ৰাজ্যজোৰা প্ৰতিবাদ, বৰ্জনৰ মাজতে আৱাহনে চলাই আছে ‘লভিতা’
ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত তেজপুৰৰ বাণ থিয়েটাৰত শিল্পীৰ বিক্ষোভ, বৃহৎ প্ৰতিবাদী সভা
আমাৰ অসম, ১৪ অক্টোবৰঃ অসমৰ সচেতন আৰু সংবেদনশীল ৰাইজৰ ক্ষোভ, প্ৰতিক্ৰিয়া আৰু দাবীলৈ আওকাণ কৰি প্ৰস্তুতি পৰাশৰ মালিকানাধীন আৱাহন থিয়েটাৰে অভিজিৎ ভট্টাচাৰ্যৰ ‘লভিতা’ নাটকৰ মঞ্চায়ন অব্যাহত ৰাখিছে৷ বাৰে বাৰে অভিজিৎ-প্ৰস্তুতিয়ে এই কথা কৈছে যে নাটকখন সম্পূৰ্ণৰূপে উপভোগ কৰাৰ পাছত কোনোবাই মন্তব্য কৰিব লাগে৷ কিন্তু অসমৰ সকলো ঠাইৰ লোকে নাটকখন চাই অটাই মানে এপ্ৰিল মাহ পাবগৈ৷ তেতিয়ালৈকে কথাটো গুৰুত্বহীন হৈ পৰিব যদিও আৰ্থিক দিশৰ পৰা লাভৱান হ’ব আৱাহন থিয়েটাৰ৷ সেয়েহে এই কথা স্পষ্ট হৈ পৰিছে যে প্ৰকৃততে আৱাহন নাট্যগোষ্ঠীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি অসমীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তিসকলক এধানমানো সন্মান নকৰে৷ অসমৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ কোনো গুৰুত্ব নাই৷ প্ৰস্তুতি-অভিজিৎ বাহিনীৰ বাবে অসমৰ ৰাইজ তেওঁলোকৰ কম’ডিটী মাত্ৰ৷ জ্যোতিপ্ৰসাদ আগৰৱালাক চৰম অপমান কৰি, অসমীয়াৰ স্বাভিমানত আঘাত কৰি আৰু অসমৰ সাংস্কৃতিক ইতিহাসত কাললৈ কুখ্যাতি ৰাখি অভিজিৎ-প্ৰস্তুতি বাহিনীয়ে ‘লভিতা’ৰ মঞ্চায়ন অব্যাহত ৰাখিছে৷ তেওঁলোকৰ মনত এনে এটা ভাব– আপোনালোকে প্ৰতিবাদ কৰি থাকক, আমি মঞ্চায়ন কৰি থাকিম– কিয়নো দৰ্শকে নাটকখন চায়েই আছে৷ কিন্তু অভিজিৎ-প্ৰস্তুতিয়ে ভবাৰ দৰে পৰিস্থিতি ইমান সহজ হৈ থকা নাই৷ ৰাজ্যৰ বিভিন্ন ঠাইত ইতিমধ্যে প্ৰতিবাদ-বিক্ষোভৰ মাত্ৰা চৰিছে৷ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থায়ো এই ঘটনাক গৰিহণা দিছে৷ অৱশ্যে ৰহস্যজনক কাৰণত প্ৰযোজক সংস্থাই আৱাহনৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰক সমালোচনা কৰা নাই– তেওঁলোকৰ একমাত্ৰ লক্ষ্য ‘নাট্যকাৰ’ অভিজিৎ ভট্টাচাৰ্য৷ ইফালে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, সুধাকণ্ঠ ভূপেন হাজৰিকাকে ধৰি অসমীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তিসকলৰ পৱিত্ৰ স্মৃতিবিজড়িত তেজপুৰৰ বাণ থিয়েটাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বৃহৎ প্ৰতিবাদী সভা৷ শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে প্ৰায় দুকুৰি সংগঠনে ভাগ লোৱা এই প্ৰতিবাদী সভাত আৱাহন থিয়েটাৰক ‘লভিতা’ মঞ্চস্থ কৰাৰ পৰা বিৰত থাকিবলৈ দাবী জনোৱা হয় আৰু অন্যথা প্ৰতিবাদী কাৰ্যসূচী আগুৱাই নিয়াৰ সিদ্ধান্ত লোৱা হয়৷ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, ভাৰতীয় গণনাট্য সংঘ, সাংস্কৃতিক সাংবাদিক সন্থাঃ অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু প্ৰদেশ কংগ্ৰেছকে ধৰি বিভিন্ন দল-সংগঠনে বিনাচৰ্তে আৱাহনৰ ‘লভিতা’ৰ প্ৰদৰ্শন বন্ধ কৰাৰ দাবী তুলিছে৷ লক্ষণীয়ভাৱে নলবাৰীৰ নিজ পকোৱাকে ধৰি বিভিন্ন ঠাইত শেহতীয়াভাৱে আৱাহন থিয়েটাৰৰ মঞ্চত ‘লভিতা’ দৃশ্যায়ন কৰা হৈছে আৰু বহু লোকে তেওঁলোকৰ নাটক উপভোগো কৰিছে৷ ইয়াৰ অৰ্থ অভিজিৎ-প্ৰস্তুতিয়ে ভাবি থকাৰ দৰে কিন্তু নহয়৷ সাধাৰণ ৰাইজে ভ্ৰাম্যমাণ থিয়েটাৰক ভাল পায়৷ বিগত সময়ছোৱাত কৰ’না আৰু লকডাউনৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰ মৃতপ্ৰায় অৱস্থাৰ সন্মুখীন হৈছিল৷ সেই অৱস্থাৰ পৰা মৰমৰ ভ্ৰাম্যমাণক কিছু সকাহ দিয়াৰ উদ্দেশ্যেহে ৰাইজে নাটক চাইছে৷ ইয়াৰ অৰ্থ এইটো যে অসমৰ ভ্ৰাম্যমাণৰ দৰ্শকসকল আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰ আৰু বহুবিতৰ্কিত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ দৰে সুযোগসন্ধানী আৰু অহংকাৰী নহয়৷ গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, বঙাইগাঁও, ধুবুৰী, বৰপেটা, বিশ্বনাথ, দৰঙকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত সম্প্ৰতি আৱাহনৰ ‘লভিতা’ৰ বিৰুদ্ধে ৰাইজ সৰব হৈ পৰিছে৷ প্ৰতিবাদ কৰিছে, বৰ্জনৰ হুংকাৰ দিছে৷ মঞ্চায়ন বন্ধ কৰাৰ দাবী কৰিছে৷ এনে সময়তে নলবাৰীত আৱাহনৰ ‘লভিতা’ৰ বিৰুদ্ধে ৰচনা কৰা হৈছে বিশেষ প্ৰতিবাদী কাৰ্যসূচী৷
বাণ থিয়েটাৰ, নাট্য সন্মিলনৰ উদ্যোগত দুকুৰি
সংগঠনৰ প্ৰতিবাদী সভা
অসমৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰাতঃস্মৰণীয় মহান শিল্পী ৰূপকোঁৱৰৰ অমৰ সৃষ্টি লভিতা শীৰ্ষক নাটখন বিতৰ্কিত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই বিকৃতকৰণ আৰু আৱাহন থিয়েটাৰৰ মঞ্চত প্ৰদৰ্শনক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে চিৰস্মৰণীয় শিল্পীগৰাকীৰ কৰ্ম সাধনাস্থলী তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আজি এখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈ যায়৷ বাণ থিয়েটাৰৰ উদ্যোগত আৰু অসম নাট্য সন্মিলন তেজপুৰ শাখাৰ সহযোগত আজি আবেলি অনুষ্ঠিত এই সভাই ৰূপকোঁৱৰৰ কালজয়ী নাট লভিতাক বিকৃতৰূপত মঞ্চায়ন কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে জাতীয় স্বাৰ্থত এই নাটক প্ৰদৰ্শন কৰাৰ পৰা আৱাহন থিয়েটাৰক বিৰত থাকিবলৈ আহ্বান জনায়৷ লগতে ৰূপকোঁৱৰৰ দৰে জাতীয় পুৰোধা ব্যক্তিসকলৰ যিকোনো সৃষ্টিৰাজিক আগন্তুক দিনত কোনো কাৰণতে যাতে বিকৃতকৰণ কৰা নহয়, তাৰ বাবে সকলো পক্ষকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ উপৰি বিক্ৃতকৰণ কৰা লভিতাক আহ্বান থিয়েটাৰে যদি বন্ধ নকৰে এই থিয়েটাৰক সকলোতে বৰ্জন কৰিবলৈ আহ্বান জনায় আৰু এই ক্ষেত্ৰত চৰকাৰক তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়৷ লক্ষ্যণীয় যে, এই আহ্বান যদি পালন নকৰে তেতিয়া আজিৰ সভাই আইনী প্ৰক্ৰিয়াৰ সহায় ল’ব বুলিও প্ৰস্তাৱ গ্ৰহণ কৰে৷ উল্লেখ্য যে, বাণ থিয়েটাৰৰ সভাপতি তথা বিশিষ্ট গীতিকাৰ বংকিম শৰ্মা আৰু অসম নাট্য সন্মিলনৰ উপ সভাপতি মৃগেন চন্দ্ৰ বড়া আৰু তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ লগতে স্থানীয় বহু সংখ্যক অনুষ্ঠান, নাট্যশিল্পী আৰু বিশিষ্ট নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বহু কেইগৰাকী ব্যক্তিয়ে নিজৰ অভিমত প্ৰকাশ কৰি ৰূপকোঁৱৰৰ অমৰ সৃষ্টিক এনেদৰে বিকৃত কৰণ কৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক তথা মঞ্চ অভিনেতা জিতুমণি দেৱচৌধুৰীয়ে উদ্যোক্তাৰ প্ৰাৰম্ভিক ভাষণত সম্প্ৰতি ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা আবাহন থিয়েটাৰৰ লভিতা আৰু অসমীয়া সংস্কৃতিৰ সুৰক্ষাক লৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত সেই সন্দৰ্ভত ব্যক্তিগত মন্তব্য প্ৰদান কৰাৰ লগতে উপস্থিত সুধী ব্যক্তিসকলৰ পৰাও পৰামৰ্শ বিচাৰি আহ্বান জনায়৷ ৰূপকোঁৱৰৰ ভতিজা তথা সাংস্কৃতিক কম¹ অপৰূপ আগৰৱালাই আগবঢ়োৱা বক্তব্যত জ্যোতিপ্ৰসাদ আগৰৱালাই কেনে প্ৰেক্ষাপটৰ আধাৰত লভিতা নাটখন ৰচনা কৰিছিল সেই সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে ৰূপকোঁৱৰৰ লভিতা নাটকৰ আলম লৈ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত একেই নামৰ নাটখনত জয়হিন্দ বন্দে মাতৰমৰ পৰিৱৰ্তে ‘ভাৰত মাতা কি জয়’ কি কাৰণত সন্নিবিষ্ট কৰা হ’ল এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি জ্যোতিপ্ৰসাদৰ ৰচনাৱলীও পূৰ্বতে এটি চক্ৰই হাত ফুৰোৱা বুলি উল্লেখ কৰি অপৰূপ আগৰৱালাই কয় যে, ৰূপকোঁৱৰে ৰূপান্তৰে জগত ধুনীয়া কৰে বুলি কৈছিল, কিন্তু ৰূপান্তৰৰ নামত এনেধৰণৰ বিকৃতকৰণ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি মন্তব্যৰে তেজপুৰ আৰু অসমৰ ৰাইজক প্ৰতিবাদমুখৰ হবলৈ আহ্বান জনায়৷ ভাৰতীয় গণনাট্য সংঘৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক মুকুল বৰাই আগবঢ়োৱা বক্তব্যত ৰূপকোঁৱৰৰ লভিতা সদায় লভিতাই হৈ থাকক বুলি মন্তব্য কৰি আৱাহন থিয়েটাৰে জ্যোতিপ্ৰসাদৰ সৃষ্টি লভিতাক বিকৃত কৰাৰ অধিকাৰ নাই বুলি উল্লেখ কৰি কয় যে এতিয়া নাটখনৰ নাম সলালেই নহ’ব, প্ৰয়োজন সাপেক্ষে বৃহৎ আন্দোলন কৰিব লাগিব বুলিও মত পোষণ কৰে৷ বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা প্ৰতিবাদী সভাখনত তৰুণ অসম সংঘৰ উপ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডঃ ভূৱনেশ্বৰ চহৰীয়াই ৰূপকোঁৱৰৰ লভিতা নাটখনি বিকৃতকৰণ কৰা কাৰ্যক কুম্ভিলক সংস্কৃতিৰে ব্যৱসায়ীকৰণ কৰা হৈছে বুলি মন্তব্য কৰি সাংস্কৃতিক সঞ্চালকালয় আৰু জ্যোতি ভাৰতীৰ দৰে অনুষ্ঠানে এই বিষয়ত কেৱল বক্তব্য প্ৰকাশ কৰি দায় সাৰিলেই নহ’ ব এইক্ষেত্ৰত প্ৰায়োগিক পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিব বুলি ক্ষোভ প্ৰকাশ কৰে৷ আনহাতে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথ জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিৰ ওপৰত এইয়া প্ৰথম আক্ৰমণ নহয় বুলি মন্তব্য কৰি কয় যে, অসমৰ স্বাধীনতা পিয়াসী জনতাৰ আত্মাৰ প্ৰতিভু লভিতা চৰিত্ৰটো সম্পৃক্ত হৈ থকা লভিতা নাটকখন জ্যোতিপ্ৰসাদৰ সৃষ্টিশীলতাৰ মহত্বকে প্ৰকাশ কৰা নাই৷ এই নাটকখন অসমীয়া সাংস্কৃতিক স্বাভীমানৰো যুগজয়ী প্ৰকাশ৷ জ্যোতিপ্ৰসাদৰ সৃষ্টি অসমীয়া জাতিৰ বৌদ্ধিক সম্পদ ই কাহানিও বিনোদনৰ সামগ্ৰী নহয় বুলি মন্তব্য কৰি লভিতা নাটকখন বিকৃত কৰি মঞ্চস্থ কৰাৰ দু:াহস কৰা ব্যক্তি বিশেষ বা অনুষ্ঠান বয়কট কৰাৰ প্ৰতিবাদী পদক্ষেপ তেজপুৰ বৌদ্ধিক ক্ষেত্ৰখনৰ পৰাই হোৱা উচিত বুলি কয়৷ প্ৰসংগক্ৰমে নাথে এই ঘটনা অসমৰ আত্মাৰ ওপৰত আক্ৰমণ বুলিও মন্তব্য কৰে৷ সেইদৰে তেজপুৰৰ নাট্যানুষ্ঠান জংগমৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত প্ৰাক্তন ছাত্ৰ নেতা তথা শিল্পী শান্তনু