Logo
image

ছোনিয়া-ৰাহুলৰ উত্তৰসূৰী বিচাৰি আজি কংগ্ৰেছৰ অগ্নিপৰীক্ষা

আমাৰ অসম, ১৭ অক্টোবৰঃ সততে গণতন্ত্ৰৰ কথা কোৱা কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়ববীয়া নিৰ্বাচনত গণতন্ত্ৰ নথকা বুলি উঠা অভিযোগ দূৰ কৰি সোমবাৰে শতাব্দীপ্ৰাচীন ৰাজনৈতিক দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সেয়ে ২০০০চনৰ পাছত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ শীৰ্ষপদবীৰ বাবে হবলগীয়া এই নিৰ্বাচন দলীয় হোৱা স্বত্বেও ই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এই নিৰ্বাচনে সকলো পক্ষৰে দৃষ্টি আকৰ্ষণ কৰাৰ মূল কাৰণ হৈছে, প্ৰায় তিনিটা দশকৰ পাছত প্ৰথমবাৰলৈ কংগ্ৰেছ দলটোৰ শীৰ্ষপদবী ‘গান্ধীশূন্য’ হ’ব৷ অৰ্থাৎ ১৯৯৮ চনৰ পাছত এইবাৰ কংগ্ৰেছ দলৰ সভাপতিৰ আসনত গান্ধী পৰিয়ালৰ সদস্য নাথাকিব৷ শেষবাৰৰ বাবে ১৯৯৬-১৯৯৮লৈ কংগ্ৰেছ দলৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈ আছিল গান্ধী পৰিয়ালৰ বাহিৰৰ কংগ্ৰেছ নেতা সীতাৰাম কেশৰী৷ ১৯৯৮ চনৰ ১৪ মাৰ্চত প্ৰবীণ নেতা সীতাৰাম কেশৰীক অসন্মানজনকভাৱে সভাপতিৰ আসনৰ পৰা অপসাৰণ কৰাৰ দিন ধৰি শতাব্দী প্ৰাচীন দলটোৰ গুৰি ধৰি আছে নেহৰু-গান্ধী পৰিয়ালৰ ইটালিয়ান বোৱাৰী ছোনিয়া গান্ধীয়ে৷ মাজতে ২০১৭-২০১৯ চনলৈ প্ৰায় দুৱছৰ ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হ’লেও দেশৰ বিভিন্ন নিৰ্বাচনত উপৰ্যুপৰি পৰাজয়ৰ নৈতিক দায়িত্ব কান্ধ পাতি লৈ তেওঁ পদত্যাগ কৰে৷ ২০১৯ চনত সেয়ে পুনৰ সংকটকালীন পৰিস্থিতিত ছোনিয়া গান্ধীক দলৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী হিচাপে মনোনীত কৰা হয়৷ মুলতঃ ক’ভিড অতিমাৰীৰ বাবে আৰু অন্যান্য কাৰণত সভাপতিৰ নিৰ্বাচন পিছুৱাই গৈ অৱশেষত কাইলৈ সোমবাৰে নিৰ্বাচনৰ দিন চূড়ান্ত হৈছে৷  উল্লেখ্য, শেষবাৰৰ বাবে কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচন হৈছিল ২০০০চনত৷ সেইবাৰ ছোনিয়া গান্ধীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী জিতেন্দ্ৰ পচন্দক ৯৭ শতাংশ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷ ২০১৭চনত ৰাহুল গান্ধী দলৰ সভাপতি নিৰ্বাচিত হৈছিল বিনা প্ৰতিদ্বন্দ্বিতাৰে৷ সেয়ে ২০০০ৰ পাছত এয়াই হ’ব কংগ্ৰেছ দলৰ প্ৰথমটো প্ৰতিদ্বন্দ্বিতামূলক সভাপতি নিৰ্বাচন৷ 

