Logo
image

চাহ, অসমীয়াক শলাগি উভতিল ৰাষ্ট্ৰপতি মুৰ্মু

আমাৰ অসম, ১৫ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ ৰক্ষা কৰি পুনৰবাৰ অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দি দুদিনীয়া ভ্ৰমণ সামৰি শুকুৰবাৰে দুপৰীয়া নতুন দিল্লীলৈ উৰা মাৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ ইয়াৰ পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ ক’লাক্ষেত্ৰত অসম চৰকাৰ তথা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, ৰে’ল মন্ত্ৰণালয়ৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ এক কাৰ্যসূচীত ভাগ লয় ৰাষ্ট্ৰপতি মুৰ্মুৱে৷ উল্লেখ্য যে এই অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰকৃতি, সংস্কৃতি আৰু জীৱনশৈলীক ওচৰৰ পৰা চোৱাৰ বাবে পুনৰবাৰ অসমৰ চাহ বাগিচা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে ৰাষ্ট্ৰপতি মুৰ্মুক আমন্ত্ৰণ জনায়৷ চাহ জনজাতিৰ  অসমৰে চান্থাল বেটী বুলি ৰাষ্ট্ৰপতি মুৰ্মুক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ প্ৰত্যুত্তৰত নিজৰ ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে– ‘এইখন ৰাজ্য মোৰো ৰাজ্য৷ মইতো অসমলৈ আহিবই লাগিব৷ অসমীয়া মানুহৰ আদৰ-আপ্যায়নত মই অভিভূত হৈছোঁ৷’ অসমৰ চাহক প্ৰশংসা কৰি  ৰাষ্ট্ৰপতিয়ে মুৰ্মুৱে কয় যে অসমৰ চাহ বাগান আৰু চাহৰ সমগ্ৰ দেশতে নাম আছে৷ দেশৰ মুঠ চাহ উৎপাদনৰ ৫০ শতাংশই অসমৰে৷ আজি চাহ বাগিচাৰ ১০০খন মডেল স্কুলৰ  শিলান্যাস কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো৷ উল্লেখ্য যে শুকুৰবাৰে পুৱাই কামাখ্যা মন্দিৰত সেৱা লয়  ৰাষ্ট্ৰপতি মুৰ্মুৱে৷ ইয়াৰ পাছতে তেওঁ কলাক্ষেত্ৰৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহে৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে চুইছ টিপি ভাৰ্চুৱেলী চাহ বাগিচাৰ ১০০খন মডেল স্কুলৰ লগতে ৩০০০খন মডেল অংগনাৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ লগতে শিলচৰৰ মইনাৰবন্দত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ ৰে’লহেড ডিপো এটা উদ্বোধন কৰে৷ দুটা ঘাইপথ প্ৰকল্প মুকলি কৰাৰ লগতে আন দুটা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ গুৱাহাটীৰ আগিয়াঠুৰীত আধুনিক কাৰ্গো-কাম-কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে মুৰ্মুৱে৷ তেওঁ গুৱাহাটীৰ পৰা লামডিং পাছলৈ শুখুভি [নাগালেণ্ড] আৰু মন্দিপথাৰ [মেঘালয়] লৈ এখন ৰে’লৰো শুভাৰম্ভ কৰে৷ এই প্ৰকল্পসমূহৰ শুভাৰম্ভ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে  আঁচনিসমূহৰ সফল ৰূপায়ণে ব্যৱসায় আৰু নিযুক্তিৰ ক্ষেত্ৰত নতুন সুযোগ প্ৰদান কৰিব৷ পৰিবহণৰ সুবিধা বৃদ্ধি কৰিব আৰু অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অৰ্থনীতিক বিকাশ শক্তিশালী কৰিব৷ ৰাষ্ট্ৰপতিয়ে কয় যে উন্নত আন্তঃগাঁথনি হৈছে যিকোনো ৰাজ্যৰ বিকাশৰ আধাৰ৷ উত্তৰ-পূৰ্বাঞ্চল হৈছে ভাৰতৰ ‘এক্ট ইষ্ট পলিচী’ৰ কেন্দ্ৰবিন্দু৷ কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলত আন্তঃগাঁথনি আৰু সংযোগৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে৷ তেওঁ কয় যে অসমৰ উন্নয়ন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উন্নয়নৰ ইঞ্জিন হিচাপে বিবেচিত হ’ব পাৰে৷ উত্তৰ-পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ৷ ভাৰতৰ মুঠ খাৰুৱা তেল উৎপাদনৰ ১৩ শতাংশ অসমে কৰে৷ লগতে, ভাৰতৰ মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ ১৫ শতাংশ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আহে৷ আজি মইনাৰবন্দত উদ্বোধন কৰা অত্যাধুনিক ডিপোটোৱে সমগ্ৰ বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ ৰাষ্ট্ৰপতিয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে পথ আৰু ৰে’ল সংযোগৰ প্ৰতি বিশেষ মনোযোগ দিছে৷ ৰাষ্ট্ৰপতিয়ে কয় যে মহিলা আৰু শিশুসকলৰ সুৰক্ষা আৰু চৌপাশৰ বিকাশ এক সভ্য সমাজৰ লক্ষণ৷ অসমত মহিলা আৰু শিশুসকলৰ বাবে বিভিন্ন সেৱাক অধিক সৱলীকৃত কৰাৰ বাবে আজি আৰম্ভ কৰা ৩০০০টা মডেল অংগনাৱাড়ী কেন্দ্ৰ এক প্ৰশংসনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ 

