Logo
image

জেড প্লাছ নিৰাপত্তাৰে অধিক নিৰাপদ হ’ল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব

আমাৰ অসম, ১৫ অক্টোবৰঃ এতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেড প্লাছ পৰ্যায়ৰ নিৰাপত্তা লাভ কৰিব৷ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তেওঁৰ নিৰাপত্তা জেডৰ পৰা জেড প্লাছলৈ উন্নীত কৰিছে৷ এই সন্দৰ্ভত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ ভি আই পি চিকিউৰিটী ইউনিটে জাৰি কৰা জাননীত কোৱা হৈছে যে ড॰ শৰ্মাৰ নিৰাপত্তা ব্যৱস্থা অলপতে পৰ্যালোচনা কৰা হৈছিল৷ কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ সৈতে হোৱা আলোচনামৰ্মে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নিৰাপত্তা ব্যৱস্থা জেড প্লাছ কেটাগৰীলৈ উন্নীত কৰা হৈছে৷ এতিয়াৰে পৰাই তেওঁক সমগ্ৰ দেশত এই নিৰাপত্তা প্ৰদান কৰা হ’ব৷ উক্ত জাননী অনুসৰি, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰৰ অৰ্ধ সামৰিক বাহিনী হিচাপে চি আৰ পি এফক প্ৰদান কৰা হৈছে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  জেড কেটাগৰীৰ নিৰাপত্তা লাভ কৰিছিল৷ আৰু এই নিৰাপত্তা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত প্ৰযোজ্য আছিল৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে হায়দৰাবাদৰ এক জনসভাত তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ এজন সমৰ্থকে তেওঁৰ কাষ চাপি আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল৷ ইয়াৰ পাছত ড॰ শৰ্মাৰ নিৰাপত্তাক লৈ সংশ্লিষ্ট মহলত প্ৰশ্ন উত্থাপিত হৈছিল৷ অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মুখ্যমন্ত্ৰীজনক অসমৰ সৈতে সমগ্ৰ দেশত জেড প্লাছ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্তক জেড প্লাছ কেটাগৰীৰ নিৰাপত্তাবেষ্টনী প্ৰদান কৰা হৈছিল যদিও পিছত সেয়া হ্ৰাস কৰি জেড কৰা হৈছিল৷ লক্ষণীয়ভাৱে আজি গৃহ মন্ত্ৰণালয়ে জাৰি কৰা জাননীখনত ড॰ শৰ্মাক প্ৰদান কৰিবলগীয়া জেড প্লাছ পৰ্যায়ৰ নিৰাপত্তাৰ বৈশিষ্ট্যসমূহ বিস্তাৰিতভাৱে প্ৰকাশ কৰা নাই যদিও কেৱল চি আৰ পি এফৰ দ্বাৰাই তেওঁক এই নিৰাপত্তা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে জেড প্লাছ নিৰাপত্তা লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাষত দহজনকৈ উচ্ছ প্ৰশিক্ষিত কোব্ৰা কামাণ্ডো থাকিব৷ পূৰ্বৰ তুলনাত তেওঁৰ নিৰাপত্তা ৩০ৰ পৰা ৪০ শতাংশ বৃদ্ধি পাব৷ সমান্তৰালভাৱে বৃদ্ধি পাব কনভয়ৰ গাড়ীৰ সংখ্যা৷ মুখ্যমন্ত্ৰী উঠি যোৱা বাহনৰ কাষে কাষে দুখন ৰিং কাৰ থাকিব এতিয়াৰ পৰা৷ কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গ’লে আগদিনাই সুৰক্ষা কামাণ্ডো উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগিব৷ জেড প্লাছ কেটেগৰীত মুখ্যমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যা বৃদ্ধি পোৱা আৰু ৰিং কাৰৰ ফলত যানবাহন আৰক্ষীয়ে হয়তো মুখ্যমন্ত্ৰী যোৱা পথত সাধাৰণ যাত্ৰীৰ চলাচল বন্ধ কৰিবলগীয়াও হ’ব পাৰে৷ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত প্ৰতিনিয়ত ৩৫ৰ পৰা ৪০ জন কোব্ৰা কামাণ্ডো নিয়োজিত হ’ব৷  পূৰ্বৰ দৰে জনসভাত মুখ্যমন্ত্ৰীক ওচৰৰ পৰা সহজতে সাক্ষাৎ পোৱাটো ইমান সহজ নহ’ব৷ উল্লেখ্য যে সাধাৰণতে ভাৰতত জেড প্লাছ কেটাগৰীৰ নিৰাপত্তা ব্যৱস্থাত ১৫০ জনীয়া সুৰক্ষাকৰ্মী নিয়োজিত থাকে৷ য’ত থাকে ক’মেও ১০জন এন এছ জি কমাণ্ড৷  উল্লেখ্য যে, এই মুহূৰ্তত জেড প্লাছ কেটাগৰীৰ নিৰাপত্তা লাভ কৰা দেশৰ ভি আই পিসকল হৈছে কংগ্ৰেছৰ ৰাহুল গান্ধী, ছোনিয়া গান্ধী, কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ৷ মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জেড প্লাছ নিৰাপত্তা দিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে৷ এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰি কয় যে যিসময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সমগ্ৰ উত্তৰ-পূবতে শান্তি স্থাপন হোৱা বুলি দাবী কৰিছে, স্বয়ং মুখ্যমন্ত্ৰীয়েও ৰাজ্যলৈ শান্তি অহা বুলি বিধায়কৰ নিৰাপত্তা কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে, সেই সময়তে আচম্বিতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা জেডৰ পৰা জেড প্লাছ বৃদ্ধি কৰাটোৱে কি সূচাইছে৷