Logo
image

হনীট্ৰেপিঙত হাহাকাৰ পটনায়ক চৰকাৰৰ

২৫ বিধায়ক তৰুণীৰ কব্জাত

আমাৰ অসম, ১৭ অক্টোবৰঃ এয়া যেন ভাৰতীয় ক্ৰিষ্টিন কীলাৰ৷ ছেক্স, মানি এণ্ড বিট্ৰেয়েল৷ স্পষ্টভাষাত ক’বলৈ হ’লে যৌনতাৰ টোপ, তাৰ পাছত টকাৰ দাবী আৰু বিশ্বাসঘাটকতা৷ এই তিনিটা উপাদানক মূলধন কৰি লৈ ওড়িশাৰ অৰ্চনা নাগ নামৰ এগৰাকী সুন্দৰী যুৱতীয়ে মাথোঁ চাৰি বছৰত পৰ্বতসম সম্পত্তি উপাৰ্জন কৰাই নহয়, ওড়িশাৰ নৱীন পটনায়কৰ চৰকাৰ ভাঙি পেলোৱাৰ উপক্ৰম ঘটাইছে৷ অৱশ্যে অৰ্চনাৰ ধন আহৰণৰ মূল তথা সৰ্বশেষ পদ্ধতি হৈছে ব্লেকমেইলিং৷ ওড়িশাৰ ক্ষুধাপীড়িত অঞ্চল কালাহান্দিৰ পৰা আহি ভুবনেশ্বৰত থিতাপি লৈ মাত্ৰ চাৰি বছৰত অৰ্চনাই সম্পত্তিৰ যি পাহাৰ গঢ়িছে সেয়া দেখি-শুনি সকলো হতভম্ব হৈছে৷ ততোধিক গুৰুতৰ ঘটনা হৈছে– অৰ্চনাৰ যৌনতাৰ নাগপাশত বন্দী হৈ পৰিছে ওড়িশাৰ বিজেডি চৰকাৰৰ নবীন পটনায়ক মন্ত্ৰীসভাৰ মন্ত্ৰী-বিধায়কসহ ২৫জন শীৰ্ষ নেতা৷ ইয়াৰ পৰিণতিত কাৰ্যকাল সম্পূৰ্ণ হ’বলৈ দুবছৰ বাকী থকা অৱস্থাত নবীন পটনায়কৰ চৰকাৰ অস্থিৰ হৈ পৰিছে৷ বিৰোধী দল বিজেপি আৰু কংগ্ৰেছে তীব্ৰ চৰকাৰবিৰোধী প্ৰতিবাদ গঢ়ি তুলিছে আৰু মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাৰ পদত্যাগ দাবী কৰিছে৷ পৰিস্থিতি চম্ভালিবলৈ গৈ পৰিচ্ছন্ন ভাৱমূৰ্তিৰ মুখ্যমন্ত্ৰী নবীন পটনায়কে এই ঘটনাৰ তদন্ত শিথিল কৰিবলৈ বাধ্য হৈছে৷ কিন্তু প্ৰতিবাদৰ মাত্ৰা দিনে দিনে বৃদ্ধি পোৱাত ওড়িশা চৰকাৰত জোকাৰণিৰ সৃষ্টি হৈছে৷

