Logo
image

ডিটিঅ’ৰ ঘৰত ধনভাণ্ডাৰ, ৩জন কৰ্মচাৰীসহ গ্ৰেপ্তাৰ

তিনি দিন বন্ধ শ্ৰীৰামপুৰ গেট

আমাৰ অসম, ১৪ অক্টোবৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি হুংকাৰ দিয়াৰ সময়তে এইবাৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন পৰিবহণ বিষয়া৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ছিণ্ডিকেট বন্ধ কৰিবলৈ সকীয়াই দিয়াৰ পাছতেই অৱশেষত ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ বাধ্য হ’ল স্মাৰ্ট অসম আৰক্ষী৷ অসমৰ প্ৰৱেশ পথ শ্ৰীৰামপুৰ গেটত পৰিবহণ তালাচীৰ নামত ছিণ্ডিকেটক নেতৃত্ব দিয়া কোকৰাঝাৰ জিলা পৰিবহণ বিষয়া [ভাৰপ্ৰাপ্ত] সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে৷ বুধবাৰে নিশা আৰক্ষীয়ে ডিটিঅ’ সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক চিৰাঙৰ হাইনা নগৰীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে পৰিবহণ বিষয়াজনৰ ভাৰাঘৰত তালাচী চলাই নগদ ৩৬ লাখ টকা জব্দ কৰে৷  তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰা মতে মাত্ৰ তিনিদিনৰ ভিতৰতেই শ্ৰীৰামপুৰ গেটত ট্ৰাকৰ পৰা উক্ত বৃহৎ ধনৰাশি সংগ্ৰহ কৰিছিল ডিটিঅ’ মুছাহাৰীয়ে৷ অভিযোগ অনুসৰি ৰাজনৈতিক পৃষ্ঠপোষকতাতে এটা বৃহৎ চক্ৰই দীৰ্ঘদিনৰে পৰা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ জ্ঞাতসাৰে ছিণ্ডিকেট অব্যাহত ৰাখিছিল৷ পশ্চিমবংগ আৰু  অসম সংযোগী প্ৰৱেশ পথ শ্ৰীৰামপুৰৰ সকলো চেকগেট উঠাই দিয়া হৈছিল যদিও ৰাজনৈতিক পৃষ্ঠপোষকতাত  উক্ত চক্ৰই ছিণ্ডিকেট চলাই আহিছিল৷ প্ৰাক্তন উগ্ৰপন্থীও জড়িত থকা উক্ত ছিণ্ডিকেট চক্ৰটোৱে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা প্ৰতিখন ট্ৰাকৰ পৰা গুণ্ডাটেক্স সংগ্ৰহ কৰিছিল৷ ছিণ্ডিকেট চক্ৰটোৱে ধন নিদিয়া ট্ৰাকক অসমত প্ৰৱেশতো কোনো অনুমতি দিয়া নাছিল৷ এই চক্ৰটোৱে গুজৰাট, ৰাজস্থান আদি ৰাজ্যৰ পৰা অসমলৈ টাইলছ, মাৰ্বল, পাথৰ কঢ়িওৱা ট্ৰাকৰ পৰাও জোৰ-জবৰদস্তি ২-৩ হাজাৰ টকাকৈ গুণ্ডাকৰ সংগ্ৰহ কৰিছিল৷ বৈধভাৱে সৰবৰাহ কৰা সামগ্ৰীৰ ক্ষেত্ৰতো ছিণ্ডিকেট চক্ৰটোৱে গুণ্ডাকৰ দাবী কৰাত অতিষ্ঠ হৈ  এসপ্তাহ পূৰ্বে বহিঃৰাজ্যৰ ট্ৰাকৰ মালিক তথা ব্যৱসায়ীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কো লিখিত অভিযোগ দাখিল কৰে৷ এই অভিযোগৰ পাছতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মুখ্য সচিবলৈ ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়াৰ লগতে দুদিন পূৰ্বে অসম ভ্ৰমণলৈ আহোতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাজ্য চৰকাৰৰ গৃহ বিভাগক ছিণ্ডিকেট বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে৷ গৃহমন্ত্ৰীৰ এই সকীয়নিৰ পাছতেই কোকৰাঝাৰৰ আৰক্ষীয়ে গোসাঁইগাঁও থানাত ৩৬৮/২০২২ নম্বৰত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি সোমবাৰে নিশা ছিণ্ডিকেট চক্ৰটোৰ ৯টা কালেক্টশ্বন এজেণ্টক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছিণ্ডিকেট এজেণ্ট কেইটা হৈছে নিৰঞ্জন বসুমতাৰী, মনোজ শ্বাহ, সঞ্জয় সৰকাৰ, আবু শ্বামা মণ্ডল, আফতাৰ হুছেইন, ধনৰাজ বসুমতাৰী, আবুবক্কৰ ছিদ্দিকী, মফিজুল ইছলাম আৰু আব্দুল