Logo
image

ভৰা নৈয়ে কাঢ়ি লৈ গ’ল এখন বিদ্যালয়

আমাৰ অসম, ১৪ অক্টোবৰঃ আহিনমহীয়া আৱতৰীয়া খহনীয়াই ভয়াৱহ ৰূপ লৈছে ৰাজ্যত৷ ডিব্ৰুগড় চহৰৰ উপকণ্ঠ অঞ্চল মাইজান-নগাঘূলীৰ পাছত এইবাৰ চাবুৱাৰ বিন্ধাকটাত সন্ত্ৰাস চলাইছে ডিব্ৰু নৈৰ খহনীয়াই৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান বিন্ধাকটা অঞ্চলত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ডিব্ৰু নৈৰ খহনীয়াই৷ ডিব্ৰুৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি৷ অস্তিত্বহীন হৈ পৰিল এখন ঐতিহ্যমণ্ডিত চৰকাৰী শিক্ষানুষ্ঠানো৷ ভৰা নৈয়ে কাঢ়ি লৈ গ’ল গেৰেকী বনুৱা প্ৰাথমিক বিদ্যালয়৷ ১৯৭৫ চনতে প্ৰতিষ্ঠা হোৱা বিন্ধাকটা অঞ্চলৰ গেৰেকী বনুৱা প্ৰাথমিক বিদ্যালয়খন ইতিমধ্যে ডিব্ৰু নৈৰ বুকুত জাহ যোৱাৰ পাছত নৈপৰীয়া ৰাইজৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ যোৱা এটা সপ্তাহত অঞ্চলটোত আধা কিলোমিটাৰতকৈ অধিক ভূমি বৰলুইতৰ প্ৰবল খহনীয়াত ৰাইদাং অঞ্চলটো নিঃশেষ কৰাৰ পাছত এতিয়া পুখুৰীজানৰ লগতে ঐতিসাহিক মোমাই তামুলি আলিলৈয়ো ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷ ৰাইদাঙৰ বহু পৰিয়াল গৃহহীন হোৱাৰ পাছত থাকিবলৈ ঠাই বিচাৰি হাহাকাৰ কৰাৰ সময়তেই খহনীয়াৰ ভয়াৱহতা দেখি পুখুৰীজান অঞ্চলৰ লগতে বিন্ধাকটাৰ ৰাইজ শংকিত হৈ পৰিছে৷ প্ৰায় ২০ মিটাৰমানৰ দূৰৈত থকা ঐতিহাসিক মোমাই তামুলি আলি খহনীয়াত জাহ গ’লে সমগ্ৰ অঞ্চলটোৰ লগতে চাবুৱা নগৰলৈয়ো ভয়াৱহ ভাবুকি আহি পৰিব৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজে চৰকাৰক অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ বাবে মেগা জিঅ’ বেগৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে৷ উল্লেখ্য যে, জলসম্পদ বিভাগৰ তৰফৰ পৰা খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কুপাইন সংস্থাপন কৰা হৈছে যদিও পাৰ্কুপাইনসমূহ পানীত উটি যোৱাত চৰকাৰৰ এক বৃহৎসংখ্যক ধন পানীত উটি গৈছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷ অন্যহাতে, নেপালি গেৰেকীত ১৯৭৫ চনতে স্থাপিত হোৱা গেৰেকী বনুৱা প্ৰাথমিক বিদ্যালয়ৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে৷ ভয় আৰু শংকাৰ মাজত দিন পাৰ কৰা ৰাইজে চৰকাৰক অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে হাইদৰাবাদত চিকিৎসাধীন অৱস্থাত থকা বিধায়ক পোনাকণ বৰুৱাই খহনীয়া প্ৰতিৰোধ কৰি অঞ্চলটো ৰক্ষা কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে৷ উল্লেখ্য যে, বিন্ধাকটাৰ খালগাঁও আৰু বালিজানতো ভয়াৱহ ৰূপ লৈছে বৰলুইতৰ খহনীয়াই৷ অঞ্চলটোত নিৰ্মাণ কৰা সুৰক্ষা বান্ধটোৰ প্ৰতিও চৰম ভাবুকি সৃষ্টি কৰিছে প্ৰবল খহনীয়াই৷ কিন্তু এইপৰ্যন্ত বিভাগীয় কতৃৰ্পক্ষই অদ্যপৰিমিত ব্যৱস্থা নকৰাত ক্ষোভ বৃদ্ধি পাইছে নৈপৰীয়া ৰাইজৰ৷ অন্যহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিও অঞ্চলটোৰ ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