মহন্তই কয় যে, আবাহনৰ কৰ্তৃপক্ষক লভিতা নাট মঞ্চস্থ নকৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোৱে আহ৩ান জনাব লাগে তেজপুৰৰ মজিয়াৰ পৰা৷ চৰকাৰে তথা সাংস্কৃতিক সঞ্চালকালয়ে এই সন্দৰ্ভত তাৎক্ষণিকভাৱে কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ কীৰ্তন পুথিৰ বিকৃতকৰণৰ উদাহৰণ ডাঙি ধৰি অসমীয়া ঐতিহ্যৰ প্ৰতি ভাবুকি অনা প্ৰতিটো ক্ষয়ঙ্কৰী পদক্ষেপ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ সকলোকে আহ৩ান জনায়৷ বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা প্ৰাৱন্ধিক ঐশ্বৰ্য কাকতিয়ে অসমৰ জাতীয় আত্মা স্বৰূপ জ্যোতিপ্ৰসাদৰ সৃষ্টিক হানি-খুচি বিকৃত কৰাৰ আঁৰত ৰাজনৈতিক এজেণ্ডাৰ গোন্ধ পাইছো বুলি মন্তব্য কৰি অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে এনে ভাৰত মাতা কি জয় সংলাপ সন্নিবিষ্ট কৰিবলৈ সাহস ক’ত পাইছে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ প্ৰসংগক্ৰমে নাট্যকাৰ কাকতিয়ে অভিজিৎ ভট্টাচাৰ্য ইমান বুৰ্বক নহয়, তেওঁ টকাৰ বাবে নহয়, এটা ৰাজনৈতিক এজেণ্ডাৰ অন্তৰ্ভূক্ত হৈয়েই এই কাণ্ড কৰিছে বুলি কৈ এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই লভিতা নাটকখন বিকৃতিকৰণত আঁৰত ব্যৱসায়িক উদ্দেশ্যই সাঙোৰ খাই থকা নাই এইয়া গভীৰ ৰাজনৈতিক উদ্দেশ্যৰ অংশহে বুলি কৈ বৌদ্ধিক মহলে চৰকাৰক বিহিত ব্যৱস্থা লোৱাৰ সময় সীমা বান্ধি দিয়া উচিত বুলি মন্তব্য কৰে৷ সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ কুমাৰ নাথে আগবঢ়োৱা বক্তব্যত তেজপুৰৰ বৌদ্ধিক মহলৰ পৰাই লভিতা নাটক বিকৃতভাবে উপস্থাপন কৰাৰ বিৰোধিতা কৰিব লাগে বুলি মন্তব্য কৰি যদিহে আবাহন থিয়েটাৰ কৰ্তৃপক্ষই এই প্ৰতিবাদৰ প্ৰতি আওকান কৰে তেন্তে আজিৰ প্ৰতিবাদী সভাই শোণিতপুৰ জিলাত থিয়েটাৰখন বৰ্জন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি কয়৷ প্ৰসংগক্ৰমে সাংবাদিক নাথে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঞ্চস্থৰ বাবে আৱাহন থিয়েটাৰক আমন্ত্ৰণ জনোৱা সমিতিসমূহকো বিতৰ্কিত নাটখন বৰ্জনৰ বাবে আহ্বান জনায়৷ বিশিষ্ট অভিনেত্ৰী তথা জে বি প্ৰডাকচনৰ সম্পাদিকা ডাঃ জাহানাৰা বেগমে প্ৰদান কৰা বক্তব্যত জ্যোতিপ্ৰসাদৰ সৃষ্টিক বিকৃতকৰণক লৈ অসমত প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবলগীয়া হোৱাতোয়েই দুৰ্ভাগ্যজনক বুলি আক্ষেপ প্ৰকাশ কৰি জ্যোতিপ্ৰসাদৰ লভিতাত কি নাছিল যাৰ বাবে এই নাটক পুনঃলিখনৰ জৰিয়তে বিকৃতভাবে মঞ্চস্থ কৰিবলগীয়া হ’ল বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে এই ক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ে ঐতিহ্য প্ৰবাহী নাট মঞ্চস্থ কৰাৰ ক্ষেত্ৰত বিশেষ নীতি নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন বুলি অভিমত ব্যক্ত কৰে৷ সেইদৰে অসম ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্যই অসমৰ জাতীয় শাহ জ্যোতিপ্ৰসাদৰ সৃষ্টি বিকৃতকৰণৰ ধৃষ্টতাক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ বুলি কৈ ইয়াৰ সৈতে জড়িত ৰাজনৈতিক ষড়যন্ত্ৰক আমি প্ৰতিহত কৰিব লাগিব বুলি কয়৷ আনহাতে জনসাংস্কৃতিক