বিৰোধী দল, ঘাইকৈ বিজেপিৰ দ্বাৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ বাবে সোমবাৰে সভাপতি নিৰ্বাচন প্ৰকৃততে অগ্নিপৰীক্ষা৷ কিন্তু দলটোৱে নিৰ্বাচনৰ পূৰ্বেই এই অগ্নিপৰীক্ষাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে৷ মূলতঃ গান্ধী পৰিয়ালৰ প্ৰচ্ছায়াৰ পৰা মুক্ত হ’ব নোৱাৰা কংগ্ৰেছ দলে শীৰ্ষপদবীৰ বাবে পুনৰ গান্ধী পৰিয়ালৰ আস্থাভাজন মল্লিকাৰ্জুন  খৰ্গেক মুকলিকৈ সমৰ্থন জনাই দলৰ পৰিচালনা গান্ধী পৰিয়াল অবিহনে সম্ভৱ নহয় বুলি প্ৰতীয়মান কৰিছে৷ সভাপতিৰ দায়িত্ব ল’বলৈ ৰাহুল গান্ধীৰ চৰম অনীহা আৰু কৰ্কৰ্ট ৰোগাক্ৰান্ত ছোনিয়া গান্ধীয়ে এই দায়িত্ব চলাই যাবলৈ অক্ষম৷ আনহাতে বিৰোধী তথা বিভিন্ন পক্ষৰ প্ৰবল দাবীৰ বাবে প্ৰিয়ংকা গান্ধীয়েও নিজকে সেই স্থানৰ পৰা আঁতৰাই ৰাখিছে৷ কিন্তু তেনে পৰিস্থিতিতো গান্ধী পৰিয়ালে সভাপতি হিচাপে তেওঁলোকৰ এজন বিশ্বাসজনকহে আগবঢ়াই দিছে৷ আনুষ্ঠানিকভাৱে গান্ধী পৰিয়ালে মল্লিাকাৰ্জুন খৰ্গেক সমৰ্থন বা তেওঁৰ নাম প্ৰস্তাব নকৰিলেও ইতিমধ্যে খৰ্গে গান্ধী পৰিয়ালৰ প্ৰাৰ্থী হিচাপে প্ৰতিষ্ঠিত৷ গান্ধী পৰিয়লৰ প্ৰকৃত বিশ্বাসভাজন কোন সভাপতি হ’ব পাৰে সেই লৈ ইতিপূৰ্বে এখন নাতিদীৰ্ঘ নাটক অনুষ্ঠিত হৈ গৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক কেন্দ্ৰ কৰি৷ মাজতে দ্বিগ্বিজয় সিঙৰ নাম ওলালেও অৱশেষত ৮০বছৰীয়া প্ৰবীন কংগ্ৰেছী মল্লিকাৰ্জুন খৰ্গেই গান্ধী পৰিয়ালৰ প্ৰকৃত আস্থাভাজন হিচাপে চিহ্নিত হয়৷ প্ৰকৃততে গান্ধী পৰিয়ালৰ দৰে দলটোৰ প্ৰবীণ আৰু আগশাৰীৰ নেতাসকলেও গান্ধী পৰিয়ালক বাদ দি আনে দলটোক একত্ৰিত কৰি ৰাখিব পাৰিব বুলি বিশ্বাস নকৰে৷ সেয়ে আনৰ কথা বাদেই, আভ্যন্তৰীন গণতন্ত্ৰ দাবী কৰি ২০০০ চনত অন্তৰ্বতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা জি-২৩ হিচাপে পৰিগণিত বিদ্ৰোহী নেতাৰ অৱশিষ্ট কেইজনো এতিয়া মল্লিকাৰ্জুন খৰ্গেৰ অকুণ্ঠ সমৰ্থক৷ জি-২৩ কপিল ছিবাল, গোলাম নবী আজদকে ধৰি কেইজনমানে দল এৰি যোৱাৰ পাছতো শক্তিশালী হৈ থকা গোটটোৱে জি-২৩ৰ অন্যতম পত্ৰ প্ৰেৰণকাৰী সদস্য শশী থাৰুৰক সভাপতিৰ পদত সমৰ্থন জনোৱা নাই৷ অথচ শশী থাৰুৰে সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰোতে তেওঁক জি-২৩ৰ সমৰ্থিত প্ৰাৰ্থী হিচাপেই প্ৰথমে বিবেচনা কৰা হৈছিল৷ কিন্তু সেই বিদ্ৰোহী গোটৰ অগ্ৰণী নেতা মনীষ তিৱাৰীৱে দেওবাৰে সোঁতৰ গতি বুজি মল্লিকাৰ্জুন খৰ্গেৰ প্ৰশংসা গোৱাত এই নিৰ্বাচনৰ ফলাফল কি হ’ব সেয়া ৰাজনীতিৰ সামান্য জ্ঞান থকা লোকেও বুজি উঠিছে৷ শশী থাৰুৰৰ দাবী, তেওঁ পৰিবৰ্তনৰ বাৰ্তাবাহক আৰু মল্লিকাৰ্জুন খৰ্গে স্থিতাৱস্থাৰ প্ৰতিনিধি৷ কিন্তু দলৰ অধিকাংশই যদি স্থিতাৱস্থাকে পচন্দ কৰে তেন্তে কোনে সলনি কৰিব পাৰিব কংগ্ৰেছ দলৰ আভ্যন্তৰীণ নীতি সেয়াই শতাব্দী প্ৰাচীন দলটোৰ সভাপতি নিৰ্বাচনৰ পূৰ্বে উত্থাপিত গুৰুত্বপূৰ্ণ প্ৰশ্ন৷

সোমবাৰৰ নিৰ্বাচনত ছোনিয়া গান্ধীকে ধৰি শীৰ্ষ নেতৃত্বই নতুন দিল্লীৰ মূখ্য কাৰ্যালয়ত ভোটদান কৰিব৷ ভাৰত জোড়ো যাত্ৰাত কৰ্নাটকত থকা ৰাহুল গান্ধী আৰু তেওঁৰ প্ৰায় ৪৭জন সতীৰ্থই ভোট দিব বেলাৰিৰ  সংগামাকালুৰ কেম্পছাইটৰ অস্থায়ী বুথত৷ ইয়াৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত মুঠতে ৩৬টা ভোটদান কেন্দ্ৰ আৰু ৬৭টা বুথ থাকিব, য’ত প্ৰদেশ কংগ্ৰেছ আৰু বুধৰ প্ৰতিনিধিয়ে ভোটদান কৰিব৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১৯ অক্টোবৰত৷