Logo
image

কাজিৰঙাত ছাফাৰী-বিক্ষোভ, বন্দী বিদেশী পৰ্যটক

আমাৰ অসম, ১৭ অক্টোবৰঃ  জীপ ছাফাৰী সন্থাৰ প্ৰতিবাদৰ বাবে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পৰা বঞ্চিত হ’ব লগা হ’ল দেশ- বিদেশৰ বহু পৰ্যটক৷ ছাফাৰী-বিক্ষোভত কাৰ্যতঃ বন্দী হৈ ৰয় বিদেশী পৰ্যটকো৷ এই প্ৰসংগ কেইবাখনো দেশৰ ভাৰতস্থিত দূতাবাসপৰ্যন্ত পায়গৈ৷ উল্লেখ্য, দেওবাৰে পুৱা কাজিৰঙাৰ কেন্দ্ৰস্থল কহঁৰাত অৱস্থিত বন বিভাগৰ কাৰ্যালয়ৰ কাষত দেশ-বিদেশৰ বহু সংখ্যক পৰ্যটকে বহু আশাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হৈছিল৷ তেনে সময়তে কালিৰ পৰা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্ৰ্পক্ষই উদ্যান দৰ্শনৰ বাবে পূৰ্বৰ নগদ ধনৰ পৰিৱৰ্তে অনলাইন ব্যৱস্থা কৰাক লৈ কাজিৰঙা জীপ ছাফাৰী সন্থাৰ একাংশ কৰ্মীয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত ছাফাৰীৰ বাবে উদ্যান কত্তৃৰ্পক্ষই আৰম্ভ কৰা অনলাইন ব্যৱস্থাৰ লগতে জীপ ছাফাৰী লিমিটেচন অৰ্থাৎ উদ্যানৰ ভিতৰত জীপ ছাফাৰীৰ গাড়ীৰ সংখ্যা নিয়ন্ত্ৰণ কৰাৰ কথাটোৰ বিৰুদ্ধে সকলো পৰ্যটককে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোৱাৰ পৰা বিৰত থাকি কাজিৰঙা জীপ ছাফাৰী সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ফলত দেশ-বিদেশৰ পৰ্যটকে উদ্যান দৰ্শনৰ বাবে বন বিভাগৰ অনুমতি পত্ৰ সংগ্ৰহ কৰাৰ পিছতো উদ্যান দৰ্শনৰ পৰা বঞ্চিত হ’ব লগা হয়৷ কাজিৰঙা জীপ ছাফাৰী সন্থাৰ একাংশ কৰ্মীয়ে বন বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কয়– অতি সোনকালে কাজিৰঙা ছাফাৰীৰ অনলাইন ব্যৱস্থা বন্ধ কৰাৰ লগতে জীপছী লিমিটেচন প্ৰত্যাহাৰ কৰিব লাগে৷ উল্লেখ্য আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ টিকট কাউণ্টাৰত অনলাইন ব্যৱস্থা কৰিবলৈ যাওঁতে ইণ্টাৰনেটৰ গতি কিছু হ্ৰাস হোৱাত উদ্যান দৰ্শনৰ অনুমতি পত্ৰ দিয়াত কিছু পলম হৈছিল৷ এই কাৰ্যক লৈ কাজিৰঙা জীপ ছাফাৰী সন্থাৰ একাংশ কৰ্মী উত্তেজিত হৈ পৰাত উদ্যান কত্তৃৰ্পক্ষই অফলাইন যোগে পূৰ্বৰ দৰে উদ্যান দৰ্শনৰ অনুমতি পত্ৰ দিয়াৰ ব্যৱস্থাও কৰে যদিও জীপ ছাফাৰীৰ চালকে চিঞৰ বাখৰ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ ইফালে কাজিৰঙা জীপ ছাফাৰী সন্থাই সকলো জীপছী গাড়ী বন্ধ কৰি দিয়াত দেশ-বিদেশৰ পৰ্যটকসকল বিপাঙত পৰা পৰিলক্ষিত হয়৷ অতি পৰিতাপৰ কথা যে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও ৰাছিয়াকে ধৰি ইউৰোপ মহাদেশৰ বহুসংখ্যক পৰ্যটকে কহঁৰাত উপস্থিত হৈ বন বিভাগক উপযুক্ত ৰাজহ প্ৰদান কৰি উদ্যান দৰ্শনৰ অনুমতি পত্ৰ সংগ্ৰহ কৰাৰ পিছতো জীপ ছাফাৰী সন্থাৰ কৰ্মীক বহুবাৰ অনুনয়-বিনয় কৰি বিফল হয়৷ জীপ ছাফাৰী সন্থাৰ কৰ্মীক দেশ - বিদেশৰ পৰ্যটকে বাৰম্বাৰ কৰা অনুৰোধৰ পিছতো কাজিৰঙা জীপ ছাফাৰী সন্থাই তেওঁলোকৰ প্ৰতিবাদত অটল হৈ থকাত উপায় বিহীন হৈ বহুসংখ্যক পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন নকৰাকৈ নিৰাশ মনে উভতি যাবলৈ বাধ্য হয়৷ অৱশ্যে পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া কহঁৰাত উপস্থিত হৈ বিশেষকৈ বিদেশী পৰ্যটকসকলক বন বিভাগৰ গাড়ীৰে কহঁৰা আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰীৰ ব্যৱস্থা কৰি দিয়াৰ লগতে কহঁৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত সন্থাৰ বিষয়ববীয়া আৰু কৰ্মীৰ সৈতে আলোচনাত মিলিত হয়৷ সভাত সন্থাৰ সভাপতি তুলসী বৰদলৈ, সম্পাদক আনন্দ গগৈ, প্ৰহ্লাদ বৈষ্ণৱ বৰুৱা আদিয়ে অনলাইন ব্যৱস্থাৰ লগতে অফলাইন ব্যৱস্থা অব্যাহত ৰখা আৰু জীপ ছাফাৰী গাড়ীৰ লিমিটেচন প্ৰত্যাহাৰ কৰিবলৈ উদ্যান কত্তৃৰ্পক্ষক আহ্বান জনায়৷ উদ্যান কত্তৃৰ্পক্ষই জানিবলৈ দিয়া মতে সন্থাৰ সৈতে কিছু ভুল বুজাবুজি হৈছিল৷ চৰকাৰ আৰু বিভাগৰ নীতি-নিৰ্দেশনাৰ মতে পৰৱৰ্তী সময়ত আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ কথা ব্যক্ত কৰে ডি এফ অ’ ৰমেশ গগৈয়ে৷ ইফালে লাখ লাখ টকা ব্যয় কৰি কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পৰা বঞ্চিত হোৱা পৰ্যটকে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ৰ এক অতি দুৰ্ভাগ্যজনক ঘটনা বুলি মত প্ৰকাশ কৰে৷ বন বিভাগ আৰু জীপ ছাফাৰীৰ মাজৰ মতবিৰোধক লৈ কাজিৰঙালৈ অহা পৰ্যটকক একপ্ৰকাৰ পণবন্দী কৰিছে বুলিও একাংশ পৰ্যটকে আক্ষেপেৰে এই সংবাদদাতাক জানিবলৈ দিয়ে৷ অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই সন্থাৰ সৈতে কোনো আলোচনা বা আগতীয়াকৈ অনলাইন ব্যৱস্থা সম্পৰ্কে বাৰ্তা নিদিয়াকৈ একপক্ষীয়ভাৱে সিদ্ধান্ত লোৱাত কাজিৰঙা জীপ ছাফাৰী সন্থাৰ বিষয়ববীয়াই অভিযোগ উত্থাপন কৰে৷