Logo
image

ভোটাধিকাৰ নাই অসম কংগ্ৰেছৰ বহু নেতা-বিধায়কৰ

আমাৰ অসম, ১৭ অক্টোবৰঃ অসমৰো ২৮৯ জন ব্লক কংগ্ৰেছৰ নিৰ্বাচিত প্ৰতিনিধিয়ে আজি অনুষ্ঠিত হ’বলগীয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব৷ এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনেদৰে  কয়– আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ এই ভোটদানত প্ৰদেশ কংগ্ৰেছৰ লাখ লাখ কৰ্মকৰ্তাৰ মাজৰ পৰা সৌভাগ্যবান মাত্ৰ ২৮৯  জন প্ৰতিনিধিয়েহে ভোটদান কৰাৰ সুযোগ লাভ কৰিব৷ প্ৰতিটো ব্লকৰ পৰা এজনকৈ ভোটাৰ থাকিব৷ ভোটাৰসকলক ইতিমধ্যে ডিজিটেল কাৰ্ড প্ৰদান কৰা হৈছে৷’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিখিল ভাৰত কংগ্ৰেছ ভোটদানত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱা প্ৰতিজন ভোটাৰকে কাইলৈ ভোটদান কৰিবলৈ ৰাজীৱ ভৱনলৈ আহিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে আজি অনুষ্ঠিত হ’ব লগা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনত বিধায়ক কমলেক্ষ দে’ পুৰকায়স্থকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বহুকেইজন শীৰ্ষ নেতা বাদ পৰাত আন এক বিতৰ্কিৰ সূচনা হৈছে৷ দলটোৰ অভ্যন্তৰতে ব্লকৰ পৰা ভোটৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ উঠিছে৷  ইফালে কালি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা সময়ত উপস্থিত নথকাৰ সন্দৰ্ভত স্পষ্টীকৰণ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই  কয় ‘এক পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে কালি দিল্লীত থাকিবলগীয়া হোৱাত শশী থাৰুৰ ডাঙৰীয়া আদৰণি অনুষ্ঠানত থাকিব নোৱাৰিলোঁ৷ দিল্লীলৈ যোৱাৰ পূৰ্বে দলৰ চাৰিজন জ্যেষ্ঠ নেতা ক্ৰমে মাধুৰ্য গোস্বামী, নৱ তালুকদাৰ, বিপুল গগৈ আৰু মেহদী আলম বৰাক দায়িত্ব দি গৈছিলোঁ৷ তেওঁলোকে মোৰ নিৰ্দেশতে শশী থাৰুৰ ডাঙৰীয়াক আদৰাৰ বিভিন্ন কাম কৰিছিল৷ সভাপতি পদৰ আনগৰাকী প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া অহাৰ সময়তো প্ৰত্যক্ষভাৱে সভাত মই নাছিলোঁ, কালি থকা হ’লেও সভাত উপস্থিত থাকিব নোৱাৰিলোহেঁতেন৷’ ইফালে, ব্লকৰ পৰা সভাপতি পদৰ নিৰ্বাচনৰ বাবে প্ৰতিনিধি বাছনিত আসোঁৱাহ হোৱাৰ কথা স্বীকাৰ কৰি বৰাই কয় যে বাদ পৰি যোৱা ১৫ জন জ্যোষ্ঠ নেতাক সভাপতিৰ ক্ষমতাৰে এপিচিচিৰ মেম্বাৰ পদলৈ মনোনীত কৰা হ’ব৷ ১৯ অক্টোবৰত ফলাফল ঘোষণাৰ পাছতে কংগ্ৰেছৰ আভ্যন্তৰিণ নিৰ্বাচনৰ হৰা-জিকা সকলো এক হ’ব বুলিও বৰাই দাবী কৰে৷ তেওঁ কয় যে নিখিল ভাৰত কংগ্ৰেছ সভাপতি নিৰ্বাচনত যিজন হাৰিব সেইজনো নিশ্চিতভাৱে চি ডব্লিউ চিৰ মেম্বাৰ হ’ব৷ উল্লেখ্য যে কাইলৈৰ ভোটগ্ৰহণৰ পাছত ৰাজীৱ ভৱনৰ পৰা বেলট বক্স নতুন দিল্লীলৈ লৈ যোৱা হব৷