Logo
image

হেৰাই থাকিল হাফিজুল

পুঠি-খলিহনা ধৰি শ্ৰীৰামপুৰ ছিণ্ডিকেট গাপ দিয়াৰ চেষ্টা

আমাৰ অসম, ১৭ অক্টোবৰঃ ৰাজনৈতিক আশীষধন্য হৈ শ্ৰীৰামপুৰত দীৰ্ঘদিন ধৰি ছিণ্ডিকেট চলাই থকা হাফিজুল ইছলাম শ্বেখ এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই কিয়? নে আৰক্ষী প্ৰশাসনৰ সহযোগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত আত্মগোপন কৰিছে হাফিজুলে? অভিযোগ অনুসৰি  হাফিজুল আৰক্ষীৰ হাতত ধৰা পৰিলেই শ্ৰীৰামপুৰত চলি থকা চিণ্ডিকেট চক্ৰটোৰ সৈতে জড়িত শাসকীয় দলৰ বহু ৰাজনৈতিক নেতা নাম পোহৰলৈ অহাটো নিশ্চিত৷ দিছপুৰৰ পৰা আৰম্ভ কৰি বিটিআৰলৈ একাংশ ৰাজনৈতিক নেতাৰ যথেষ্ট ঘনিষ্ঠ হাফিজুল৷ যাৰ ফলত শ্ৰীৰামপুৰত দীৰ্ঘদিন ধৰি মুকলি মুৰীয়াকৈ  চলাই থাকিব পাৰিছে চিণ্ডিকেট চক্ৰ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনটো বহু মন্ত্ৰী বিধায়কৰে ঘনিষ্ঠ হাফিজুলক বৰ্তমানৰ বিজেপি চৰকাৰখনৰ একাংশ মন্ত্ৰীৰ সৈতে সততে বিভিন্ন অনুষ্ঠানত একেলগে দেখিবলৈ পেৱা যায়৷ উল্লেখ্য যে, বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰো যথেষ্ট ঘনিষ্ঠ হাফিজুল৷ ধৃত পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ নেতৃত্বত শ্ৰীৰামপুৰত যি ছিণ্ডিকেট চলি আছিল তাৰে মাষ্টাৰমাইণ্ড জন হ’ল হাফিজুল৷ কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল জিলাখনলৈ গ’লেই তেওঁৰ ছাঁৰ দাৰ লাগি থাকে হাফিজুল৷ কিন্তু হঠাত নিশাটোৰ ভিতৰতে কত হেৰাই থাকিল৷ চিণ্ডিকেট চক্ৰটোৰ মাষ্টাৰ মাইণ্ডজন৷ উল্লেখ্য, ৩১ নম্বৰ[গ]ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰ এসময়ত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মীৰ বাবে আছিল আলাদিনৰ চাকি৷ কেন্দ্ৰত বিজেপি চৰকাৰৰ অহা পিছত  শ্ৰীৰামপুৰ গেটৰ ছিণ্ডিকেট বন্ধ কৰাৰ লগতে তালাচী উঠাই দিয়ে৷ দীৰ্ঘদিন শ্ৰীৰামপুৰত কোনো ধন সংগ্ৰহ আৰু ছিণ্ডিকেট চলা নাছিল৷ শেহতীয়া কৈ বিজেপি চৰকাৰখনে শাসন ভাৰ লোৱাৰ পিছতে শ্ৰীৰামপুৰত গঢ়ি উঠিছে ছিণ্ডিকেট৷ পূৰ্বৰ পৰাই ছিণ্ডিকেট কৰি অহা লোকসকলৰ নেতৃত্বত একাংশই চলাই গৈছে বিভিন্ন ছিণ্ডিকেট৷ একাধিকবাৰ আৰক্ষীৰ টাৰ্গেট হোৱাই নহয় একাংশ দাগি লোক গোপনে ছিণ্ডিকেট চলাই গৈছে৷  প্ৰশাসনৰ একাংশ বৰ মুৰীয়া সকলৰ সৈতে থকা গোপন সম্পৰ্ক থকাত ছিণ্ডিকেট চলোৱা মাফিয়াসকলে কৌশলেৰে আঁতৰি গৈছে৷ কংগ্ৰেছৰ ৰাজত্ব কালৰ পৰাই ছিণ্ডিকেট চলোৱা লোক বৰ্তমান ছিণ্ডিকেট চলোৱাটো গভীৰ ৰহস্যৰ সৃষ্টি কৰাই নহয় শীৰ্ষ মহল যে ইয়াৰ সৈতে জড়িত তাকে প্ৰমাণিত কৰিছে৷ শ্ৰীৰামপুৰ আৰু গোসাঁইগাঁও আৰক্ষী ৯ অক্টোবৰৰ পৰা ১২ অক্টোবৰ লৈ অভিযান চলাই ছিণ্ডিকেট চক্ৰৰ লগত জড়িত ৯জন লোকৰ লগতে তিনিজন বিষয়া কৰ্মীক গ্ৰেপ্তাৰ কৰিছে৷ উক্ত ছিণ্ডিকেট চক্ৰৰ লগত বিটিচিৰ শাসক দলৰ একাংশৰ নাম সাঙোৰ খাই পৰাৰ লগতে কোকৰাঝাৰ জিলালৈ বদলি হোৱা আৰক্ষী অধীক্ষক জনৰ নামো  জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ যদি সচাকৈ উক্ত ছিণ্ডিকেটৰ সৈতে প্ৰশাসনৰ কোনো সম্পৰ্ক নাছিল তেন্তে কেনেকৈ শ্ৰীৰামপুৰত ছিণ্ডিকেট চলিছিল৷ টাইলছৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ কৰাৰ পিছত ছিণ্ডিকেটৰ কথা পোহৰলৈ আহে৷ ইয়াক ততাতৈয়াকৈ ঢাকি ৰাখিবলৈ একাংশ নিৰীহ খাটি খোৱা লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়৷ শ্ৰীৰামপুৰত টাইলছ, খুচুৰা মাল, চাউল, সাৰ, ভঙা সামগ্ৰী, মহ, বয়লাৰ,  মটৰ চেছিছ আদি কৰি বহু সামগ্ৰীৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে৷ কিন্তু সেই সমূহ ছিণ্ডিকেটৰ মূল লোক কোন তাক সকলোৱে অৱগত৷ শ্ৰীৰামপুৰৰ ছিণ্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড তথা ছিণ্ডিকেট চলাই অহা হাফিজুল আৰক্ষীৰ তদন্তৰ পৰা আঁতৰি থকাৰ ঘটনাই সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি কৰিছে৷ ৰাজ্য তথা বিটিচি অঞ্চলৰ একাংশ ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট হোৱা মাফিয়া হাফিজুল কেনেকৈ পলাই আত্মগোপন কৰিছে৷ একাধিক লোকৰ নাম ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ প্ৰকাশ পোৱাৰ পিছতে শিমূলটাপুৰ হাফিজুল আত্মগোপন কৰিছে৷ ছিণ্ডিকেটত নেতৃত্বত দিয়া এইজন লোক আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হৈছে৷ নাকি লগাব পৰা নাই কোকৰাঝাৰৰ আৰক্ষী৷ ছিণ্ডিকেট চলাই ধনবান হোৱা  হাফিজুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় এয়া ৰাইজৰ প্ৰশ্ন৷ এইপৰ্যন্ত আৰক্ষীৰ তদন্তৰ বাহিৰত হাফিজুল৷

