়াৰ বিশেষ প্ৰয়োজন নাই৷ অমিত শ্বাহৰ এই বক্তব্যৰ সৈতে সম্পৰ্ক নথকা কিন্তু কিছু পৰিমাণে সংগতি থকা বতৰ সম্পৰ্কীয় সমস্যাত পুনৰ আক্ৰান্ত হৈছে অসমৰ বাসিন্দা৷ বাৰিষাৰ বানে কঠীয়া মাৰি পেলোৱাৰ ফলত এইবাৰ দুগুণ-তিনিগুণ দামত কঠীয়া ক্ৰয় কৰি ৰুবলগীয়া হৈছিল অসমৰ কৃষকে৷ কিয়নো এইবাৰ বাৰিষাত প্ৰবল বানে ক্ষতিগ্ৰস্ত কৰিছিল অসমৰ লাখ লাখ কৃষকক৷ সেই কথা আনে পাহৰিলেও অসমৰ কৃষকে পাহৰা নাই৷ কিয়নো আনৰ পৰা ধাৰ লৈ কঠীয়া কিনি কৰা ধানৰ খেতিৰ মূল্য কিমান হৈছেগৈ আৰু সেই ধাৰ কেনেকৈ শুজিব সেই লৈ এতিয়াও চিন্তিত কৃষক৷ 

পিছে সেই চিন্তা দূৰ নৌহওতেই অসমৰ কৃষকৰ বাবে আবতৰীয়া বৰষুণ এতিয়া আন ভয়ংকৰ সমস্যা হিচাপে পৰিগণিত হৈছে৷ এই আবতৰীয়া আৰু অত্যধিক বৰষুণৰ ফলত ৰবি খেতি আৰম্ভ কৰিব নোৱাৰা হৈছে খেতিয়কে৷ সেয়ে এইবাৰ ৰাজ্যত শস্য সংকট, বিশেষকৈ ৰবি শস্যৰ সংকট আসন্ন হৈ পৰিছে৷ এতিয়া আলু খেতিৰ বতৰ৷ আলুৰ উপৰি আন আন পাচলি যেনে বন্ধা কবি, ওল কবি, মূলা, সৰিয়হ ইত্যাদি খেতি আৰম্ভ কৰাৰ সময় হৈছে৷ আচলতে সময় পাৰেই হৈ গৈছে৷ কিন্তু আহিনত হোৱা মূষলধাৰ বৰষুণে অসমৰ কৃষকক ৰবি খেতি আৰম্ভ কৰিবলৈ সুবিধা দিয়া নাই৷ ৰবি শস্য সাধাৰণতে সামান্য ওখ স্থানত কৰা হয়৷ পিছে ইজাকৰ পাছত সিজাক বৰষুণে ৰবি শস্য কৰিবলগীয়া মাটি তিয়াই ৰখাত হাল বাই সাজু কৰিব পৰা নাই কৃষকে৷ কেৱল অসমৰ এখন জিলাতেই নহয়, সমগ্ৰ ৰাজ্যজুৰি একেই অৱস্থা৷ শোণিতপুৰৰ পৰা ধেমাজিলৈকে একেৰাহে হৈ থকা বৰষুণত সেই ঠাইত ঘাইকৈ হোৱা আলু খেতি আৰম্ভ কৰিব পৰা নাই কৃষকে৷ বৰষুণৰ ফলত উত্তৰ অসমত বানপানীৰ সৃষ্টি হৈছে৷ সেই বানে ধান খেতি মাৰি পেলোৱাৰ লগতে ৰবি খেতি আৰম্ভ কৰাটো বন্ধ কৰি ৰাখিছে৷  নিশ্চিতভাৱে ইয়াৰ ফলত এইবাৰ ৰাজ্যত ৰবি শস্যৰ সংকট অনিবাৰ্য৷

