Logo
image

শদিয়াৰ পৰা সম্বলপুৰলৈ লক্ষ্মীনাথ স্মৰণ

আমাৰ অসম, ১৫ অক্টোবৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক ১৫৮সংখ্যক জয়ন্তীত শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ সৰ্বত্ৰ স্মৰণ কৰা হয়৷ লক্ষ্মীনাথ বেজবৰুৱাৰ ওড়িষ্যাৰ সম্বলপুৰতো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে বৃহস্পতিবাৰে উদ্‌যাপন কৰে সাহিত্যৰথীৰ ১৫৮ সংখ্যক জন্মদিন৷ আনহাতে আজি কলকাতাৰ অসম ভৱনৰ আবাসীক আয়ুক্ত তাপশ দেৱে বন্তি প্ৰজ্বলনেৰে সাহিত্যৰথী গৰাকীৰ জন্ম দিন উদ্‌যাপন কৰা হয়৷ সম্বলপুৰত গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উদ্‌যাপন অনুষ্ঠানত অসমৰ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড॰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যই ভাষণত কয়-সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক ওড়িয়া আৰু অসমীয়া সাহিত্যৰ মাজৰ আটাইতকৈ উল্লেখযোগ্য দলং হিচাপে প্ৰমাণ কৰিব পাৰি৷ ওড়িয়া আৰু অসমীয়া সাহিত্যৰ তুলনামূলক অধ্যয়নৰ বাবে এচাৰ্ট হ’ব বুলি তেওঁ ভাষণত কয়৷ প্ৰাক্তন উপাধ্যক্ষ ড॰ ভট্টাচাৰ্য সম্বলপুৰ ভ্ৰমণলৈ যোৱাৰ সময়ত তেওঁ চৌধুৰীৰ সৈতে জি এম বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ওচৰত সৌজন্যমূলক সাক্ষাৎ কৰে৷ ড॰ ভট্টাচাৰ্যই যেতিয়া ইংৰাজীত কথা পাতিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ড॰ এন নাগাৰাজুৱে অসমীয়াত সঁহাৰি দিবলৈ আৰম্ভ কৰিছিল৷ তেওঁ ক’লে যে তেওঁ কেতিয়াবা অসমত আছিল আৰু অসমীয়া ভালকৈ জানে৷ জি এম বিশ্ববিদ্যালয়ৰ ওড়িয়া আৰু সংস্কৃত বিভাগৰ উদ্যোগত আয়োজিত এক যুটীয়া সভাত ড॰ ভট্টাচাৰ্যক বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা হয়৷ ভট্টাচাৰ্যই বেজবৰুৱাৰ লেখাত সম্বলপুৰ অঞ্চলৰ ছ’চিয়েল কালচাৰেল ছিনাৰিউৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বেজবৰুৱাৰ লেখা আৰু জীৱনৰ মাজেৰে গৈ তুলনামূলক অধ্যয়ন কৰিবলৈ আহ্বান জনায়৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ আহ্বায়ক দীপক পাণ্ডাই এই উপলক্ষে ভাষণ দি ছাত্ৰ-ছাত্ৰীসকলক সম্বলপুৰৰ সৈতে বেজবৰুৱাৰ সম্পৰ্ক আৰু তেওঁৰ সাহিত্যিক অৱদানৰ বিষয়ে অৱগত কৰে৷ বিশিষ্ট কবি তথা জি এম বিশ্ববিদ্যালয়ৰ ভীম ভোই চকীৰ অধ্যাপক ড॰ প্ৰদীপ পাণ্ডাই বিভিন্ন ভাষাত তুলনামূলক অধ্যয়ন আৰু অনুবাদৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ যদিও চিত্ৰনাট্যসমূহ বেলেগ সাহিত্য এক, ইয়াৰ লক্ষ্য আৰু বস্তু সমগ্ৰ বিশ্বৰ মাজেৰে এক৷ তেওঁ কয় যে সম্বলপুৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে বেজবৰুৱাৰ লেখা পঢ়িব লাগিব৷ ওড়িয়াৰ বিভাগৰ মুৰব্বী ড॰ লক্ষ্মীপ্ৰিয়া বেহেৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ধন্যবাদ জ্ঞাপন কৰে জি এম বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ এইচ অ’ ডি ড॰ সুনেলী দেইয়ে৷ গৱেষক পণ্ডিতসকলে বেজবৰুৱা আৰু তেওঁৰ লেখাৰ বিষয়ে কিছু প্ৰশ্ন উত্থাপন কৰে৷ আনহাতে, গুৱাহাটীতো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ভাষণত কয়-লক্ষ্মীনাথ বেজবৰুৱা ১৫৮সংখ্যক জয়ন্তীত সাহিত্যৰথী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ৷ কম বয়সতে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষাৰ উন্নতিৰ বাবে কাম কৰি গৈছিল৷ অনুষ্ঠানত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰী, সম্পাদক ৰণ্টু ডেকা, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বসন্ত কুমাৰ ভূঞা উপস্থিত থাকে৷