হিমাংশু শেখৰ বৈশ্যক গ্ৰেপ্তাৰ কৰা নাই কিয়ঃ জাতীয় যুৱ শক্তি

শাসনাধিষ্ঠিত দল বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চা [বিজেৱাইএম]ৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য এটা অপহৰণ-কাণ্ডৰ সৈতে জড়িত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ জাতীয় যুৱ শক্তিয়ে  সংবাদমেলত কয় যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, গুৱাহাটীত থাকি কয়লাৰ ব্যৱসায় কৰা বিহাৰৰ অৰবিন্দ কুমাৰ প্ৰসাদ নামৰ এজন বিতৰ্কিত ব্যৱসায়ীক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বৈশ্য আৰু যুৱ মৰ্চাৰে আন এজন নেতা সঞ্জীৱ ডেকাই একাধিক সহযোগীসহ ৮ অক্টোবৰত পিষ্টল দেখুৱাই অপহৰণ কৰিছিল আৰু পৰিয়ালৰ ওচৰত দুই কোটি টকাৰ মুক্তিপণ দাবী কৰিছিল৷ অপহৰণকাণ্ডত ব্যৱহাৰ কৰা হৈছিল এখন ফৰ্চুনাৰ গাড়ী৷ প্ৰসাদৰ পিতৃ ভৰত প্ৰসাদৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৪, ৩৪৩ আৰু ৩৬৫ ধাৰাৰ অধীনত এটা গোচৰ [নং ৯০৪/২০২২] পঞ্জীয়ন কৰে৷ অপহৰণকাৰীয়ে ধন দাবী কৰা মোবাইল নম্বৰ ‘ট্ৰেক’ কৰি আৰক্ষীয়ে অভিযান চলায় আৰু ১২ অক্টোবৰৰ দিনা কাহিলীপাৰাৰ পৰা ব্যৱসায়ী অৰবিন্দ কুমাৰ প্ৰসাদক উদ্ধাৰ কৰাৰ লগতে হিমাংশু প্ৰসাদ বৈশ্যৰ সহযোগী প্ৰিন্স প্ৰাঞ্জল ওৰফে প্ৰাঞ্জল দাসক গ্ৰেপ্তাৰ কৰে৷ দাসক অদালতে ইতিমধ্যে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ কিন্তু হিমাংশু শেখৰ বৈশ্য আৰু সঞ্জীৱ ডেকাসহ বাকীকেইজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ যুৱশক্তিয়ে উল্লেখ কৰে যে হিমাংশু শেখৰ বৈশ্য পূৰ্বে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ সৈতে জড়িত আছিল আৰু পিছত বিজেপিত যোগদান কৰি বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হয়৷ তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ তেওঁ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হাজৰিকাৰ লগতে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক তৰংগ গগৈসহ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ প্ৰভাৱশালী মন্ত্ৰী-বিধায়কৰ সৈতে ঘনিষ্ঠভাৱে উঠা ফটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ আনহাতে কংগ্ৰেছত থাকোঁতে এইজন হিমাংশু শেখৰ বৈশ্যই ২০১৫ চনত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱন আক্ৰমণ কৰিবলৈ যোৱা, বাজপেয়ী ভৱনৰ গে’ট জ্বলাই দিয়া আৰু বিজেপিৰ দলীয় পতাকাত অগ্নি সংযোগ কৰি