পৰিষদ তেজপুৰৰ সভাপতি তথা বিশিষ্ট কবি ৰাজু বৰুৱাই কয়- অসমৰ প্ৰাতঃস্মৰণীয় পুৰোধা,জাতীয় আত্মা জ্যোতিপ্ৰসাদৰ সংগ্ৰামী সত্বাৰ প্ৰকাশ ঘটা লভিতা নাটকৰ বিকৃতিকৰণৰ দু:সহসৰ গৰিহণা দিছো৷ ভাষণ প্ৰসংগত বৰুৱাই আমি অসমৰ ৰাইজক হৃদয়ৰে আহ৩ান জনাই জাগ্ৰত কৰি তোলাৰ সময় সমাগত বুলিও মন্তব্য প্ৰদান কৰে৷ অসমীয়া ক্লাবৰ সম্পাদিকা অনু দেৱী মহন্তই ৰূপকোঁৱৰৰ লভিতা বিকৃতিকৰণৰ বিৰুদ্ধে সজাগ প্ৰতিবাদ হৈ থকাৰ পিচতো আবাহনৰ নাট্যশিল্পীসকলৰ চেতনা জাগ্ৰত নোহোৱাতো দুৰ্ভাগ্যজনক বুলি আক্ষেপ প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ সভানেত্ৰী তথা প্ৰবীন অভিনেত্ৰী কল্পনা কলিতাই শোণিতপুৰ জিলাত যিবোৰ সংগঠনে আবাহনৰ নাট মঞ্চস্থ কৰাৰ বাবে আমন্ত্ৰণ জনাইছে সেইসকলৰ সৈতে যোগাযোগ কৰি আজিৰ প্ৰতিবাদী সভাই আবাহনৰ লভিতাক মঞ্চস্থ কৰাৰ পৰা বিৰত ৰখাৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন বুলি মত পোষণ কৰে৷ দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ গহন চন্দ্ৰ মহন্তই আগবঢ়োৱা বক্তব্যত কয় যে, আৱাহন থিয়েটাৰৰ বিতৰ্কিত লভিতাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে শেহতীয়া এক সংবাদমেলত কেনেদৰে সাজপোছাক পৰিধান কৰি আহিব লাগে সেই কথাও নজনা প্ৰস্তুতি পৰাশৰ শিল্পী নহয়, অশিল্পীহে৷ সভাখনত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৰহৰি চুতীয়া, তেজপুৰ আৰ্টিষ্ট ফ’ৰামৰ সভাপতি হৰিনাৰায়ণ দাস, সংগীতমৰ ডাঃ অঞ্জুমণি চেতিয়া, সুদৰ্শন অসমৰ ৰাতুল কুমাৰ দাস, সোঁৱৰণী সাংস্কৃতিক গোষ্ঠীৰ অনুপ অসমীয়া, সমাজকম¹ মুকুল গোস্বামীকে ধৰি প্ৰায় দুকুৰি সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
মঞ্চায়ন বন্ধৰ দাবী, সাংস্কৃতিকমন্ত্ৰীৰ হস্তক্ষেপ কামনা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ
ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰৰ লভিতা নাটখন যিহেতু ৰূপকোঁৱৰৰ লভিতা বুলি ৰাইজক জনোৱা হৈছে তেন্তে আৱাহনৰ মঞ্চত নাট্যকাৰৰ নাম অভিজিত ভট্টাচাৰ্য বুলি কিয় দিয়া হ’ল এটা ডাঙৰ সাথৰ৷ ৰূপান্তৰৰ নামত নাটকখনৰ মূল বক্তব্য যদি সলনি হোৱা নাই তেনে নাট্যকাৰৰ নাম কিয় সলনি হ’ল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই৷ সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ সৰ্বাধিক চৰ্চিত এই হঠকাৰী কাণ্ডৰ বিৰুদ্ধে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক শান্তনু কুমাৰ বৰুৱাই এই সন্দৰ্ভত কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে আৰু উল্লেখ কৰিছে যে, লভিতাৰ মূল পটভূমি আছিল বৃটিছৰ আশিসধন্য এচাম মৌজাদাৰ, জমিদাৰ জাতীয় শোষণকাৰীৰ বিৰুদ্ধে খাতিখোৱা শোষিত কৃষকৰ প্ৰতিনিধিস্বৰূপ লভিতাৰ বিদ্ৰোহ৷ তাই অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰিয়তম গোলাপৰ ভীৰুতাকো ধিক্কাৰ দি স্বদেশ সেৱাত ব্ৰতি হ’বলৈ দাবী জনাইছে৷ শেষত ‘মই গান্ধীৰ খাটাত নাম লিখোৱা নাই জানিবি বাপেৰে’ বুলি স্বদেশ সেৱাত নিজকে সপি বিপ্লৱৰ দাবানল জ্বলাই গৈছে৷ তাইৰ সৰল মাতৃ প্ৰেমত ধনীক শ্ৰেণীটোৰ মুখা খুলি পৰিছে আৰু তথাকথিত ভীৰু ডেকা শক্তিটোক ‘তুমি আজি জন্ম হোৱা বাবেই