Logo
image

খ্ৰীষ্টান, মুছলিমক ৰুধিবলৈ মাজুলীত দুৰ্গা পূজাৰ পোষকতা সত্ৰাধিকাৰৰ

আমাৰ অসম, ১৭ অক্টোবৰঃ ‘এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’, কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় ৰচনা কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমত মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল৷ অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল৷ সেই সময়ত অসমত চলি থকা বলি-বিধান, দেৱ-দেৱীৰ পূজাৰ পৰা মানুহৰ মন আঁতৰাই ভগৱান বিষ্ণুৰ উপাসনাক প্ৰাধান্য দিবলৈ মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত গুৰুজনাই মনোনিৱেশ কৰিছিল৷ জীৱনৰ আদি কালছোৱাত গুৰুজনাই বাৰ বছৰ কাল ভাৰতৰ বিভিন্ন তীৰ্থস্থান, ধৰ্মস্থান, মঠ-মন্দিৰ ভ্ৰমণ কৰি সেইসময়ৰ বিশিষ্ট ধৰ্মসাধকসকলৰ চিন্তাধাৰাৰ সৈতে পৰিচিত হৈ এইবোৰৰ প্ৰভাৱত নিজ দেশলৈ উভতি আহি নিজৰ দেশ কাল আৰু পাত্ৰৰ উপযোগীকৈ বিভিন্ন সাহিত্য সৃষ্টি কৰি এক শৰণ নামধৰ্মৰ প্ৰতিষ্ঠা কৰে৷ অসমত ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰি অসমৰ সকলো জাতি-উপজাতিক একতাৰ ডোলেৰে বান্ধি বহুদেৱতা উপাসনাৰ ঠাইত এক ঈশ্বৰৰ ভেটি স্থাপন কৰি সৰ্বসাধাৰণক গুৰুজনাই ভগৱৎমুখী কৰি তোলে৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক গুৰুজনাৰ মহান আদৰ্শ দৰ্শনেৰে আজিও চলি আহিছে মাজুলীৰ সমাজ ব্যবস্থা তথা চিন্তা চেতনা৷ এনে সময়তেই দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাদ্দৰ্নদেৱ গোস্বামীৰ এক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মাজুলীত৷ মাজুলীত খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবেই মাজুলীত দুৰ্গা পূজা পতাৰ পোষকতা কৰা সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে কয়– ‘মাজুলীক বৈষ্ণৱস্থান বুলি কয়, সত্ৰ-সংস্কৃতিৰ পীঠস্থান বুলি কয়, মনি-কাঞ্চন সংযোগ ক্ষেত্ৰ বুলি কয়৷ গতিকে শংকৰ-মাধৱৰ মিলন ক্ষেত্ৰ, সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত বলি-বিধান নহয়৷ বলি-বিধান নোহোৱাৰ কাৰণে দুৰ্গাপূজাৰ মান্যতা মাজুলীবাসীয়ে দিয়া নাছিল বা দিয়া নাই৷ কিন্তু মই ভাবিছোঁ আমি ইয়াত পূজা পতাত আপত্তি নাই৷ যদি আমি বৈষ্ণৱপীঠত কেৰলৰ ধবনি শুনিবই পাৰোঁ, যদি মছজিদত আজান শুনিবই পাৰো, তেতিয়াহলে আমি পিতৃক যেনেকৈ শ্ৰদ্ধা কৰোঁ, মাতৃক তেনেকৈ শ্ৰদ্ধা কৰোঁ৷ পিতৃ গগনৰ সদৃশ আৰু মাতৃ পৃথিৱী সদৃশ৷ গতিকে মই ভাৱো কেৰলৰ ধবনি, আজানৰ ধবনিতকৈ বেদমন্ত্ৰ উচ্ছাৰণ আৰু মাতৃৰ স্তুতিয়ে আমাক প্ৰেৰণা যোগাব৷ গতিকে মাজুলীত দুৰ্গাপূজা পতাত মোৰ ফালৰ পৰা আপত্তি নাই৷’ সত্ৰাধিকাৰ গৰাকীৰ এনে মন্তব্যত স্তম্ভিত হৈ পাৰিছে সুধি সমাজ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই কয়– ‘সত্ৰাধিকাৰে এইটো ক্ষোভত কৈছে৷ মাজুলীত বৈষ্ণৱ ধৰ্মৰ ঠাইত এই যে খ্ৰীষ্টান ধৰ্ম আহিল বা ইছলাম ধৰ্ম আহিল, তাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে৷ তেওঁ ক্ষোভত ফাটি পৰিছে৷ ক্ষোভটো ব্যক্তিগত পৰ্যায়ত নাৰাখি সামাজিক পৰ্যায়ত প্ৰকাশ কৰিছে৷ এককভাৱে এইটো চিন্তা কৰাটো উচিত নহয়৷ সত্ৰাধিকাৰসকলক অনুৰোধ জনাইছোঁ সিদ্ধান্ত লওতে সকলো সত্ৰ সমবেত হৈ এটা সিদ্ধান্ত ল’ব লাগে৷ আৰু এনেকুৱা ধৰণৰ সিদ্ধান্ত নোলোৱা ভাল৷ মাজুলীৰ ভবিষ্যতৰ কাৰণে এনেকুৱা সিদ্ধান্ত বা কথা সংবাদ মাধ্যমত নোকোৱাটো মঙলজনক বুলি মই ভাৱো৷’