কিমান বৰষুণ হৈছে অসমত? বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ বেছি নেকি? এই সন্দৰ্ভত বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ শীৰ্ষ বিষয়া সুমিত দাসৰ সৈতে কথা পাতোতে তেওঁ জনালে, এইবাৰ এই সময়ত স্বাভাৱিকতকৈ বহু বেছি পৰিমাণে ৰাজ্যত বৃষ্টিপাত হৈছে৷ সুমিত দাসে জনোৱা অনুসৰি যোৱা ১ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ অসমত বৃষ্টিপাত হৈছে ১৩৮.৫ মিলিমিটাৰ৷ সেয়া স্বাভাৱিক বৃষ্টিপাতৰ তুলনাত ৭০.৮ মিলিমিটাৰ বেছি৷ অৰ্থাৎ স্বাভাৱিক বৃষ্টিপাত এই সময়ত যিমান হ’ব লাগে তাতকৈ ৯৪ শতাংশ বেছি বৃষ্টিপাত অসমত হোৱা বুলি তেওঁ জনালে৷ একেটা সময়তে অৰুণাচলত স্বাভাৱিক পৰিমাণতকৈ ৮৬ শতাংশ অধিক বৃষ্টিপাত হৈছে৷ এই সময়ছোৱাত অৰুণাচলত হোৱা বৃষ্টিপাতৰ পৰিমাণ ১৯২.১ মিলিমিটাৰ৷ অৰুণাচলত হোৱা বৃষ্টিপাতে উত্তৰ অসমত বানপানীৰ সৃষ্টি কৰিছে৷ ইপিনে নামনি অসমৰ কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, বাগসাত অধিক বৃষ্টিপাত হৈছে৷ একেদৰে লখিমপুৰ, ধেমাজি, শোণিতপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত স্বাভাৱিক পৰিমাণতকৈ অধিক বৃষ্টিপাত হৈছে৷

আহিনৰ বানত প্লাৱিত বোকাখাত মহকুমাৰ খেতিপথাৰ

উজনি অসমত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি আৰু বোকাখাত মহকুমাত ধনশিৰি নদীৰ জলপৃষ্ঠও উদ্ধৰ্মুখী হোৱাৰ পটভূমিত মহকুমাটোৰ বিস্তৃত অঞ্চল প্লাৱিত হৈছে৷ আহিন মহীয়া ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ বানে ইতিমধ্যেই বোকাখাত মহকুমাৰ প্ৰায় ৪০ হাজাৰ বিঘা কৃষিভূমি প্লাৱিত কৰিছে৷ যাৰ বাবে মহকুমাটোৰ নদীপৰীয়া কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ আহিন মহীয়া বানে মহকুমাটোৰ ধনশিৰি নদীৰ পাৰৰ নিকৰি, মৰিয়াহোলা, চহলা চাপৰি, চ’গুৰি চাপৰি, এলেংমাৰী, ধনশিৰি হাঁহচৰাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মাজৰ গাভৰু চাপৰি, শিয়াল চাপৰি, নাস্তে চাপৰিকে ধৰি নদীপৰীয়া অঞ্চলৰ মাটিমাহৰ লগতে বিভিন্ন শস্যৰ কৃষিভূমি বিগত দুটা দিনত প্লাৱিত কৰিছে৷ ইফালে কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ আজি পুৱাৰে পৰা বোকাখাত মহকুমাৰ ধনশিৰিমুখত ০.০৮ মিটাৰ বৃদ্ধি পাইছে৷ একেদৰে মহকুমাটোৰ নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ আজি দিনৰ ভাগত ০.১০ মিটাৰ বৃদ্ধি পাইছে৷ দুয়ো স্থানতে জলপৃষ্ঠ উদ্ধৰ্মুখী হৈয়ে আছে৷ সম্প্ৰতি ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.৫২ মিটাৰ আৰু নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ০.৪০ মিটাৰ ওপৰেদি বৈ আছে৷ কেন্দ্ৰীয় জল আয়োগৰ আজি বিয়লি ৩ বজাৰ তথ্য মতে, উজনিৰ নিমাতীঘাট আৰু ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু পাচিঘাটত চিয়াং নদীৰ জলপৃষ্ঠ নিম্নগামী হৈছে যদিও অৰুণাচলৰ ইংকিয়ংত চিয়াং নদীৰ জলপৃষ্ঠ প্ৰায় ০.৪১ মিটাৰ বৃদ্ধি পাইছে৷ যাৰ পটভূমিত অহা ২৪ ঘণ্টাত ইংকিয়ংৰ নামনিৰ সকলোবোৰ স্থানতে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ব্ৰহ্মপুত্ৰ আৰু উপনদী ধনশিৰিৰ বাঢ়নি পানীয়ে বোকাখাতৰ নদীপৰীয়া প্ৰায়বোৰ অঞ্চলৰ প্লাৱিত কৰাৰ পাছত পানীত হাঁহনচৰা হৈছে কৃষক ৰাইজৰ৷ নদীপৰীয়া বহু গাঁৱতো ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ পানী সোমাইছে৷ প্লাৱিত অঞ্চলৰ কৃষকসকলে কৰা অভিযোগ অনুসৰি, বোকাখাতৰ মহকুমা কৃষি বিভাগক কৃষকৰ দুৰ্গতিৰ খবৰ দিয়াৰ পাছতো  ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হোৱাগৈ নাই কৃষি বিভাগৰ লোক৷ জল আয়োগৰ তথ্য মতে, আজি নিশাৰ পৰা ধনশিৰিমুখত জলপৃষ্ঠ স্থবিৰ হৈ হ্ৰাস পালেও জলপৃষ্ঠ পুনৰ বৃদ্ধিৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত স্থানীয় কৃষকে বোকাখাত সমষ্টিৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাই  এবাৰ নিজে আহি দুৰ্গত কৃষকৰ অৱস্থাৰ লগতে ক্ষয়-ক্ষতিৰো বুজ ল’বলৈ অনুৰোধ জনোৱাৰ লগতে বান সাহায্যৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে৷ 

