Logo
image

পৌৰ নিগম নহয়, জিএমডিএয়েহে অনুমতি দিছিল ভূপেন বৰাৰ ঘৰৰ

এইবাৰ বৰাৰ বিৰুদ্ধে অবৈধ নিযুক্তিৰ অভিযোগ

আমাৰ অসম, ১৫ অক্টোবৰঃ প্ৰাসাদ বিতৰ্কক লৈ এতিয়া কাৰ্যতঃ সমূখ সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু গুৱাহাটী পৌৰ নিগম৷ গৃহ নিৰ্মাণত বিসংগতিৰ অভিযোগত পত্নী ডাঃ মৌচুমী বৰাৰ নামত থকা মাটি-ঘৰক লৈ ভূপেন বৰালৈ জাননী জাৰি কৰি বিতৰ্কত সোমাই পৰা গুৱাহাটী পৌৰ নিগম পুনৰ আন এক বিতৰ্কত সোমাই পৰিছে৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰাহে গৃহ নিৰ্মাণৰ অনুমতি লৈ ডাঃ মৌচুমী বৰাই গৃহ নিৰ্মাণ কৰাৰ পাছতো গুৱাহাটী পৌৰ নিগমেহে  জাননী প্ৰেৰণ কৰাক লৈ কঠোৰভাৱে সমালোচিত হৈছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ৷ বিজেপি নেতৃত্বৰ শ্ৰুতলিপি মানি আক্ৰোশ পূৰাবলৈ গৈ কাৰ্যতঃ বিবুধিত পৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মগেন শৰণীয়া৷ বিজেপিৰ শ্ৰুতলিপি মতে আক্ৰোশমূলকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক জাননী দি এতিয়া জনতাৰ ৰোষত পৰি মৌনব্ৰত লৈছে লৈছে মেয়ৰ শৰণীয়া৷ মুখ খোলা নাই বিভাগীয় মন্ত্ৰী অশোক সিংহাল৷ তাৰ পাছতো বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে হেনো এইটো একো ডাঙৰ কথা হোৱা নাই৷ তেওঁ কয়– ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ আহিছে৷ গতিকে ভূপেন বৰালৈ জাননী জাৰি কৰা হৈছে৷ এতিয়া কৈছে সেইটো ভূপেন বৰাৰ সম্পত্তি৷ গতিকে ভূপেন বৰাৰ পত্নীলৈ জাননী জাৰি কৰা হ’ব৷ ভূপেন বৰাৰ ঘৰটো গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনত৷ যদি পৌৰ নিগমে অনুমতি দিয়া নাই, জি এম ডিএহে দিছে তেতিয়াহ’লে জি এম ডিএই চাব৷ উল্লেখ্য, বুধবাৰে জাননী প্ৰেৰণৰ পিছত বৃহস্পতিবাৰে পুৱাই ঘোৰামৰা চাৰিআলিত ভূপেন বৰা থকা ঘৰটোত উপস্থিত হয় গুৱাহাটী পৌৰ নিগমৰ দুজন বিষয়া৷ তেওঁলোকে ঘৰ আৰু চৌহদটোৰ পুংখানুপুংখভাৱে জোখমাখ কৰে৷ আনহাতে বুধবাৰে গুৱাহাটী পৌৰ নিগমে ভূপেন বৰালৈ যি জাননী প্ৰেৰণ কৰিছিল সেই জাননীৰ উত্তৰ বৃহস্পতিবাৰে নিগমৰ কাৰ্যালয়ত জমা দিয়া হয়৷ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দল এটাই ভূপেন বৰাৰ উত্তৰ পৌৰ নিগমৰ কাৰ্যালয়ত জমা দিয়ে৷ নিজৰ উত্তৰত ভূপেন বৰাই স্পষ্ট কৰি দি কয়– পৰিয়ালৰ সৈতে মই যিটো ঘৰত থাকো সেই ঘৰটো বা মাটি ডোখৰৰ গৰাকী মই নহয়৷ মোৰ পত্নী ঘৰটো আৰু মাটিখিনিৰ গৰাকী৷ গুৱাহাটী পৌৰ নিগমৰ দৰে অনুষ্ঠান এটাই নিজৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে খৰখেদাকৈ মোৰ নামত জাননী প্ৰেৰণ কৰিছে৷ কোনো এজন লোকে যেতিয়া অভিযোগ দাখিল কৰে তেতিয়া ইয়াক নিজৰ নথি-পত্ৰৰ সৈতে পৰীক্ষা কৰি চোৱাটো গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব৷ কিন্তু মোৰ ক্ষেত্ৰত পৌৰ নিগমে সেই কথাটো নকৰিলে৷ সেয়ে আইন অনুসৰি মোৰ পত্নীক উপযুক্ত জাননী প্ৰেৰণ কৰি প্ৰাংসগিক নথি পত্ৰ বিচাৰক৷ উল্লেখ্য, শেহতীয়াভাৱে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত নিৰ্মিত প্ৰদেশ বিজেপিৰ পঞ্চ তাৰকা হোটেল সদৃশ কাৰ্যালয়টোক লৈ সমালোচনা মুখৰ হৈ পৰিছিল ভূপেন বৰা৷ আনকি কংগ্ৰেছ দল শাসনলৈ আহিলে বিজেপিৰ এই কাৰ্যালয়টোত নদী গৱেষণা কেন্দ্ৰ স্থাপন কৰিব বুলি ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কৈছিল– ‘নদী গৱেষণা কেন্দ্ৰ স্থাপন হ’বলগীয়া ঠাই বিজেপিয়ে  বেদখল কৰি নিজৰ কাৰ্যালয় সাজিলে৷ নদী গৱেষণাগাৰ নহ’লে অসম কিদৰে বানমুক্ত হ’ব৷’ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়টোক লৈ ভূপেন বৰা সৰৱ হোৱাৰ পাছতে পৌৰ নিগমে তেওঁলৈ জাননী প্ৰেৰণ কৰে৷ তিনিদিনৰ সময় সীমা বান্ধি দি ঘোৰামৰাৰ  নিৰিবিলি পথত ভূপেন বৰা থকা ঘৰটোৰ এন অ’ চি আৰু অন্যান্য নথিপত্ৰ জমা দিবলৈ পৌৰ নিগমে নিৰ্দেশ দি দিলে৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দাবী কৰি কয়–২০০১ চন মানত এই ঘৰটোত আমি প্ৰৱেশ কৰিছিলো৷ মাটিখিনি মোৰ পত্নীয়ে কিনা আছিল৷ ঘৰটোও তেওঁৰ নামতে আছে৷ বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে তিনিবাৰ মোৰ পত্নীক আক্ৰমণ কৰিছে৷ আগৰ চৰকাৰে এবাৰ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবাৰ৷ মোৰ পত্নীৰ নামত থকা ঘৰ মাটিৰ বিষয়ে ২২ বছৰ পাছত পৌৰ নিগমে সাৰ পালে৷ আনহাতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–অভিযোগকাৰীয়ে ভূপেন বৰাৰ নামত অভিযোগ দিছে৷ আমি বিল্ডিংটোৰ নথি পত্ৰ বিচাৰিছো৷ ভূপেন বৰাই তেওঁৰ নামত গুৱাহাটীত মাটি নাই বুলি দাবী কৰিছে যদিও ১৬৩৭ পট্টা নম্বৰ ৬৭ দাগত তেওঁ প্ৰায় ১ বিঘা মাটি আছে গুৱাহাটীত৷  স্থানীয় লোকে দাবী কৰা মতে বহু ঠাই ঠাইত তেওঁৰ নামত মাটি আছে৷ নথি পত্ৰৰ বিসংগতি থাকিলে আইন মতে ব্যৱস্থা লোৱা হ’ব৷ আমাৰ জাননীৰ উত্তৰত যদি ঘৰটো তেওঁৰ পত্নীৰ নামত থকা বুলি ভূপেন বৰাই জনায় তেন্তে আমি তেতিয়া তেখেতৰ পত্নীৰ নামত জাননী দিম৷ উল্লেখ্য, ঘোৰামাৰা চাৰিআলিৰ নিৰিবিল পথত থকা ভূপেন বৰাৰ ঘৰটোৰ নথিপত্ৰ কম্পিউটাৰত থকা বাবে চাবলৈ সময় নোপোৱা বুলি দাবী কৰি মেয়ৰ শৰণীয়াই কয়– কাৰ নামত ঘৰ আছে কম্পিউটাৰ চাই উলিয়াই থাকিবলৈ সময় নাই৷ ভূপেন বৰাক সকলোৱে চিনি পায়, ডাঙৰ ৰাজনীতিবিদ৷ সেই কাৰণে তেওঁ নামতে জাননী প্ৰেৰণ কৰা হৈছে৷ স্মৰ্তব্য, ভূপেন বৰাৰ ঘৰৰ দেৱালত মৌচুমী’জ বুলি ডাঙৰকৈ লিখা আছে৷ তাৰ পাছতো ভূপেন বৰাৰ ঘৰৰ ওচৰ চুবুৰীয়াই ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ দিয়াটো ৰহস্যজনক৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাসগৃহক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে অবৈধ নিযুক্তিৰ অভিযোগ৷ বিজেপি বিধায়ক মানৱ ডেকাই ভূপেন বৰাৰ বিৰুদ্ধে উত্থাপন কৰিছে অবৈধ নিযুক্তিত জড়িত থকাৰ অভিযোগ৷ অভিযোগমতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মমী বৰুৱা নামৰ এগৰাকী ব্যক্তিক লখিমপুৰ অসামৰিক চিকিৎসালয়ত চতুৰ্থবৰ্গৰ পদত ঠিকাভিত্তিত নিযুক্তি দিবৰ বাবে হাস্পতালখনৰ অধীক্ষকক চুপাৰিছ দিছিল৷ ২০১২ চনৰ ১৯ জানুৱাৰীত আবেদনকাৰী গৰাকীৰ আবেদনৰ সৈতে নিযুক্তিৰ বাবে চুপাৰিছ দিছিল ভূপেন বৰাই৷ সেই সময়ত ভূপেন বৰা আছিল বিধায়ক৷