ভৰিৰে মোহাৰি বিজেপি দলৰ বিৰুদ্ধে বক্তব্য ৰখাৰ ভিডিঅ’ও বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বিজেপি দলৰ সৈতে আমাৰ নীতি-আদৰ্শগত বিৰোধ আছে ঠিকেই, কিন্তু দলটোৰ নিষ্ঠাবান কৰ্মী-সমৰ্থকসকলৰ প্ৰতি আমি আন্তৰিকতাৰে শ্ৰদ্ধাশীল৷ কাৰণ ভাৰতীয় গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ এইটোয়েই মাদকতা৷ সেয়ে সকলো ৰাজনৈতিক দলে নীতি-নিষ্ঠা আৰু আদৰ্শলব্ধ ব্যক্তিৰ ওপৰত দলীয় বিষয়বাব প্ৰদান কৰাটো আমি কামনা কৰো৷ কিন্তু হিমাংশু শেখৰ বৈশ্যৰ দৰে নীতি-আদৰ্শহীন আৰু অপৰাধৰ সৈতে জড়িত ব্যক্তিক বিজেপি দলে তেওঁলোকৰ যুৱ সংগঠনৰ সাধাৰণ সম্পাদকৰ দৰে পদত নিযুক্ত কৰা আৰু কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত থকা বিষয়ত দিছপুৰে পৃষ্ঠপোষকতা আগবঢ়োৱা কাৰ্যই বিজেপি দলৰ নীতি-আদৰ্শহীনতা আৰু মূল্যবোধহীন ৰাজনীতিৰ উদাহৰণ দাঙি ধৰে৷ ইফালে, অপহৰণ-কাণ্ডটোৰ তদন্ত আৰক্ষী বিভাগে ঠিকেই আৰম্ভ কৰিছিল যদিও বিজেপি যুৱ মৰ্চাৰ নেতাৰ নাম সাঙোৰ খাই পৰাৰ পিছত তদন্ত প্ৰক্ৰিয়া পথচু্যত হোৱা পৰিলক্ষিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, হিমাংশু শেখৰ বৈশ্য, মুখ্যমন্ত্ৰী আৰু পীয়ুষ হাজৰিকাৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰেই তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই৷ আনকি সমগ্ৰ বিষয়টো গাপ দিবলৈ আৰক্ষীলৈ গৃহ বিভাগৰ পৰা হেঁচা দিয়া বুলি আমি জানিব পাৰিছো৷ উক্ত হেঁচাৰ পৰিপ্ৰেক্ষিতত ‘অপহৃত’ ব্যৱসায়ী অৰবিন্দ কুমাৰ প্ৰসাদে কালি নিজৰ বক্তব্য সলনি কৰাৰ তথ্যও প্ৰকাশ পাইছে৷ আমি জাতীয় যুৱ শক্তিয়ে বিজেপি যুৱ মৰ্চাৰ নেতা কয়লা ছিণ্ডিকেট আৰু অপহৰণৰ সৈতে জড়িত হোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে ‘অপৰাধী’ ৰাজনৈতিক নেতাক ৰক্ষণাবেক্ষণ নিদিবলৈ ৰাজ্য চৰকাৰৰ গৃহ বিভাগক আহ৩ান জনাও৷ এনে তৎপৰতাই ৰাজনীতিৰ অপৰাধীকৰণৰ প্ৰতি অৰিহণা যোগোৱাহে হ’ব৷ লগতে আমি উক্ত উপৰাধৰ সৈতে জড়িত হিমাংশু শেখৰ বৈশ্য আৰু সঞ্জীৱ ডেকাসহ বিজেপিৰ যুৱ নেতাকেইজনক তৎকালে গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত থিয় কৰাবলৈ আমি দাবী জনাও৷ জাতীয় যুৱ শক্তিয়ে এই সমগ্ৰ বিষয়টো অৱগত কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপেৰে বিজেপিৰ ‘অপৰাধী’ যুৱনেতাকেইজনক গ্ৰেপ্তাৰৰ দাবী জনাই আৰু বিজেপি নেতাৰ দ্বাৰা কয়লা চিণ্ডিকেট চলি থকাৰ প্ৰতিবাদত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব৷

