Logo
image

ছুপাৰ কম্পিউটাৰ, ধুবুৰী মেডিকেল কলেজ উদ্বোধন ৰাষ্ট্ৰপতিৰ

দুদিনীয়া ভ্ৰমণসূচীৰে দ্ৰৌপদী মুৰ্মু

আমাৰ অসম, ১৪ অক্টোবৰঃ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷  দুপৰীয়া ১ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাষ্ট্ৰপতি মুৰ্মু উপস্থিত হোৱাৰ পাছতে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখি,  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিপুলভাৱে আদৰণি জনায়৷ ইয়াৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে বিমানবন্দৰতে প্ৰদৰ্শন কৰা হয় গাৰ্ড অৱ অনাৰ৷ উল্লেখ্য ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে অসমলৈ অহা দ্ৰৌপদী মুৰ্মুৱে বিমানবন্দৰৰ পৰাই পোনে পোনে গুৱাহাটী আই আই টিত উপস্থিত হয়৷  ৰাষ্ট্ৰপতিৰ আজিৰ অন্যতম কাৰ্যসূচীৰ ভিতৰত আছিল জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্ছশিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীৰ শুভাৰম্ভ কৰা৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আগমনকলৈ আই আই টি গুৱাহাটীত পুৱাৰে পৰা গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ ইফালে দ্ৰৌপদী মুৰ্মু হৈছে আই আই গুৱাহাটীলৈ অহা প্ৰথম গৰাকী দেশৰ ৰাষ্ট্ৰপতি৷ ইয়াৰ পূৰ্বে ড॰ এ পি জি আব্দুল কালাম আই আই টি গুৱাহাটীলৈ আহিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে৷ আই আই টি গুৱাহাটীৰ সুধাকণ্ঠ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে আই আই টি গুৱাহাটীৰ ছুপাৰ কম্পিউটাৰৰ সুবিধা থকা ‘পৰম কামৰূপা’ উদ্বোধন কৰাৰ লগতে SAMEER নামেৰে এটা উচ্ছ ক্ষমতা সম্পন্ন লেব’ৰেটৰীও উদ্বোধন কৰে৷ ইফালে, ধুবুৰীত নিৰ্মাণ কৰা অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ৰো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে৷ ডিব্ৰুগড় আৰু জব্বলপুৰত স্থাপন হ’বলগীয়া ‘ৰাষ্ট্ৰীয় ভাইৰ’লজী’ প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে মুৰ্মুৱে৷ অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়–  মই পবিত্ৰ কামাখ্যাভূমি অসম ভ্ৰমণ কৰিবলৈ পাই নিজক ধন্য মানিছো৷ আই আই টি গুৱাহাটী হৈছে এক জ্ঞানকেন্দ্ৰ যি উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগৰ সমস্যা আৰু অন্যান্য প্ৰত্যাহ্বানৰ বাবে প্ৰযুক্তি প্ৰদান কৰিব পাৰে৷ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীন পাৱাৰ, ৰাজ্যপাল অধ্যাপক জগদীশ মুখি, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল৷ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি চিঠাৰমণে শিক্ষা প্ৰতিষ্ঠানখনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰে৷ উল্লেখ্য, আই আই টি গুৱাহাটীত আজি শুভাৰম্ভ কৰা ‘পৰম কামৰূপা’ ছুপাৰ কম্পিউটাৰে উত্তৰ-পূব ভাৰতৰ অনুসন্ধান আৰু বিকাশৰ ক্ষেত্ৰত বিশেষ সহায়ক হ’ব বুলি আশা কৰা হৈছে৷ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটাৰ মিচনৰ অধীনত তথা মেকিং ইণ্ডিয়া কাৰ্যক্ৰমৰ অংশ হিচাপে স্থাপন কৰা এই ‘পৰম কামৰূপা’ৰ অধিকাংশ যন্ত্ৰপাতি দেশতে প্ৰস্তুত কৰা হৈছে৷ এই ‘পৰম কামৰূপা’ত আছে ১০৭টা CPU নোদচ, ১০টা CPU নোদচ, ৯টা হাই মেম’ৰী নোদচ, ৭৪০৮টা CPU কোৰ্চ আৰু এক লাখ দুই হাজাৰ চাৰিশ CUDA ক’ৰ্চ৷ কম বিজুলীৰ সহায়ত চলিব পৰা এই ছুপাৰ কম্পিউটাৰটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো অধিক মানুহৰ প্ৰয়োজন নহ’ব৷ এই ছুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰি বতৰ আৰু জলবায়ু, বায়’ইনফৰমেটিকছ কম্পুটেশ্বনেল কেমেষ্ট্ৰী, মলেইকুলাৰ ডায়নেমিক্স, আৰ্টিফিছিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিং, ডাটা ছায়েন্স আদিৰ ক্ষেত্ৰত উৎকৃষ্ট কাম কৰিব পৰা যাব বুলি আই আই টি গুৱাহাটী সুত্ৰই সদৰি কৰিছে৷ উল্লেখ্য যে ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি আই আই টি গুৱাহাটীতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে৷ বিয়লি প্ৰায় ৪ বজাত হেলিকপ্টাৰযোগে ৰাষ্ট্ৰপতি মুৰ্মু গুৱাহাটীৰ খানাপাৰা খেলপথাৰত উপস্থিত হয়৷ ইয়াৰ পৰা তেওঁ কইনাধৰাৰ এক নং ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত উপস্থিত হয়৷ সন্ধিয়া ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰে  খানাপাৰা প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত এক সাংস্কৃতিক  কাৰ্যসূচীৰ আয়োজন কৰে৷  উল্লেখ্য আজিৰ নিশাটো কইনাধৰাতে কটাব ৰাষ্ট্ৰপতি মুৰ্মুৱে৷ কাইলৈ তেওঁ পুৱা ১০ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাব৷ দিনৰ ১১ বজাত তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত চাহ বাগিচাৰ এশখন নতুন মডেল স্কুলৰ লগতে কেইবাখনো আঁচনিৰ উদ্বোধন কৰিব৷ উল্লেখ্য যে আজি গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বে  ৰাষ্ট˜পতিয়ে আগৰতলা-খোংচাং জনশতাব্দী এক্সপ্ৰেছ আৰু আগৰতলা কলকাতা এক্সপ্ৰেছ আগৰতলা ৰে’ল ষ্টেচনৰ পৰা ফ্লেগঅফ কৰে৷ 