খালেক৷ অভিযোগ অনুসৰি জিলা পৰিবহণ বিষয়াজনৰ ছত্ৰছায়াত উক্ত ছিণ্ডিকেট এজেণ্ট চক্ৰটোক পৰিচালনা কৰিছিল ধনৰাজ বসুমতাৰী ওৰফে দণ্ডৰাজ ওৰফে ৰক্ষীয়ে৷ ধৃত দণ্ডৰাজে আৰক্ষীৰ জেৰাত কোকৰাঝাৰৰ পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ নিৰ্দেশত গুণ্ডাটেক্স সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰে৷ আনকি দণ্ডৰাজৰ পৰা জব্দ কৰা মোবাইল ফোনৰ কল ৰেকডিং তথা হোৱাটছ এপ বাৰ্তালাপতো পৰিবহণ বিষয়াজনেৰে সম্পৰ্ক থকাৰ কেতবোৰ বিস্ফোৰক তথ্য উন্মোচন কৰে৷ আনকি এই চক্ৰটোৰ মাষ্টাৰ মাইণ্ড শিমূলটাপুৰ বাসিন্দা তথা শ্ৰীৰামপুৰ গেটৰ মাফিয়া হাফিজুল ইছলাম শ্বেখ বুলিও ছিণ্ডিকেট চক্ৰটোৱে জেৰাত স্বীকাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে৷ ধৃত এজেণ্ট কেইটাই জেৰাত হাফিজুলৰ নাম লোৱাত আৰক্ষীৰ ফালৰ পৰাই আগতীয়াকৈ হাফিজুলক সতৰ্ক কৰি দিয়াত ইতিমধ্যে ছিণ্ডিকেট মাফিয়াটোৱে আত্মগোপন কৰিছে৷ নকলেও হ’ব যে শ্ৰীৰামপুৰত ছিণ্ডিকেটক নেতৃত্ব দিয়া হাফিজুল ইছলাম শ্বেখৰ বিটিচি চীফ প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ সৈতেও ঘনিষ্ঠতা আছে৷ প্ৰমোদ বড়ো আৰু মন্ত্ৰী অশোক সিংঘালৰ সৈতে ৰাজনৈতিক সভাত একেখন মঞ্চত বহাও দেখা গৈছিল হাফিজুলক৷ আশ্চৰ্যজনক বিষয়টো হৈছে ধৃত ছিণ্ডিকেট চক্ৰটোৱে ডিটিঅ’ সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ নাম লোৱাৰ পাছতো টকাৰ লোভ এৰা নাছিল পৰিবহণ বিষয়াজনে৷ শ্ৰীৰামপুৰৰ চেকগেট   তিনিদিন বন্ধ থকাৰ পাছতো প্ৰায় ৩৬ লক্ষ টকা গুণ্ডাকৰ সংগ্ৰহ কৰে ডিটিঅ’ মুছাহাৰীয়ে৷ যাৰ পৰিপ্ৰেক্ষিততে ধৃত দণ্ডৰাজৰ স্বীকাৰোক্তিৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে নিশা চিৰাঙৰ পৰা ডিটিঅ’ সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতেই মুছহাৰীৰ ভাৰাঘৰত তালাচী চলাই উৎসবিহীন নগদ ৩৬ লাখ টকা জব্দ কৰে৷ ইপিনে তদন্তকাৰী আৰক্ষীয়ে পৰিবহণ বিষয়াজনৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগত সৌভিক দে, ৰিছাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰী নামৰ এনফ’ৰ্চমেণ্ট ছেকাৰ কেইজনকো গ্ৰেপ্তাৰ কৰে৷ ইয়াৰে ৰিছাৰ্ড মুছাহাৰীৰ পৰা আৰক্ষীয়ে নগদ ডেৰ লাখ টকা জব্দ কৰে৷ ইফালে বৃহস্পতিবাৰে পুৱাই ধৃত সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক লগত লৈ কোকৰাঝাৰ আৰক্ষীয়ে পৰিবহন বিষয়াজনৰ গুৱাহাটী কাহিলীপাৰাস্থিত বাসগৃহত তালাচী চলায়৷ এই অভিযানত আৰক্ষীয়ে মাটি-সম্পত্তি আৰু বেংক একাউণ্ট সম্পৰ্কীয় তথ্য পাতি জব্দ কৰা বুলি জানিবলৈ দিছে৷ অৱশ্যে আৰক্ষীৰ এটা শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে শ্ৰীৰামপুৰৰ ছিণ্ডিকেট চক্ৰৰ আৰত আছে বিটিচিৰ বিজেপি পাৰিষদ সজল কুমাৰ সিংহ৷ কংগ্ৰেছৰ পৰা জয়ী হৈ একে ৰাতিৰ ভিতৰতে বিজেপি যোগদান কৰা পাৰিষদ সজল কুমাৰ সিংহই ডিটিঅ’ হোমেশ্বৰ মুছাহাৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছতেই ৰহস্যজনকভাৱে আত্মগোপন কৰিছে বুলিও বিটিআৰত চৰ্চা চলিছে৷ শ্ৰীৰামপুৰ পাৰিষদীয় সমষ্টি সজল কুমাৰ সিংহ বৃহস্পতিবাৰে তামাৰহাটৰ বাসগৃহতো নথকা বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিছে৷