অপহৃতৰ পিতৃয়ে ভাষ্য সলনি কৰিলে কিয়ঃ তৃণমূল যুৱ কংগ্ৰেছ

বিজেপি নেতাৰ পদত্যাগে উদঙাইছে শাসকীয় দলৰ সততাৰ স্বৰূপ৷ বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যই পদত্যাগ কৰাৰ লগে লগে উত্থাপিত হৈছে বহুবোৰ প্ৰশ্নৰ৷ অৰবিন্দ কুমাৰ প্ৰসাদ নামৰ ব্যৱসায়ীজনৰ অপহৰণৰ লগত জড়িত নহয় বুলি মন্তব্য কৰি অপহৰণ সংঘটিত হোৱাৰ কথাটো মানি লৈছে বৈশ্যই৷ ইয়াৰ লগে লগে পূৰ্বে অৰবিন্দ কুমাৰৰ পিতৃ ভৰত প্ৰসাদে বশিষ্ঠ থানাত দাখিল কৰা অভিযোগনামাত নাম সাঙোৰ খোৱা বিজেপিৰ যুৱ নেতাজনে অপহৰণ কাণ্ড সংঘটিত নোহোৱা বুলি কৰা দাবী অৰ্থহীন হৈ পৰিছে৷ বিবৃতিযোগে তৃণমূল যুৱ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে পিতৃৰ এজাহাৰৰ পাছতে গুৱাহাটীত থাকি কয়লা ব্যৱসায় কৰা অৰবিন্দ কুমাৰ প্ৰসাদক কাহিলীপাৰাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে হিমাংশু শেখৰ বৈশ্যৰ সহযোগী প্ৰাঞ্জল দাস নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজনক অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পাছত ১৪ অক্টোবৰত অৰবিন্দ কুমাৰৰ পিতৃ ভৰত প্ৰসাদে ভাষ্য সলনি কৰিলে কিয়? অৰবিন্দ কুমাৰৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে নেকি? কি বিজেপি নেতা হোৱা বাবেই এওঁলোকক ধোৱা তুলসীৰ পাত সজাব বিচৰা হৈছে নেকি? এই ক্ষেত্ৰত অৰবিন্দ কুমাৰ প্ৰসাদ নামৰ ব্যৱসায়ীজনৰ সৈতে মুঠ ২ কোটি ৩০ লাখ টকাৰ ব্যৱসায়ৰ ৮৩ লাখ টকা পাবলগীয়া বুলি বিজেপি নেতাই কৰা মন্তব্যৰ সন্দৰ্ভত তদন্ত কৰি উৰহীৰ ওৰ উলিয়াবলৈ কথাই কথাই সততাৰ বিজ্ঞাপন দি দুখীয়াৰ চৰকাৰ বুলি কৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰক৷ 

অসম তৃণমূল কংগ্ৰেছৰ প্ৰশ্ন: কি সঁচাকৈ এই ২ কোটি ব্যৱসায়ৰ পৰা পাবলগীয়া টকা নে বিভিন্ন মাধ্যমত উত্থাপিত অভিযোগ অনুসৰি অৰবিন্দ কুমাৰৰ মুক্তিপণ হিচাপেহে বিচাৰিছিল টকাখিনি? 

 কাৰোবাৰ হেঁচাত অৰবিন্দ কুমাৰৰ পিতৃয়ে ভাষ্য সলনি কৰিব লগা হ’ল নেকি? শাসকীয় দলৰ ৰৌ-বৰালি জালত পৰাৰ ভয়ত যুৱ মৰ্চাৰ নেতাসকলক ৰক্ষণাবেক্ষণ দিব খোজা হৈছে নেকি? চৰকাৰে নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি বিহি সততাৰ পৰিচয় দাঙি ধৰিবলৈ আগ্ৰহী হ’বনে?