মাজুলীত বানে মাৰিলে শ শ বিঘা মাহ খেতি

আহিন মাহৰ শেষ পৰ্যায়তো বানে লগ এৰা নাই মাজুলীৰ ৰাইজক৷  মাজুলীৰ উত্তৰ দিশত সোৱণশিৰি আৰু দক্ষিণ দিশত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বিস্তৃৰ্ণ অঞ্চল প্লাবিত কৰিছে৷ আজি পুৱাৰ পৰা দুয়োখন নদীৰ পানী বাঢ়ি অহাত মথাউৰিৰ বাহিৰৰ অংশসমূহ প্লাবিত কৰাৰ লগতে কৰতিপাৰ গাঁও পঞ্চায়তৰ মাজৰ চাপৰি, কুলি চাপৰি, মলয়া চাপৰি, মিছামৰা, চেৰেপাইখোৱা, চেঙেলীসুঁতি বানত বুৰ গৈছে৷ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলো চৰ-চাপৰি সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত আজি ডুব যোৱাত ৰাইজৰ মাজত ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷ পঞ্চায়তখনৰ মাতিমাহ আৰু মগুমাহৰ খেতি কৰা কৃষকসকলৰ খেতি আজি পানীয়ে প্লাবিত কৰাত কৃষক ৰাইজে চকুলো টুকিছে৷ মিছামৰা, চেঙেলীসুঁতি, মাজৰ চাপৰিত শতাধিক কৃষকৰ মাহ খেতি আজি পানীত ডুব গৈছে৷ কৰতিপাৰ গাঁও পঞ্চায়তৰ সকলো দ দ অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলোৱাত পশুপালকসকলৰো না না সমস্যাৰ সৃষ্টি হৈছে৷  বাঢ়নী পানীয়ে লোহিত গাঁও পঞ্চায়তৰ নতুন মহৰিচুক, বাহিৰ বৰঘূলি, লুইত চাপৰি, মধুপুৰ, বালিজান, উলুপাম, নলদোৱাৰ চাপৰিত বিস্তৃৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ লগতে মাহ খেতি ধবংস কৰিলে৷ সোৱণশিৰিৰ বাঢ়নী পানীয়ে আজি চিলাকলা গাঁও পঞ্চায়তৰ চেলেক, পুৰণা চাপৰি, অজুৰ্নগুৰি, বৰুণচুক, বিৰিণাবাৰী, বাহিৰ চিলাকলা,  বিৰিণাবাৰী, পাৱনা,  কাকৰিকটা আদি গাঁৱৰ বিস্তৃৰ্ণ অঞ্চল প্লাবিত কৰিছে৷ আজি পুৱাৰ পৰা সোৱণশিৰি নদীৰ পানী দ্ৰুতগতিত বৃদ্ধি হৈ আছে, সেয়ে, কাইলৈ নামনি মাজুলীৰ অধিক ন ন অঞ্চলত প্লাৱন সৃষ্টি হ’ব৷  আনহাতে, নামনি মাজুলীৰ কাকৰিকটা- গোৱালগাঁও মথাউৰিৰ আবদ্ধ পানীৰে অন্তভাগত জলপ্ৰলয় সৃষ্টি কৰিছে৷ জলসম্পদ বিভাগৰ উক্ত মথাউৰিটোত থকা সৰু সৰু শ্লুইচ গেট দুখনৰ মাজেৰে আবদ্ধ পানী ওলাই যাবলৈ বহু সময় লাগে৷ ফলত, উজনি মাজুলীৰ দিশৰ পৰা বৈ অহা আবদ্ধ পানী মথাউৰিটোত খুন্দা মাৰি সমীপৰ গাঁওসমূহত জলপ্ৰলয় সৃষ্টি কৰিছে৷ উক্ত, মথাউৰিটোৰ বাবেই আবদ্ধ পানীয়ে আদিএলেঙী, সৰু এলেঙী, বালিচাপৰি, পহুমৰা, কাকৰিকটা, ১ নং আৰু ২নং বৰগঞা, বালিগাঁও আদিত বছৰৰ সকলো সময়ত জলমগ্ন হৈ আছে৷ উক্ত, মথাউৰিটোৰ বাবেই বৃহৎ অঞ্চলটোৰ ৰাইজে দ পথাৰবোৰত একো খেতি কৰিব নোৱৰা হ’ল৷ তদুপৰি, উক্ত, কাকৰিকটা গোৱালগাঁও মথাউৰিটোত থকা শ্লুইচ গেটকেইখন প্ৰয়োজনীয় সময়ত বন্ধ নকৰা আৰু প্ৰয়োজনীয় সময়ত খুলি নিদিয়াৰ ফলতেই আবদ্ধ পানীয়ে ৰাইজক হাৰাশাস্তি কৰিছে৷ উক্ত, মথাউৰিটোৰ আবদ্ধ পানীৰ বাবেই নামনি মাজুলীৰ বহু গাঁৱত জলপ্ৰলয় হৈ আছে৷ 

জোনাইত দিখাৰী নৈৰ বানৰ কবলত ১৮খন গাঁও

ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন প্ৰান্তত আৱতৰীয়া বানৰ তাণ্ডৱ৷ জোনাই মহকুমাৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰী অঞ্চলত দিখাৰী নদীৰ বাঢ়নী পানীত যোৱা প্ৰায় ৫ দিন ধৰি জলমগ্ন হৈ আছে ১৮খনৰো অধিক গাঁও৷ আৱতৰীয়া বানত বুৰ গৈ আছে অঞ্চলটোৰ শ শ পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি, বাট-পথ, দলং, বিদ্যালয়, মন্দিৰ, নামঘৰ আদি৷ জামুগুৰী অঞ্চলৰ ১, ২ আৰু নং জামুগুৰী, ১ নং উলুৱনি, ২ নং উলুৱনি, বিষ্ণুপুৰ, তাকাবাৰী, নালাপাৰা, তেঙাপাৰা, মাজগাঁও জয়পুৰ, মুলান, চিয়াদী বস্তি, মন্তান আদি কৰি প্ৰায় ১৮ খনৰো অধিক গাঁৱৰ ঘৰবাৰী, কৃষিভূমি, বাটপথ আদি বুৰাই পেলাইছে দিখাৰী নৈৰ বাঢ়নী পানীয়ে ফলত বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে যোৱা প্ৰায় ৫ দিনে ঘৰৰ ভিতৰতে জলবন্দী হৈ থকাত খাদ্য-সামগ্ৰী, খোৱাপানী, চিকিৎসা আদিকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত সৃষ্টি হৈছে হাহাকাৰ৷ ইফালে বাট-পথসমূহ সম্পূৰ্ণৰূপে বানে বুৰাই পেলোৱাত বহিঃজগতৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজ৷ মানুহৰ সমান্তৰালকৈ খাদ্যসংকটে দেখা দিছে পশুধনৰ মাজতো৷ গৰু, গাহৰি, ছাগলী আদিসমূহ ওখ ঠাই বিচাৰি কোনোমতে ৰখা হৈছে যদিও তীব্ৰ খাদ্যসংকটত ভুগি মৃত্যু হৈছে বহু পশুধনৰ৷ কিন্তু ইমানৰ পাছতো জোনাই মহকুমা প্ৰশাসনে আজিপৰ্যন্ত কোনো খবৰ নোলোৱাৰ অভিযোগ কৰিছে জামুগুৰী অঞ্চলৰ বানপীড়িত ৰাইজে৷