আজিৰ ডেকা ল’ৰা হ’ব নোৱৰা’ বুলি তীব্ৰ ভৎৰ্সনাও কৰিছে৷ এতিয়া ৰূপকোঁৱৰৰ সেই ‘লভিতা’জনী যদি অভিজিত ভট্টাচাৰ্যৰ ৰূপান্তৰিত ‘লভিতা’ত নাই তেনে সেই লভিতা কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ তেওঁ ৰূপকোঁৱৰৰ সেই বিপ্লৱী বা বিদ্ৰোহী লভিতাজনীক অসমৰ খাতিখোৱা কৃষকৰ প্ৰচণ্ড ক্ষোভৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰিব পাৰিব লাগিব অথবা গোলাপৰ দৰে তাইৰ মনৰ পুৰুষজন কাপুৰুষ হ’লেও পুৰুষ কৰোৱাৰ চেষ্টা কৰিব পৰা বৈপ্লৱিক চৰিত্ৰৰ হ’ব লাগিব৷ যদি এইখিনি অভিজিত ভট্টাচাৰ্যই কৰিব পৰা নাই তেনে তেওঁ স-সন্মানেৰে তেনে দুঃসাহস নকৰা ভাল আৰু যদি লভিতাক তেনেকৈয়ে ৰাখিছে তেনে নাট্যকাৰৰ নাম সলনি কৰা অনুচিত হৈছে৷ ই গৰিহণাৰ যোগ্য হ’ব৷ অভিযোগ উঠিছে যেতিয়া আমি অভিজিত ভট্টাচাৰ্যক আহ৩ান জনাম অনতিবিলম্বে তেওঁ নাটখনৰ প্ৰদৰ্শন বন্ধ কৰক৷ তদুপৰি, চৰকাৰৰ সুবিধা লৈ ধনী, মানী হোৱা এচামে চৰকাৰৰ ৰেচন খাই থকা বাবে আন এচাম গৰীৱক নিমখ খাই হাৰাম কৰা বেয়া বুলি বুজাব খোজা স্বাৰ্থপৰ সুবিধাবাদৰ বিৰুদ্ধেও জ্যোতিপ্ৰসাদে লভিতাক জন্ম দিছে৷ সেয়েহে লভিতা বৃটিছৰ লগতো নাই, কংগ্ৰেছৰ লগতো নাই আছে গৈ আজাদ হিন্দ ফৌজৰ লগতহে৷ এনে এগৰাকী সঁচা সৰু নিৰ্ভেজাল স্বদেশপ্ৰেমী লভিতাক যদি নাট্যকাৰে ৰূপান্তৰৰ নামত দুৰ্বল কৰি তুলিছে তেন্তে তেনে ৰূপান্তৰ গ্ৰহণযোগ্য নহ’ব৷ অপৰাধ হ’ব৷ এইক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিকমন্ত্ৰীলৈ আমাৰ অনুৰোধ অনতিবিলম্বে সু-মিমাংসা নোহোৱালৈকে নাটখনৰ প্ৰদৰ্শন বন্ধ ৰাখি সু-বিচাৰৰ ব্যৱস্থা কৰক৷ এইক্ষেত্ৰত অভিযোগ অনা অনুষ্ঠানৰ প্ৰতিনিধি আৰু আৱাহন কতৃৰ্পক্ষক লগত লৈ অসম চৰকাৰে আলোচনা কৰা উচিত৷ অন্যথা এতিয়া যদি জাতীয় বীৰপুৰুষ মহাপুৰুষসকলৰ নামত কৃষ্টি কৰিবলৈ গৈ এচাম ধুৰন্ধৰ, সুবিধাবাদীয়ে বঙহ কুটা ৰাজনীতি আৰম্ভ কৰি অসমৰ বৈপ্লৱিক বুনিয়াদ নষ্ট কৰে তেনে তাৰ বাবে জগৰীয়া চৰকাৰেই হ’ব৷ আমি লভিতাৰ জৰিয়তে অসম চৰকাৰৰ সাংস্কৃতিক দ৫১ক এতিয়াই জনাই থলোঁ যাতে আগন্তুক লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ নামত এনে আচহুৱা আঁহ ফলা, বাঁহ ফলা কাৰবাৰ এটা নহয়গৈ৷ অসম চৰকাৰে এইক্ষেত্ৰত আজিয়েই ব্যৱস্থা লোৱা উচিত৷
শিল্পী, সাংস্কৃতিক কৰ্মীৰ প্ৰতিবাদত উত্তাল যোৰহাট
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক ‘লভিতা’ক বিকৃত কৰি নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই নিজৰ নামত আৱাহন থিয়েটাৰত মঞ্চস্থ কৰোৱাৰ ব্যৱস্থা কৰাত সমগ্ৰ ৰাজ্যৰ লগতে প্ৰস্তুতি পৰাশৰৰ জন্ম নগৰী যোৰহাটতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আৱাহন থিয়েটাৰ আৰু অভিজিত ভট্টাচাৰ্যই ৰূপকোঁৱৰৰ সাংস্কৃতিক চিন্তা আৰু আদৰ্শক বিকৃত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে আজি যোৰহাটত শিল্পী আৰু সাংস্কৃতিক কৰ্মী সংগঠন আদিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ জন সংস্কৃতি পৰিষদ আৰু যোৰহাট ড্ৰামা একাডেমীৰ নেতৃত্বত আজি দুপৰীয়া ১২.