আঁহতগুৰিত ৰসৰাজৰ জন্ম দিৱস উদ্‌যাপন

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৮ সংখ্যক ওপজা দিনটো বেজবৰুৱাৰ জন্মস্থান ৰহাৰ নিকটৱৰ্তী মৰিগাঁও জিলাৰ আঁহতগুৰিৰ কপিলী পাৰত থকা বেজবৰুৱাৰ জন্মস্থানত শুকুৰবাৰে পালন কৰা হয়৷  দুদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে উদ্‌যাপন কৰা মৰিগাঁও জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই দিৱসটো আঁহতগুৰি ৰাইজ, আঁহতগুৰি শাখা সাহিত্য সভা, অসম সাহিত্য সভাৰ লগতে জিলা প্ৰশাসনৰ লোকেও অংশগ্ৰহণ কৰে৷  ভূমিষ্ঠ নহৈ নৌকাস্থ হোৱা সাহিত্যৰথীৰ জন্মস্থান আঁহতগুৰিতো অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷  আঁহতগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে আঁহতগুৰি শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ দাসে, প্ৰাক্তন প্ৰধান শিক্ষক বিষ্ণু ডেকাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে অসম সাহিত্য সভাৰ হৈ যুৱ সংসদৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰ্মনে বেজবৰুৱাৰ প্ৰতিমূতিৰ্ত মাল্যাৰ্পণ কৰে৷ সমূহীয়া পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচীটো মুকলি কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত সৌৰভ কুমাৰ দাসে৷ শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখা সাহিত্য সভাৰ সম্পাদক ভোগৰাম দাসে৷ সভাখনত মৰিগাঁও জিলা সাহিত্য সভাৰ সহঃ সম্পাদক প্ৰমোদ দাস, সাহিত্যৰথী বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুৎ চৌধুৰী,  সম্পাদক ৰন্তু ডেকা, পূব-উত্তৰ খোলা সমবায় সমিতিৰ সভাপতি নৱজ্যোতি দাস, আঁহতগুৰি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় সত্যহাস দাস, বিষ্ণু ডেকা, সমাজকৰ্মী ভবেন দাস,  শাখা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি শিৱ হাজৰিকা,  লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক গকুল দাস, আঁহতগুৰি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য দিগন্ত কৈবত্তৰ্ৰ লগতে স্থানীয় লোক, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে৷ আয়োজকসকলে মৰিগাঁও জিলা প্ৰতিষ্ঠা দিৱসৰ লগত ৰসৰাজ বেজবৰুৱাৰ জন্মদিনটো একেদিনাই হোৱাত আনন্দ প্ৰকাশ কৰি ভৱিষ্যতে জিলা প্ৰশাসনে এই দিৱসৰ লগত সংগতি ৰাখি বেজবৰুৱাৰ জন্মদিনটো পালন কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে৷