Logo
image

আজি কাতি বিহু

আমাৰ অসম, ১৮ অক্টোবৰঃ তুলসীৰ তলে তলে মৃগ পহু চৰেযতাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে৷... আজি কাতি বিহু৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুৰ অন্যতম বিহু কাতি বিহু৷ চহা জীৱনৰ সৈতে সংপৃক্ত হৈ থকা অসমীয়া সমাজে পৰম্পৰা ৰক্ষা কৰি কাতি বিহু পালন কৰি আহিছে৷ ভোগালী আৰু ৰঙালী বিহুতকৈ কাতি বিহুৰ তাৎপৰ্য কিছু পৰিমাণে সুকীয়া৷ কৃষিজীৱী অসমীয়াৰ জাতীয় জীৱনৰ এক অভিন্ন অংগ কাতি বিহু৷ কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম আৰু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়৷ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালিধান চপাবলৈ যথেষ্ট সময় থাকে৷ অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতিবিহুক কঙালী বিহু বুলিও কোৱা হয়৷ এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰাৰ লগতে নাম-কীৰ্তন পৰিৱেশন কৰে৷  ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়৷ ঠায়ে ঠায়ে আকাশ বন্তিও জ্বলোৱা হয়৷ কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে৷ কিন্তু কঙালী বুলিয়েই এই বিহুটি তাৎপৰ্যহীন নহয়৷ ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়৷ শ্যামল পথাৰখনত সোণগুটিৰ থোক পেলোৱাৰ আনন্দই কৃষকৰ মুখলৈ লৈ আহে হাঁহি আৰু আশাৰ বতৰা৷ শ্যামল পথাৰখনে কঢ়িয়াই আনে নান্দনিক দৃশ্য৷ এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়৷ কাতি বিহু উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কংক্ৰিটৰ মহানগৰীতো কাতি বিহুৰ আয়োজন কৰা হৈছে৷ কাতি বিহুৰ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে তুলসী পুলি বিক্ৰী কৰিবলৈ গুৱাহাটীৰ পাশ্বৰ্ৱৰ্তী অঞ্চলৰ থলুৱা ব্যৱসায়ীসকলে গুৱাহাটীত ভিৰ কৰিছে৷ ইফালে গুৱাহাটীৰ নামঘৰ সমূহতো কাতি বিহুৰ বিহু উপলক্ষে নাম-কীৰ্তনৰ আয়োজন কৰা হৈছে৷ ইফালে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমম্বয় সমিতিৰ উদ্যোগত আৰু গীতা নগৰ বিহু সন্মিলনী সমিতিৰ সহযোগত এইবাৰ পোন প্ৰথমবাৰৰ বাবে গীতানগৰ স্কুল খেল-পথাৰত কাইলৈ বাপতি-সাহন কাতি বিহু ৰাজহুৱাভাৱে পালন কৰাৰ যো-জা কৰা হৈছে৷ এই উপলক্ষে সোমবাৰে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ [প্ৰায় ৪০খন বিহু সন্মিলন] উদ্যোগত আৰু গীতানগৰ বিহু সন্মিলনৰ সহযোগত গীতানগৰ বিহু সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সমিতিৰ সভাপতি ৰঞ্জন বৰা আৰু সম্পাদক অজয় তালুকদাৰে কয়– বৰ্তমান কংক্ৰিটৰ মহানগৰীত বসবাস কৰা বা আজিৰ প্ৰজন্মই কাতি বিহুৰ প্ৰকৃত পৰম্পৰানো কি, সঁচা অৰ্থত পাহৰি পেলাইছে৷ সেয়ে সেই সকলক এই বিহুৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে কাইলৈ গীতানগৰ খেল পথাৰত এখন কৃত্ৰিম ধাননি পথাৰ, এটা খেৰি-ঘৰ, ঘৰৰ ওপৰত কোমোৰা, জেওৰাৰ চৌহদ, নঙলা-মুখ, তুলসীৰ ভেটি আদি তৈয়াৰ কৰি সম্পূৰ্ণ এখন গাঁৱৰ পৰিৱেশ তৈয়াৰ কৰাৰ চেষ্টা কৰা হৈছে৷ কাতি বিহুৰ লগত সংগতি ৰাখি বিয়লি তিনি বজাৰ পৰা কণ কণ ল’ৰা-ছোৱালীৰ মাজত প্ৰাৰ্থনা প্ৰতিযোগিতা, পুৱা এঘাৰ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু চাৰি বজাৰ পৰা তুলসীৰ ঢিপ বনোৱা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷ প্ৰতিটো প্ৰতিযোগিতা ‘ক’ শাখাত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আৰু ‘খ’ শাখাত সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানত ভাগ ল’ব বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মা, অভিনেত্ৰী মলয়া গোস্বামী, সাংসদ তথা মুখ্যমন্ত্ৰীৰ উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটা, মেয়ৰ মৃগেন শৰণীয়া, কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ উপৰিও অন্যান্য বহুতো গণ্য-মান্য ব্যক্তি৷ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আয়োজন কৰা এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি উদ্যোক্তা সকলে কামনা কৰিছে৷’ অসমীয়া কৃষিজীৱীলোকে বছৰটোলৈ ভঁৰাল যাতে ধনেৰে উপচি পৰে শস্যডৰাক যাতে কিট-পতংগই অনিষ্ট নকৰে তাৰ বাবে আজি খেতি পথাৰত আৰু নামঘৰে নামঘৰে সেৱা লোৱাৰ লগতে দেশৰ দহৰ মংগল কামনা কৰিব৷