Logo
image

হিজাব বিতৰ্কঃ ঐকমতত উপনীত হ’ব নোৱাৰিলে শীৰ্ষ আদালতৰ ২ ন্যায়াধীশ

আমাৰ অসম, ১৪ অক্টোবৰঃ হিজাব বিতৰ্ক সংক্ৰান্তত কৰ্ণাটক উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক লৈ উচ্ছতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ ঐক্যমতত উপনীত হ’ব নোৱাৰিলে৷ এই সন্দৰ্ভত অৱশেষত ন্যায়াধীশ হেমন্ত গুপ্ত আৰু ন্যায়াধীশ শুধাংশু ধুলীয়াৰ বিচাৰপীঠে ‘খণ্ডিত ৰায়’ প্ৰদান কৰে৷ উল্লেখ্য যে যোৱা ১৫ মাৰ্চত কৰ্ণাটক উচ্ছ ন্যায়ালয়ৰ ৰায়ত হিজাব পৰিধান কৰাটো ধৰ্মীয় আচৰণৰ প্ৰয়োজনীয় অংগ হিচাপে বিবেচনা কৰাটো উচিত নহয় বুলি কোৱা হৈছিল৷ কিন্তু বৃহস্পতিবাৰে শীৰ্ষ আদালতখনৰ খণ্ড বিচাৰপীঠে প্ৰদান কৰা খণ্ডিত ৰায়ৰ ফলত বিষয়টো এতিয়া উচ্ছতৰ বিচাৰপীঠলৈ স্থানান্তৰ হয়৷ স্মৰ্তব্য যে যোৱা ফেব্ৰুৱাৰী মাহত কৰ্ণাটকৰ বিজেপি চৰকাৰে হিজাবক লৈ চলি থকা বিতৰ্কৰ মাজতে শিক্ষানুষ্ঠানৰ পোছাক সন্দৰ্ভত এক নিৰ্দেশনা দিয়ে৷ ১৯৮৩ চনৰ শিক্ষা আইনৰ উদ্ধৃতি দি প্ৰদান কৰা উক্ত নিৰ্দেশনাটোত কোৱা হয় যে এতিয়াৰে পৰা বিদ্যালয় বা মহাবিদ্যালয় কতৃৰ্পক্ষই নিৰ্দিষ্ট কৰি দিয়া পোছাকহে শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানলৈ পৰিধান কৰি আহিব লাগিব৷ কিন্তু যিবোৰ শিক্ষানুষ্ঠানৰ কোনো নিৰ্দিষ্ট পোছাক বিধি নাই, তাত এনে ধৰণৰ পোছাক পৰিধান কৰাটো উচিত নহ’ব যিবোৰ পোছাকে শিক্ষানুষ্ঠানখনৰ ভাৰসাম্য, ঐক্য আৰু শৃংখলা বিনষ্ট কৰে৷ কৰ্ণাটক চৰকাৰে আদালতক জনোৱা মতে উক্ত নিৰ্দেশনাৰ সৈতে সাম্প্ৰদায়িকতাৰ কোনো সম্পৰ্ক নাই৷ ইয়াৰ পাছতে বিষয়টোক লৈ কেইগৰাকীমান মুছলমান ছাত্ৰীয়ে কৰ্ণাটক উচ্ছ ন্যায়ালয়ত এক ৰীট আবেদন দাখিল কৰে৷ আবেদনত তেওঁলোকে দাবী কৰে যে হিজাব পৰিধান কৰাটো মৌলিক অধিকাৰৰ ভিতৰত পৰে৷ গতিকে উক্ত অধিকাৰ খৰ্ব কৰাটো উচিত নহয়৷ কিন্তু ১৫ মাৰ্চত উচ্ছ ন্যায়ালয়খনে সেই আবেদন খাৰিজ কৰি হিজাব পৰিধান কৰাটো ধৰ্মীয় দৃষ্টিৰে লোৱাটো উচিত নহয়৷