Logo
image

এজন এজনকৈ আহিল তেজস্বিতা-মৃত্যুৰ সাক্ষী

আমাৰ অসম, ১৪ অক্টোবৰঃ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ এক উচিত তদন্ত হওক যাতে এই ঘটনাৰ লগত জড়িত দোষীয়ে দৃষ্টান্তমূলক শাস্তি পায়৷ আহি থকা দিনত চিকিৎসাৰ অৱহেলাৰ বাবে তেজস্বিতাৰ দৰে যাতে আন কোনেও এনে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা নহয় তাৰ বাবে সকলোৱে আহি এই ঘটনাৰ সাক্ষ্য প্ৰদান কৰক৷’ বৃহস্পতিবাৰে দুপৰীয়া মাজুলী জিলা প্ৰশাসনৰ অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনৰ সন্মুখত সাক্ষ্য প্ৰদান কৰি এই মন্তব্য আগবঢ়ায় সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ লগতে আজি নিজৰ ভাষ্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহে মাজুলী জিলা সাংবাদিক সন্থা, মাজুলী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি৷ উল্লেখ্য, তেজস্বিতা বৰুৱাৰ মৃত্যু সংক্ৰান্তিয় ঘটনাৰ ধাৰণা থকা প্ৰত্যক্ষদৰ্শী, আগ্ৰহী ব্যক্তি, জিলাবাসী তথা দল-সংগঠন আদিক এক ৰাজহুৱা জাননীৰ জৰিয়তে বিষয়াজনে ১২অক্টোবৰৰ ভিতৰত কাৰ্যালয় খোলা থকা অৱস্থাত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জিলা দণ্ডাধীশ, মাজুলীৰ কাৰ্যালয়ত অৱস্থিত অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনৰ কক্ষত নিজৰ ভাষ্য আগবঢ়াবলৈ অথবা লিপিবদ্ধ কৰাবলৈ আহ্বান জনাইছিল৷ উক্ত তাৰিখলৈকে কোনো লোকে নিজৰ ভাষ্য আগবঢ়াবলৈ অথবা লিপিবদ্ধ কৰাবলৈ আগবাঢ়ি নহাত ১৯ অক্টোবৰলৈ তদন্তৰ ৰাজহুৱা শুনানিৰ সময়সীমা বৃদ্ধি ঘোষণা কৰিব লগা হৈছিল৷ কিন্তু কিয় কোনো লোক অথবা দল-সংগঠন সময়মতে নিজৰ মতামত আগবঢ়াবলৈ আগবাঢ়ি নাহিল৷ ভাষ্য প্ৰদান কৰিলে সন্মুখীন হ’ব নেকি কোনো সমস্যাৰ? এই সম্পৰ্কত তদন্তকাৰী বিষয়া তথা অতিৰিক্ত জিলা দণ্ডাধীশ ড॰ সঞ্জীৱ কুমাৰ ফুকনৰ মন্তব্য, ‘আমি ৰাইজক মুকলিকৈ আহ্বান জনাইছোঁ যাতে তেওঁলোকে নিৰ্ভয়ে নিশ্চিন্তমনে আহি সাক্ষ্য প্ৰদান কৰিব লাগে, তেওঁলোকে কোনো দুঃচিন্তা বা সংশয়ত ভুগিব নালাগে৷ যিসকলৰ হাতত প্ৰামাণিক তথ্য আছে তেওঁলোকে আমাৰ ওচৰত আহি নিৰ্বিঘ্নে তেওঁলোকে সাক্ষ্য লিপিবদ্ধ কৰাব পাৰিব৷’ ইফালে আজি সাক্ষ্য প্ৰদান কৰি মাজুলী জিলা কোঁচ ৰাজবংশীৰ সম্পাদক আদিত্য দত্তই কয়, ‘মাজুলীৰ দুইলক্ষ জন-গণৰ স্বাৰ্থত চৰকাৰ প্ৰশাসনে কাম কৰিব লাগে আৰু মাজুলীৰ চিকিৎসা ব্যৱস্থা উন্নত হ’ব লাগে৷ তেজস্বিতা বৰুৱাৰ ক্ষেত্ৰত যি ঘটনা সংঘটিত হৈ গ’ল এই