Logo
image

ভাং ভাং বান্ধ ভাং

গোগামুখ উত্তাল

এনএইচপিচিৰ জলবোমা উৎখাতৰ দাবী

আমাৰ অসম, ১৫ অক্টোবৰঃ সোৱণশিৰি নদীৰ ওপৰত গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ধাৰাবাহিকভাৱে ভূমিস্খলন হৈ থকাৰ সময়তে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আজি গেৰুকামুখত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ জলবোমাসদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবীত আজি গেৰুকামুখৰ এন এইচ পি চিত কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ-দ্বাৰত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পূৰ্বে আন্দোলন কৰা বিজেপিয়ে এতিয়া নদীবান্ধৰ সপক্ষে ওকালতি কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিয়ে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দায়াৰ দাবীত শতাধিক প্ৰতিবাদকাৰীয়ে এন এইচ পিচিৰ মুখ্য প্ৰৱেশ-দ্বাৰৰ সন্মুখত প্ৰতিবাদ কৰি গেৰুকামুখ পাহাৰ কঁপাই তোলে৷ পাচনি কেম্পৰ পৰা পদব্ৰজে গৈ গেৰুকামুখৰ সু-উচ্ছ পাহাৰত কৃষক মুক্তিৰ প্ৰতিধবনিত নিনাদত এন এইচ কতৃৰ্পক্ষও শংকিত হৈ পৰে৷ কৃষক মুক্তিয়ে জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা এন এইচ পিচি গ’ বেক, বৃহৎ নদীবান্ধ ভাঙি দিয়ক, বিজেপি চৰকাৰ হায়, হায়, ইত্যাদি শ্ল’গানেৰে গেৰুকামুখৰ আকাশ-বতাহ কঁপাই তোলে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই অভিযোগ কৰি কয়- গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে আই আই টিৰ বিশেষজ্ঞই স্পষ্টভাৱে প্ৰতিবেদনত উল্লেখ কৰিছিল যে, গেৰুকামুখৰ যি ঠুনুকা পাহাৰত নদীবান্ধ নিৰ্মাণ কৰা হৈছে সেই পাহাৰটো অতি বালিয়া৷ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই বান্ধ ভাঙি পৰাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ বিশেষজ্ঞৰ সেই কথাকে সত্য প্ৰমাণিত হৈছে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই মন্তব্য কৰে৷ সোৱণশিৰি বান্ধ প্ৰকল্প বন্ধ হ’বই লাগিব বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনোৱাৰ লগতে অনাগত সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলিও হুংকাৰ দিয়ে৷ ইফালে সদৌ অসম ছাত্ৰ সন্থাইয়ো  শনিবাৰে এন এইচ পিচিত বৃহৎ মানৱ-শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব৷ আনহাতে, ১৬ অক্টোবৰত সাংসদ তথা তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ এটা দলে  গেৰুকামুখৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সদৰি কৰিছে৷ উল্লেখনীয় কথা যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণস্থালীত আজিও ভূমিস্খলন অব্যাহত আছে৷ একেদৰে গাৰ্ডৱাল ভাঙি সোমাই অহা সোৱণশিৰিৰ পানীয়ে প্ৰকল্পটোৰ মূল চালিকা শক্তি পাৱাৰ হাউচটো একপ্ৰকাৰে আজিও বুৰাই ৰাখিছে৷ ইতিপূৰ্বে গেৰুকামুখৰ পাহাৰ খহি প্ৰকল্পটোৰ ২ নং আৰু ৫ নং ডাইভাৰ্ছন টানেল দুটা বন্ধ হৈ পৰাৰ ফলত প্ৰকল্পস্থলীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আজি কৃষক মুক্তিৰ প্ৰতিবাদী নেতাসকলে কয় যে অসমৰ সম্পদ লুণ্ঠন কৰি কেন্দ্ৰক চহকী কৰা বিজেপি নেতৃত্বক অসমৰ পৰা কেতিয়াও বিদ্যুৎ লুণ্ঠন কৰিবলৈ দিয়া নহ’ব৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী বিষয়া আৰু দণ্ডাধীশে বাধা দিয়াত কৃষক মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আকাশ দলেই কয় যে, অসমবাসী ৰাইজৰ চিৰশত্ৰু এন এইচ পি চিক ৰক্ষণাৱেক্ষণ দিবলৈ গৈ গণতান্ত্ৰিক প্ৰতিবাদকাৰীক হাৰাশাস্তি কৰাতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও সহ্য নকৰে৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি অহা ভাবুকিক প্ৰতিহত কৰিবলৈ কৃষক মুক্তিয়ে সকলো বাধা অতিক্ৰম কৰি জনসাধাৰণক সন্মুখৰ পৰা নেতৃত্ব দিব বুলি সকীয়াই দিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ধেমাজি আৰু লখিমপুৰ জিলা সমিতিৰ উদ্যোগত গোগামুখ আৰু বৰদলনি আঞ্চলিকৰ সহযোগত প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত ধেমাজি জিলাৰ সভাপতি ভৱেন হালৈ, ভৱেশ পেগু, ধেমাজি জিলা কাৰ্যকৰী সভাপতি বাবলি আহমেদ, সাধাৰণ সম্পাদক পাপু ডেকা, দুৰ্গা বৰা, লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আব্দুল মান্নান, ইচাফুল হুছেইন, সাধাৰণ সম্পাদক ৰাজ্জাক আলিয়ে অংশগ্ৰহণ কৰে৷ আজিৰ কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ছৈইফ পাৱ, সহকাৰী সম্পাদক দেৱজিৎ বৰুৱা, বিত্ত সম্পাদক প্ৰদীপ হালৈ, সাংগঠনিক সম্পাদক চাহানুৰ ইছলাম আদি উপস্থিত থাকে৷