০০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি ৰূপকোঁৱৰ সাংস্কৃতিক আদৰ্শক বিকৃত কৰাৰ বিৰুদ্ধে আৰু আৱাহনৰ লভিতা মঞ্চস্থ কৰাৰ পৰা বিৰত থাকিবলৈ দাবী জনায়৷ কাৰ্যসূচীত বিশিষ্ট নাট্যকাৰ পৰিচালক সীমান্ত ফুকন, জনসাংস্কৃতিক পৰিষদৰ যোৰহাট জিলা সমিতি তথা যোৰহাট ড্ৰামা একাডেমীৰ ৰাজীৱ দত্ত, সাংস্কৃতিক কৰ্মী ৰাজেন ৰাজ, মহেন্দ্ৰ কুমাৰ খনিকৰ, যোগমায়া বাউৰী, জিতেন তাঁতীকে ধৰি অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷ নাট্যকাৰ পৰিচালক সীমান্ত ফুকনে জনমতৰ প্ৰতি সঁহাৰি জনাই ‘লভিতা’ৰ বিকৃত ৰূপৰ প্ৰদৰ্শন বন্ধ কৰিবৰ বাবে আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰৰ প্ৰতি আহ৩ান জনাইছে৷ অন্যথা এই প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমতে ৰূপায়ণ কৰা হ’ব বুলি সতৰ্ক কৰি দিয়ে৷ ফুকনে আৱাহন থিয়েটাৰৰ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা আয়োজক সমিতিসমূহে বিকৃত নাটক প্ৰদৰ্শন কৰিবলৈ দিয়া নহ’ব বুলি থিয়েটাৰৰ প্ৰযোজকক অৱগত কৰিবৰ বাবেও আহ৩ান জনাইছে৷
আৱাহন থিয়েটাৰ, অভিজিৎ-প্ৰস্তুতিক বৰ্জনৰ আহ্বান নতুন সাহিত্য পৰিষদৰ
জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটকৰ চৰিত্ৰ, কাহিনী, সংলাপৰ অপ ব্যৱহাৰ কৰা দুষ্কাৰ্যৰ নতুন সাহিত্য পৰিষদে তীব্ৰ প্ৰতিবাদ জনাইছে৷ অসমৰ সাহিত্য সংস্কৃতিৰ সৈতে যুক্ত সংগঠনসমূহে একমুখে এনে দুষ্কাৰ্যৰ সময়োচিত আৰু সবল বিৰোধিতা কৰি নাট প্ৰণেতাগৰাকীক ক্ষমা খোজাৰ লগতে আৱাহন থিয়েটাৰক নাটকখনৰ প্ৰদৰ্শন বন্ধ কৰিবলৈ সঠিক দাবী জনাইছে৷ আ(ৰ্যৰ বিষয় যে এনে কাৰ্যৰ বাবে জ্যোতিপ্ৰসাদ অনুৰাগীসকলৰ একেমুখে কৰা দাবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে নাটকখনৰ নতুন নাম ৰাইজক ঠিক কৰাৰ বাবে নাটকখনৰ প্ৰণেতা অভিজিৎ ভট্টাচাৰ্যই উদ্ভট প্ৰস্তাৱ আগবঢ়াই আৰু এক ধৃষ্টতাৰ পৰিচয় দিছে৷ এনে ওভটগোৰ আচৰণ আৰু এক বাতুলতা৷ নাটখনিত বৰ্তমানৰ শাসকগোষ্ঠীৰ মনযোগাবলৈ মূল ‘লভিতা’ৰ বন্দে মাতৰম ধবনি সলাই’ ভাৰত মাতা কি জয় ‘কৰা হৈছে বুলি ভাবিবৰ যথেষ্ট থল আছে৷ মাৰ্কেটিঙৰ প্ৰদূষণেৰে আমাৰ মহৎ ঐতিহ্যৰ সংস্কৃতিৰ ওপৰত চলোৱা এনে ঘৃণ্য আক্ৰমণক নতুন সাহিত্য পৰিষদে দ্ব্যৰ্থহীনভাষাত গৰিহণা দিছে৷ জোতিপ্ৰসাদক মাৰ্কেটিঙৰ মতলবত ব্যৱহাৰ কৰা নাট্যকাৰ আৰু সংশ্লিষ্ট নাট্যগোষ্ঠীৰ বোধোদয় নহলে উভয় পক্ষকে বৰ্জনৰ বাবে সাহিত্য সংগঠনটিয়ে এক অসমবাসীলৈ আহ৩ান জনাইছে৷
আৱাহনৰ ‘লভিতা’ৰ মঞ্চায়ন বন্ধ কৰকঃ অসম নাট্য সন্মিলন
সম্প্ৰতি অসমৰ সাংস্কৃতিক-ৰাজনৈতিক জগতত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ নাটকখনক কেন্দ্ৰ কৰি যথেষ্ট চৰ্চা চলি আছে৷ অসমীয়া জাতিৰ কলা-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰসৃষ্টি ‘লভিতা’ নামৰ নাটকখন বিকৃত তথা মনেসজা ধ্যান-ধাৰণাৰে অসমৰ অন্যতম ভ্ৰাম্যমাণ নাট্যদল ‘আৱাহন থিয়েটাৰে’ মঞ্চস্থ কৰা কাৰ্যক অসম নাট্য সন্মিলনে তীব্ৰ প্ৰতিবাদ জনাইছে৷ অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে অলপতে প্ৰকাশ কৰা এটা বিবৃতিত এনেকুৱা জনপ্ৰিয় নাট্যদল আৱাহন থিয়েটাৰে অসমীয়া জাতিৰ আবেগ জড়িত হৈ থকা ৰূপকোঁৱৰৰ অনবৈদ্য সৃষ্টি ‘লভিতা’ক বিকৃত উপস্থাপনেৰে নতুন প্ৰজন্মৰ মাজলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিৰ এক ভুল আৰু সংগতিহীন বাৰ্তা কঢ়িয়াই নিব বুলি শংকা প্ৰকাশ কৰিছে৷ লভিতা নাটকখনৰ কেইবাটাও মৌলিক উপাদানক বিকৃত ৰূপত উপস্থাপন কৰি ৰূপকোঁৱৰৰ মহান সৃষ্টিক অপমান কৰা কাৰ্য অতি নিন্দনীয় বুলি অসম নাট্য সন্মিলনে মত প্ৰকাশ কৰাৰ লগতে একমাত্ৰ ব্যৱসায়িক স্বাৰ্থ আগত ৰাখি অসমৰ স্বনামধন্য নাট্যকাৰসকলৰ মৌলিক সৃষ্টিক যাতে কোনো কাৰণতে অশুদ্ধ, বিকৃত আৰু নিজৰ খেয়ালী মনোভাৱেৰে উপস্থাপন কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে৷ উল্লেখ্য যে, অসম নাট্য সন্মিলনে ২০২১ চনৰ ২ ডিচেম্বৰতেই অসমৰ সাংস্কৃতিকমন্ত্ৰী আৰু সাংস্কৃতিক সঞ্চালকক দিয়া এক স্মৰক-পত্ৰযোগে ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শক ফৰামে কৰা অভিযোগৰ ভিত্তিত ৰূপকোঁৱৰৰ সৃষ্টিক আঘাত সানিব পৰা কাৰ্য বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল৷ অসম নাট্য সন্মিলনে যিসকলে আৱাহন থিয়েটাৰক আমন্ত্ৰণ কৰিছে সেই সমিতিসমূহক ‘লভিতা’ নাটকখন মঞ্চস্থ কৰাৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনাইছে৷ সময় থাকোঁতে অসমৰ ৰাইজে এনে বিকৃতকৰণৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ অমিয়াসৃষ্টি নাট, ভাওনা, ঘোষা আৰু বৰগীতৰ মৌলিকতাক ধবংস কৰি নিজৰ মতে উপস্থাপন কৰাৰ চেষ্টা কৰিব বুলি অসম নাট্য সন্মিলনে আশংকা প্ৰকাশ কৰিছে৷
আৱাহনৰ ‘লভিতা’ দুষ্কৃতিৰ নামান্তৰঃ প্ৰদেশ কংগ্ৰেছ
ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰৰ মঞ্চত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক ‘লভিতা’ক বিকৃত ৰূপত পৰিবেশন কৰাক তীব্ৰ গৰিহনা দি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জোষ্ঠ মুখপাত্ৰ আৰু ভাৰত জোড়ো যাত্ৰা’ৰ ৰাজ্যিক সমন্বয়ক ৰমেন চন্দ্ৰ বৰঠাকুৰে শীঘ্ৰে আৱাহন থিয়েটাৰ দ্বাৰা প্ৰদৰ্শিত নাটকখন বাতিল কৰাৰ দাবী উত্থাপন কৰে৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টিক সস্তীয়া জনপ্ৰিয়তা লাভৰ স্বাৰ্থত তথা ব্যৱসায়িক মুনাফা লাভৰ বাবে সম্পৰীক্ষা চলোৱা কাৰ্যক এক দুষ্কৃতি আখ্যা দি বঠাকুৰে কয় যে যি গৰাকী মহান শিল্পীয়ে ওৰেটো জীৱন অসমীয়া জাতিৰ শিল্পকলাৰ সংবন্ধন আৰু প্ৰণালীবদ্ধ সংৰক্ষণৰ হকে মাত মাতি আহিছিল, সেইজনা মহান শিল্পীৰ অমুল্য সৃষ্টিৰাজিৰ ইচ্ছাকৃত বিকৃতকৰণত কোনো বিবেকবান লোকে মনে মনে বহি থাকিব নোৱাৰে শাসকীয় দলৰ সমৰ্থন আৰু আশিস লাভ কৰাৰ উদ্দেশ্যেৰে তথা শাসনাধিস্থিত গেৰুৱা দলৰ সন্তুষ্টিৰ বাবে ৰূপকোঁৱৰৰ সৃষ্টিত হাত দিয়া কাৰ্য দুস্কৃতিৰ নামান্তৰ বুলি উল্লেখ কৰি বৰঠাকুৰে এনে হঠকাৰী অসংস্কৃতিমূলক নাট পৰিৱশনৰ বাবে নাটখনৰ বিতৰ্কিত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু আৱাহনৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰক অসম বাসীৰ ওচৰত নিঃচত ক্ষমা খুজিবলৈ আহ৩ান জনায়৷ লগতে পৰৱৰ্তী সময়ত অসমৰ জাতীয় জীৱনৰ অমৰ সৃষ্টি বুলি পৰিগণিত কোনো সাহিত্য বা শিল্পকৰ্মক কোনোৱে যাতে ব্যৱসায়িক লাভৰ স্বাৰ্থত বিকৃত কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ণ কৰিবলৈও কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ জনে অসম চৰকাৰক আহ্বান জনায়৷