নেপালত আত্মগোপন কেইবাজনো ছিণ্ডিকেট মাফিয়াৰ

শ্ৰীৰামপুৰত চলি থকা অবৈধ ধন সংগ্ৰহৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ অভিযান অব্যাহত ৰাখিছে৷ শ্ৰীৰামপুৰ আৰু গোসাঁইগাঁৱত আৰক্ষী অভিযান চলাই ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ১২ জনকৈ যুৱকৰ লগতে বিষয়া-কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পাছত পুনৰ শ্ৰীৰামপুৰ অঞ্চল দালালমুক্ত হৈ পৰিছে৷ কিছুদিনৰ বাবে শ্ৰীৰামপুৰত পুনৰ দালাল আৰু ছিণ্ডিকেটৰাজ চলিছিল যদিও শেহতীয়াকৈ নাইকিয়া হৈ পৰিছে৷ আৰক্ষীৰ অভিযানৰ পাছত ভয়তে বহু ব্যক্তি আৰু যুৱক আত্মগোপন কৰিছে৷ ইয়াৰে বেছিভাগ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত আশ্ৰয় লৈ থকাৰ লগতে বহুতে নেপালত আত্মগোপন কৰাৰ তথ্য প্ৰকাশ পাইছে৷  উল্লেখ্য যে, অসমক দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে চৰকাৰে গঢ় দিবলৈ চেষ্টা অব্যাহত ৰখা সময়ত একাংশ বিষয়াৰ নেতৃত্বত শ্ৰীৰামপুৰত গোপনে টাইলছ, চাউল, খুচুৰা মাল, ৰড, চিমেণ্ট, ব্ৰয়লাৰ কুকুৰা আদিৰ ছিণ্ডিকেট চলি আহিছে৷

কোকৰাঝাৰত গ্ৰেপ্তাৰ তিনি এনফ’ৰ্চমেণ্ট চেকাৰ

এক নিৰ্দিষ্ট গোপন তথ্যৰ আধাৰত কোকৰাঝাৰ জিলাৰ পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কৰাক লৈ কোকৰাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত আজি কোকৰাঝাৰ সদৰ থানাত প্ৰাথমিক তদন্ত চলাবলৈ গোসাঁইগাঁৱৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা কোকৰাঝাৰত আহি উপস্থিত হৈছে৷ তেওঁ সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, সম্প্ৰতি আৰক্ষীয়ে জোৰদাৰভাৱে তদন্ত আৰম্ভ কৰিছে যদিও প্ৰাথমিক অৱস্থাত থকা বাবে তেওঁ সংবাদ মাধ্যমৰ আগত সকলো তথ্য উদঙাই দিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷  উল্লেখ্য যে, দাবী-ধমকি তথা বলপূৰ্বকভাৱে ধন সংগ্ৰহৰ অপৰাধত গোসাঁইগাঁৱত পৰিবহণ বিষয়াজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল৷ কোকৰাঝাৰ জিলাৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্মৰ বিৰুদ্ধে গোসাঁইগাঁও থানাত পঞ্জীয়নভুক্ত হৈ থকা গোচৰটো হৈছে– ৩৮৬/২২ নম্বৰৰ আৰু উক্ত গোচৰৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাসমূহ হৈছে ক্ৰমে ইউ/এছ-২০[বি]/৩৮৭/৫০৬/৩৪-/ আইপিচি৷ আনপিনে, পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ উপৰিও কোকৰাঝাৰ আৰক্ষীয়ে কালি নিশা সৌভিক দে, ৰিছাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰীক সোধ-পোছৰ বাবে আটক কৰিছে৷ সম্প্ৰতি তিনিওজনকে কোকৰাঝাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে৷ আটাইকেইজন পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ছেকাৰ বুলি জানিব পৰা গৈছে৷ সৌভিক দে কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত ৰিছাৰ্ড মুছাহাৰীৰ বালাজান তিনালী আৰু মনোজ বসুমতাৰী কোকৰাঝাৰ চহৰৰ বডোছা বেংক কলনীৰ বাসিন্দা৷  উল্লেখ্য যে, প্ৰতিজনৰ পৰা একলাখতকৈ অধিক নগদ ধন জব্দ কৰা হৈছে৷  উল্লেখ্য যে, তদন্তকাৰী বিষয়া নৱনীতা শৰ্মাই তদন্তকালত  আৰু অধিক আৰক্ষী জালত পৰিব পাৰে বুলিও সংবাদ মাধ্যমৰ আগত ইংগিত প্ৰদান কৰে৷  উল্লেখ্য যে, আজি পুৱতি নিশা কোকৰাঝাৰ আৰক্ষীয়ে পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ বাসগৃহত তালাচী চলাই নগদ ৩৬ কোটি টকাৰ লগতে টকাবোৰৰ সৈতে ভালেসংখ্যক খাম আছে৷ এওঁৰ লগতে আন দুজনৰ ঘৰতো তালাচী চলোৱা হৈছিল৷