Logo
image

বিশ্বনাথৰ ৰুক্মিণীক আঁকোৱালি ল’লে ৰাষ্ট্ৰপতিয়ে

আমাৰ অসম, ১৫ অক্টোবৰঃ অৱশেষত বিশ্বনাথৰ পাভৈৰ ৰুক্মিণী কিষাণ বৰকটকীয়ে লাভ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সাক্ষাৎ৷ মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ সময়তে বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাৰ ৰুক্মিণী কিষাণ বৰকটকী নামৰ এগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰে থকা পুৰণি অতীত সোঁৱৰি স্মৃতিমেদুৰ হৈ পৰিছিল৷ সংবাদ মাধ্যমৰ আগত মুৰ্মুৰে থকা পুৰণি ফটো দেখুৱাই আনন্দ প্ৰকাশ কৰিছিল ৰুক্মিণীয়ে৷ ৰাষ্ট্ৰপতি মুৰ্মুৰ কেতিয়াবা সাক্ষাৎ পালে সেই পুৰণি ফটো, কথা  ক’ব বুলি মনত এক সপোন পুহি ৰাখিছিল৷ অৱশেষত ৰুক্মিণীৰ সেই সপোন পূৰণ হ’ল৷ কইনাধৰাৰ এক নং ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত ৰুক্মিণীয়ে  আজি লাভ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সাক্ষাৎ৷ ৰুক্মিণীয়ে ৰাষ্ট্ৰপতিক উপহাৰ দিলে তেওঁৰ সৈতে লোৱা এখন পুৰণা ফটো৷  ৰুক্মিণী হাতৰ পৰা স্মৃতিৰ সঁফুৰা তুলি লৈ ক্ষণিক স্মৃতিকাতৰ হৈ পৰিল ৰাষ্ট্ৰপতি মুৰ্মু৷ মৰমতে আঁকোৱালি ল’লে ৰুক্মিণী কিষাণক৷ উল্লেখ্য যে ওড়িশাৰ বিধায়ক হৈ থকা সময়ত ২০০৬ চনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অসমত সাতদিন কটাইছিল মুৰ্মুৱে৷ তেতিয়া দ্ৰৌপদী মুৰ্মুৰ সৈতে দিনে-নিশাই ছাঁটোৰ দৰে  আছিল ৰুক্মিণী৷ মুৰ্মু ঝাড়খণ্ডৰ ৰাজ্যপাল হৈ থকালৈকে ৰুক্মিণীয়ে ৰাখিছিল নিয়মীয়া যোগাযোগ৷ অৱশেষত  দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ আসনত অধিষ্ঠিত হ’ল৷ নাটকৰ দৰে ৰাষ্ট্ৰপতি হোৱাৰ পাছত মুৰ্মুৰ সাক্ষাৎ পালে ৰুক্মিণীয়ে৷