দ্ৰৌপদী মুৰ্মু লাখ লাখ ভাৰতীয়ৰ বাবে প্ৰেৰণাৰ উৎসঃ মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ অনুষ্ঠানটোক অসমৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান  বুলি অভিহিত কৰিব পাৰি৷ অত্যন্ত ব্যস্ত চৰকাৰী কাৰ্যসূচীৰ মাজতো অসম ভ্ৰমণ কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে ওড়িশাৰ এখন দুৰ্গম গাঁৱৰ পৰা দেশৰ সৰ্বোচ্ছ কাৰ্যালয়লৈ কৰা যাত্ৰা লাখ লাখ লোকৰ বাবে প্ৰেৰণা আৰু উদ্বুদ্ধ কৰাৰ উৎস বুলি অভিহিত কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভাৰতৰ জনজাতীয় সমাজক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰপতি মুৰ্মু সমাজ আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ দিশত নিঃস্বাৰ্থ সেৱাৰ প্ৰতীক৷ ৰাজ্যৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশত চাহ জনগোষ্ঠীৰ লোকসকলৰ অপৰিসীম অৱদানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বৰ্তমানৰ ছত্তিশগড়, ঝাৰখণ্ড, ওড়িশা আদিৰ দৰে অঞ্চলৰ পৰা ব্ৰিটিচ যুগত হোৱা প্ৰব্ৰজনৰ ইতিহাসৰ সম্পৰ্কে চমু ৰূপৰেখা দাঙি ধৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ পৰিচয়ত চাহ জনগোষ্ঠীৰ লোকসকল এক অবিচ্ছেদ্য অংগ৷ তেওঁ কয় যে চাহ বাগিচা অঞ্চলত ১০০ খন নতুন চাহ বাগিচা আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে আজি যি আধাৰশিলা স্থাপন কৰা হ’ল ইয়ে চাহ জনগোষ্ঠীৰ লোকসকলৰ শিশুৰ শৈক্ষিক বিপ্লৱ সূচনা কৰাৰ দিশত অপৰিসীম অৰিহণা যোগাব৷ ইয়াৰ দ্বাৰা চাহ জনজাতি সম্প্ৰদায়ৰ শিশুসকলৰ মাজত আধাতে স্কুল এৰাৰ হাৰ ৰোধ কৰাৰ দিশত সহায়ক হৈ উঠিব৷ তেওঁ লগতে কয় যে চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে ৰাজ্যৰ ৯খন চিকিৎসা মহাবিদ্যালয় মুঠ ২৭খন আসন সংৰক্ষিত কৰা হৈছে৷ তেওঁ লগতে কয় যে প্ৰতি ৪খন চাহ বাগিচাৰ বাবে এখন হাইস্কুল আৰু প্ৰতি¸ ১৫খন চাহ বাগিচাৰ বাবে স্নাতক মহাবিদ্যালয় স্থাপনৰ বাবেও পৰিকল্পনা কৰা হৈছে৷

ৰাষ্ট্ৰপতিৰ সভাত সত্ৰাধিকাৰক অবমাননা, ক্ষুণ্ণ অসম সত্ৰ মহাসভা

গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনীয় মহাবিদ্যালয়ত ১৩ অক্টোবৰত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ সভালৈ আমন্ত্ৰিত সত্ৰাধিকাৰ সকলক বহুক্ষেত্ৰত অৱমাননা কৰাত ক্ষুণ্ণ হৈছে অসম সত্ৰ মহাসভা৷ মহাসভাৰ প্ৰথম আৰু প্ৰধান ক্ষোভটো হল যে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান অসমত সভাৰ আৰম্ভণিতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীতৰে শুভাৰম্ভ কৰা নহল কিয়৷ এইলৈ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই ঠাইতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অৱশ্যে সাংস্কৃতিক কাৰ্যক্ৰম খুবেই সুন্দৰ হৈছে যদিও সৰস্বতী বন্দনাৰ পৰিৱৰ্তে মহাপুৰুষৰ বৰগীতৰে অনুষ্ঠান আৰম্ভ কৰি বিহু গীতৰে সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি মৰা হলে অসমৰ জাতীয় সংস্কৃতিৰ বাৰ্তা ৰাষ্ট্ৰজুৰি প্ৰচাৰিত হলহেতেন বুলি সত্ৰাধিকাৰ সকলে অনুভৱ কৰে৷ সত্ৰাধিকাৰ সকলে উত্থাপন কৰা দ্বিতীয় গুৰুত্বপূৰ্ণ অভিযোগটো হল যে দেশৰ ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাল গৰাকীয়ে এবাৰলৈকো পুজ্যপাদ সত্ৰাধিকাৰ সকলক সম্বোধন নকৰিলে৷ উল্লেখ্য, অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৭০ জন সত্ৰাধিকাৰে সত্ৰৰ অতি ব্যস্ততা বাদ দি অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ আমন্ত্ৰণ ৰক্ষা কৰিবলৈ যথা সময়ত উপস্থিত আছিল৷ অৱশ্যে ধৰ্মগুৰু সকলে ৰাষ্ট্ৰপতি আৰু  ৰাজ্যপাল গৰাকীৰ ভাষণ প্ৰসংগত সভাৰ উদ্যোক্তা ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকলকে দোষাৰোপ কৰে৷ উক্তসভাত উপস্থিত থকা সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই চৰকাৰে পুজ্যপাদ সত্ৰাধিকাৰ সকলৰ প্ৰতি কৰা অৱমাননাক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সত্ৰাধিকাৰ সকলৰ প্ৰতি কৰা সন্মানসূচক সম্বোধনক ভূয়সী প্ৰশংসা কৰে আৰু আন্তৰিক আশীৰ্বাদ জ্ঞাপন কৰে৷ অনাগত দিনত এনে ধৰণৰ পৰিস্থিতি যাতে নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈও মুখ্যমন্ত্ৰীক অসম সত্ৰ মহাসভাৰ হৈ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই টানি অনুৰোধ জনায়৷