তেওঁ অৰ্চনা নাগ নহয় যেন ব্ৰিটিছ শ্ব’গাৰ্ল ক্ৰিষ্টিন কীলাৰহে, যাৰ ৰূপৰ জুইত জাহ গৈ ১৯৬৩ চনত ব্ৰিটেইনৰ হেৰল্ড মেকমিলান মন্ত্ৰীসভা ভংগ হোৱাৰ উপক্ৰম ঘটিছিল৷ ক্ৰিষ্টিন কীলাৰৰ যৌনলীলাৰ সংগী হৈ মেকমিলান মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী জন প্ৰফুমুৱে পদত্যাগ কৰি ব্ৰিটেইনৰ চৰকাৰখন ৰক্ষা কৰিবলগীয়া হৈছিল৷ শ্ব’গাৰ্ল, মডেল আৰু  উচ্ছস্তৰীয় বাৰবণিতা হিচাপে পৰিচিত ক্ৰিষ্টিন কীলাৰৰ ৰূপৰ জূইত ’৭০ৰ দশকত যিদৰে শীৰ্ষস্থানীয় ব্ৰিটিছ মন্ত্ৰী-আমোলা জাহ গৈছিল, ঠিক একেদৰে অৰ্চনা নাগ নামৰ এগৰাকী যুৱতীৰ ৰূপ আৰু যৌনতাৰ জালত পৰি এতিয়া পটনায়ক চৰকাৰৰ অৱস্থা অস্থিৰ৷ অৰ্চনা নাগৰ সৈতে পটনায়ক মন্ত্ৰীসভাৰ মুঠ ১৮জন মন্ত্ৰী আৰু বিধায়ক ঘনিষ্ঠভাৱে যৌন কেলেংকাৰিত জড়িত হৈ পৰিছে৷ আন ৭জন বিজেডিৰ শীৰ্ষ নেতাৰ সৈতে মক্ষীৰাণী অৰ্চনাৰ জালত পৰা ওড়িশাৰ বিজেডি শীৰ্ষ নেতাৰ সংখ্যা মুঠ ২৫জন৷ এই ২৫জন নেতাকে নিজৰ ৰূপ আৰু যৌনতাৰ মায়াজালেৰে বন্দী কৰি ব্লেকমেইলিঙৰ জৰিয়তে অৰ্চনাই কোটি কোটি টকা সংগ্ৰহ কৰিছে৷ মক্ষীৰাণী অৰ্চনাৰ জালত পৰা ওড়িশাৰ বহুকেইজন উদ্যোগপতি, ডাঙৰ ব্যৱসায়ী আৰু চিনেমাৰ প্ৰযোজকো আছে৷ এজন ছবিৰ প্ৰযোজক আৰু এগৰাকী মহিলাই তৰা ব্লেকমেইলিঙৰ গোচৰত ইতিমধ্যে যোৱা ৬ অক্টোবৰত ভুবনেশ্বৰ আৰক্ষীয়ে অৰ্চনাক গ্ৰেপ্তাৰ কৰিছে৷ তাৰ পাছতহে এটা এটাকৈ সকলো ঘটনা পোহৰলৈ আহিছে৷ অৰ্চনাৰ মোবাইল ফোন আৰু লেপটপত পটনায়ক মন্ত্ৰীসভাৰ ১৮জন মন্ত্ৰী-বিধায়ককে ধৰি মুঠ ২৫জন নেতাৰ ঘনিষ্ঠ মুহূৰ্তৰ ফটো, ভিডিঅ’ উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ সেই ফটো আৰু ভিডিঅ’ লৈয়েই অৰ্চনাই ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়ক, ব্যৱসায়ীক ব্লেকমেইল কৰি ধন আহৰণ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ অৰ্চনাৰ বেংকত থকা ধনৰ পৰিমাণ আৰু বিনিয়োগ কৰা ধনৰ সংখ্যা ইমান বেছি যে, সেয়া পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে ৰাজ্যৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান বিভাগৰ সহায় বিচাৰিছে৷ প্ৰাথমিকভাৱে উদ্ধাৰ হোৱা তথ্য অনুসৰি ভুবনেশ্বৰত অৰ্চনাৰ এটা প্ৰায়াদোপম কেইবামহলীয়া অট্টালিকা আছে, য’ৰ সকলো আচবাব বিদেশী আৰু অমূল্য৷ তেওঁৰ এটা বৃহৎ ভূমিসহ ফাৰ্ম হাউছো আছে৷ তেওঁৰ আছে এখন বিলাসী বিউটি পাৰ্লাৰ  আৰু আছে ব্যৱহৃত গাড়ীৰ এটা শ্ব’ৰূম৷ ঘৰত আছে চাৰিটা বিদেশী জাতৰ কুকুৰ, এটা বিদেশী বগা ঘোঁৰা৷ গেৰেজত আছে মাৰ্চিডিজ, ফৰচুনাৰকে ধৰি আঠখন বিলাসী গাড়ী৷ বেংকত আছে কমেও ৩০ কোটি টকা৷ ইয়াৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ 