নদীবান্ধৰ বিৰুদ্ধে ঠংচি

নদীবান্ধৰ ক্ষেত্ৰত সদায় বিৰোধিতা কৰি অহা অৰুণাচলৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে গেৰুকামুখত নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্প চৰকাৰৰ এক ভুল সিদ্ধান্ত বুলি অভিহিত কৰে৷ শুকুৰবাৰে তেজপুৰত এই সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ কয়– মই নিজকে নদীবান্ধবিৰোধী বুলি কওঁ৷ কিছুদিন পূৰ্বে গেৰুকামুখৰ পৰিৱেশ প্ৰত্যক্ষ কৰিছোঁ৷ ভাৰতৰ বহু ডাঙৰ বান্ধ মই দেখিছোঁ৷ যিসমূহ ঠাইত নদীবান্ধৰ প্ৰকল্প গঢ়ি তোলা হৈছে সেই অঞ্চলসমূহ প্ৰকৃতিগতভাৱেই অনুপযোগী বুলি মই পূৰ্বৰ পৰাই কৈ আহিছোঁ৷ মোৰ সেই কথা শেহতীয়াকৈ এই প্ৰকল্পলৈ অহা প্ৰাকৃতিক দুৰ্যোগেই প্ৰতিপন্ন কৰিছে৷

আজি গেৰুকামুখত আছুৰ মানৱ শৃংখল

নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰা, অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ বিশেষজ্ঞৰ পৰামৰ্শ আওকান কৰি নামনি সোৱণশিৰী বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ ফলত প্ৰকল্পটোত শেহতীয়াকৈ সৃষ্টি হোৱা নিৰাপত্তাহীনতাৰ পৰিস্থিতিৰ বাবে প্ৰকল্পটোৰ কাম বন্ধ কৰাৰ দাবীত শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ ধেমাজি আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰ আৰু এন এইচ পি চিৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– অসমৰ বিশেষজ্ঞ সমিতি আৰু অসমৰ বিশেষজ্ঞৰ বিজ্ঞানসন্মত পৰামৰ্শ নুশুনি আকোৰগোজ মনোভাৱেৰে, বলপূৰ্বকভাৱে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম চলাই থকাৰ বাবে শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ কৰ্মৰত শ্ৰমিকৰ জীৱন কোনোমতেহে ৰক্ষা পৰিল৷ প্ৰকল্পটোৰ নামনিত বসবাস কৰা জনসাধাৰণৰ নিৰাপত্তাহীনতাৰ কথা পুনৰ প্ৰতিফলন ঘটিল৷ এনে পৰিস্থিতিত নামনি সোৱণশিৰী জলবিদু্যৎ প্ৰকল্পৰ কাম কেন্দ্ৰীয় চৰকাৰ আৰু এন এইচ পি চিয়ে অতিশ্ৰীঘ্ৰে বন্ধ কৰক৷ ৰঙানদী বান্ধ, কুৰিশ্ব বান্ধ, কপিলী বান্ধৰ পৰা চৰকাৰে শিক্ষা লোৱা উচিত৷ ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয়৷ কিন্তু যি বৃহৎ নদীবান্ধে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিঃশেষ কৰিব, তেনে নদীবান্ধ নালাগে৷ চৰকাৰে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক সন্মান জনাওক৷ বৃহৎ নদীবান্ধৰ কাম বন্ধ হ’বই লাগিব৷  এই নদীবান্ধ বন্ধৰ দাবীত শনিবাৰে গেৰুকামুখত ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিব৷ নামনিত বাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব৷