আজিৰ দিনটো ৰাজ্যৰ বিকাশৰ এক উল্লেখনীয় দিনঃ মুখ্যমন্ত্ৰী ড॰ শৰ্মা

 ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰা আই আই টি  গুৱাহাটীৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই দিনটোক ৰাজ্যৰ বিকাশ যাত্ৰাৰ এক উল্লেখ্যনীয় দিন বুলি অভিহিত কৰে৷ অসম তথা সমগ্ৰ উত্তৰ-পূবাঞ্চল সম্প্ৰতি পৰিবৰ্তনৰ এক লেখত ল’বলগীয়া দিশেৰে গতি কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোগাযোগ ব্যৱস্থাৰ পৰা বাণিজ্যৰ ক্ষেত্ৰখনলৈ তথা আন্তঃগাঁথনি উন্নয়নৰ পৰা তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আহিছে৷ প্ৰতিটো খণ্ডতে দ্ৰুত পৰিৱৰ্তন সাধন হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত অষ্টলক্ষ্মী বুলি অভিহিত কৰাৰ লগতে এই অঞ্চলটোক বিকাশৰ নতুন ইঞ্জিনৰূপে গণ্য কৰা প্ৰধানমন্ত্ৰী মোদীৰ ভৱিষ্যদৰ্শনৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলিও তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে ১০৮ বিঘা ভূমিত মুঠ ৫০৯.০২ কোটি টাকা ব্যয়েৰে নিৰ্মাণ কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়খনত চিকিৎসা সেৱাৰ ২৪ টাক বিভাগ থাকিব৷ ৫০০খন বিছনাযুক্ত এই চিকিৎসা মহাবিদ্যালয়খনত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে ১০০ এখন আসন থকাৰ উপৰি শিক্ষাৰ্থী, ফেকাল্টি তথা প্ৰশাসনীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে আবাসিক চৌহদৰো নিৰ্মাণ কৰা হৈছে৷ বহিঃ বিভাগ, আত্মবিভাগ, ব্লাড বেংক, জাৰুৰীকালীন সেৱা আদি বিভিন্ন চিকিৎসা সেৱাৰ ব্যৱস্থা থকা এই চিকিৎসা মহাবিদ্যালয়খনে ধুবুৰীৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহৰ জনসাধাৰণক প্ৰভুতভাবে উপকৃত কৰিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে ২০১৪ চনলৈকে অসমত মাত্ৰ ৬খন চিকিৎসা মহাবিদ্যালয় আছিল৷ ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছত ডিফু, লখিমপুৰ আৰু আজি উদ্বোধন হোৱা ধুবুৰী চিকিৎসা মহাবিদ্যালয়কে ধৰি তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় সংযোজিত হ’ল৷ ৰাজ্যখনত ১৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পদক্ষেপ লোৱা হৈছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰে ৭খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে আৰু আগন্তক নৱেম্বৰ মাহৰ পৰা ৫খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ আন তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কামো শীঘ্ৰে আৰম্ভ হ’ব বুলিও তেওঁ কয়৷ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যখনৰ সৰ্বমুঠ ২৪খন চিকিৎসা মহাবিদ্যালয়ে জনসাধাৰণক সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে ইয়াৰ সমান্তৰালকৈ এম বি বি এছ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ২৭০০ খনলৈ বৃদ্ধি পাব বুলি কয়৷