ঘটনাৰ সম্পৰ্কত আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে কিছু কিছু ক্ষেত্ৰত সুৰুঙা কিন্তু নিশ্চিতভাৱে ৰৈ গৈছে৷ চিকিৎসালয়খনত নাৰ্ছসকলৰ কিছু গাফিলতি আমি দেখিবলৈ পাওঁ৷ ভৱিষ্যতে যাতে এই সুৰুঙাসমূহ ৰৈ নাযায়, মাজুলীবাসীয়ে যাতে উচিত চিকিৎসা লাভ কৰে তাৰ দাবী আমি উত্থাপন কৰিছোঁ৷’ উল্লেখ্য, অভিযোগ অনুসৰি, উন্নত চিকিৎসাৰ অভাৱৰ বাবেই অকাল মৃত্যুক সাবটিব লগা হ’ল মাজুলী কমলাবাৰী দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাই৷ ৫ অক্টোবৰত গাঁৱৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰিছিল গাঁওবাসীয়ে৷ জন্মোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ প্ৰস্তুত হোৱা তেজস্বিতা হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰে৷ ততাতৈয়াকৈ গাঁৱৰ যুৱক আৰু পৰিয়ালৰ লোকে গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ জিলা চিকিৎসালয়লত ভৰ্তি কৰাইছিল৷ সেই সময়ত চিকিৎসালয়ৰ দায়িত্বত আছিল চকু বিশেষজ্ঞ নিলাক্ষী ঠাকুৰীয়া৷ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ মাজতে অকণমান সময়ৰ বাবে অকণমান সুস্থ হোৱা যেন হৈছিল যদিও পিছ মুহূত্তৰ্তে সংজ্ঞাহীন হৈ পৰা তেজস্বিতাৰ সংজ্ঞা আৰু ঘূৰি নাহিল৷ তেজস্বিতাৰ অকাল মৃত্যুত উচুপি উঠিল মাজুলীবাসী৷ হাজাৰজনৰ প্ৰশ্ন উঠিল চৰকাৰৰ দায়িত্ব আৰু প্ৰতিশ্ৰুতিৰ ওপৰত, প্ৰশ্ন উঠিল মাজুলীৰ পয়ালগা স্বাস্থ্যখণ্ডৰ ওপৰত৷ ৰাইজৰ আবেগ ৰাজপথৰ আন্দোলনলৈ ৰূপান্তৰিত হ’ল৷ মাজুলীৰ চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লগতে মাজুলীত এখন পূৰ্ণ পৰ্যায়ৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী উত্থপিত হ’ল৷ তীক্ষ্ণ মেধাসম্পন্ন, মাজুলী আইলেণ্ড একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজস্বিতাৰ মৃত্যুৰ খবৰে বাকৰুদ্ধ কৰি তোলা মাজুলীবাসীয়ে তেজস্বিতাৰ অকাল মৃত্যুৰ উচিত তদন্তৰ দাবী তোলে৷ মাজুলীৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ সামূহিক দাবীক আগুৱাই নিবলৈ অথবা তেজস্বিতা বৰুৱাৰ দৰে বহুজনে অকালতে মৃত্যুক সাবটি লোৱাৰ দৰে ঘটনাৰ উচিত তদন্ত, তথ্য লাভৰ প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ কোনো  প্ৰত্যক্ষদৰ্শী, আগ্ৰহী ব্যক্তি, জিলাবাসী অথবা দল-সংগঠনে নিজৰ ভাষ্য লিপিবদ্ধ কৰিবলৈ উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ১৯ অক্টোবৰলৈ শুনানিৰ দিন বৃদ্ধি কৰিব লগা হৈছিল৷