অৰ্চনাৰ ঘৰ আছিল ওড়িশাৰ ক্ষুধাপীড়িত কালাহান্দিৰ লাঞ্জিগড় গাঁৱত৷ পঢ়াশুনা কৰিছিল সমীপৰ কেছিংগা চহৰত৷ তাৰ পাছত তেওঁ ভুবনেশ্বৰলৈ আহি এটা ছিকিউৰিটী সংস্থাত কামত যোগদান কৰে আৰু তাৰপৰাই সূচনা হয় অৰ্চনাৰ যৌনতাৰ মুকলি বজাৰ৷ ২০১৮ চনত তেওঁ জগবন্ধু চান্দ নামৰ এজন যুৱকক বিয়া কৰে আৰু দুয়ো একেলগে ব্লেকমেইলিঙৰ সাম্ৰাজ্যখন বিস্তাৰ কৰে৷ মূলতঃ ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ ৰাজ্যৰ বিত্তশালী আৰু প্ৰভাৱশালী গ্ৰাহক যোগাৰ কৰে৷ অৰ্চনাৰ মূল লক্ষ্য হৈছে ৰাজনৈতিক নেতা আৰু মন্ত্ৰী, যি দৈহিক সুখে বিচাৰে কিন্তু বদনামৰ ভয়ত কোটি কোটি টকা দিবলৈ কুণ্ঠাবোধ নকৰে৷ অৰ্চনাৰ বিউটী পাৰ্লাৰত অবাধে যৌন কাৰ্যকলাপ চলে আৰু তাৰ ফটো তথা ভিডিঅ’ সংগ্ৰহ কৰে তেওঁ৷ আনহাতে, মন্ত্ৰী-বিধায়কৰ সৈতে সংগ দিবলৈ অৰ্চনা নিজে ভিন ৰাজ্যলৈ যায় আৰু দুয়োৰে ঘনিষ্ঠ মুহূৰ্তৰ ফটো, ভিডিঅ’ সংগ্ৰহ কৰে৷ পাছত তেওঁ সেই ফটো আৰু ভিডিঅ’ৰ বিনিময়ত মন্ত্ৰী-বিধায়কৰ পৰা কোটিৰ ঘৰত টকা, বিলাসী গাড়ী সংগ্ৰহ কৰে৷ বিউটী পাৰ্লাৰলৈ অহা গ্ৰাহকো অৰ্চনাৰ পৰা সাৰি নাযায়৷ ভুবনেশ্বৰৰ বিখ্যাত এই পাৰ্লাৰলৈ আহিবলৈ চহৰৰ লম্পট পুৰুষ উদগ্ৰীব হৈ থাকে৷ পিছে তাৰ বাবে লাহে কষ্টসাধ্য ‘এপইণ্টমেণ্ট’৷ এপইণ্টমেণ্ট হোৱা গ্ৰাহক অৰ্চনাৰ পাৰ্লাৰলৈ গৈ সুন্দৰীৰ জালত বন্দী হয় আৰু সৰ্বস্বান্ত নোহোৱালৈ তাৰ পৰা ওলাবলৈ সক্ষম নহয়৷ ২৬ বছৰীয়া অৰ্চনাই কাৰ সাহসত, কিদৰে এনেদৰে যৌনতাৰ মুকলি বজাৰ চলাই আছিল সেই লৈ ৰাজ্যৰ সৰ্বত্ৰ প্ৰশ্ন উঠিছে৷ চৰ্চা হৈছে তেওঁৰ গ্ৰাহক মন্ত্ৰী-বিধায়কৰ ৰক্ষণাবেক্ষণত উত্থান ঘটিছিল অৰ্চনাৰ৷ ঠিক ব্ৰিটেইনৰ ক্ৰিষ্টিন কীলাৰৰ দৰে৷