Logo
image

পৰিৱৰ্তনৰ আশা ক্ষীণ, পিছদুৱাৰেদি পুনৰ ১০জনপথ-ৰাজ

আমাৰ অসম, ১৮ অক্টোবৰঃ কংগ্ৰেছ দলটোৰ বয়স ১৩৭ বছৰ৷ স্বাধীনতা যুঁজৰ মূল কাণ্ডাৰী কংগ্ৰেছ তেতিয়া ৰাজনৈতিক দল নাছিল যদিও স্বৰাজোত্তৰ ভাৰতত সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰা স্বত্বেও এতিয়া দলটোৱে নিজকে ৰাষ্ট্ৰীয় কংগ্ৰেছ বুলি চিনাকি দি বয়সটো তেতিয়াৰ পৰাই হিচাপ কৰে৷ অৱশ্যে ’৮০ৰ দশকত একেটা দলেই আই কংগ্ৰেছ হোৱাটোও এতিয়া পাহৰনিৰ গৰ্ভত৷ সেই ১৩৭ বছৰীয়া কংগ্ৰেছ দলটোৰ এই প্ৰায় ডেৰশ বছৰীয়া ইতিহাসত আচৰিতভাৱে আজি সোমবাৰে শীৰ্ষ পদবী অৰ্থাৎ সভাপতি পদৰ বাবে ষষ্ঠবাৰলৈ নিৰ্বাচন অনুষ্ঠিত হ’ল৷ তথাপি দলটোৰ সভাপতি নিৰ্বাচন পৰিচালনা কৰা শীৰ্ষ নেতা মধুসুধন মিস্ত্ৰীয়ে দাবী কৰিলে, এই নিৰ্বাচনী প্ৰক্ৰিয়াৰে কংগ্ৰেছে দেশৰ ৰাজনৈতিক দলৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰিলে৷ অৱশ্যে এই কথাৰো সত্যতা নথকা নহয়৷ কিয়নো এতিয়া দেশ আৰু বিশ্বৰ বৃহত্তম ৰাজনৈতিক দল বিজেপিতো সভাপতি নিৰ্বাচন প্ৰায় মনোনীত কৰাৰ দৰেই, বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয় মোদী সমৰ্থিত প্ৰাৰ্থী, তেওঁ লাগিলে অমিত শ্বাহেই হওক কিম্বা জেপি নড্ডা৷ 

২০০০ চনৰ পাছত কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচনত এইবাৰ ভোটগ্ৰহণ হোৱাটো বা প্ৰতিদ্বন্দ্বিতা হোৱাটো যিমান তাৎপৰ্যপূৰ্ণ বিষয়, ততোধিক গুৰুত্বপূৰ্ণ হৈছে ২৪ বছৰৰ পাছত কংগ্ৰেছৰ শীৰ্ষ পদবীত কোনো গান্ধী নাথাকিব৷ ১৯৯৮ চনৰ মাৰ্চত সীতাৰাম কেশৰীক অসন্মানজনকভাৱে গান্ধী সমৰ্থকে অপসাৰণ কৰাৰ পাছত সভানেত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল ছোনিয়া গান্ধী আৰু ২০০০ত তেওঁ শেষবাৰৰ বাবে নিৰ্বাচনৰ সন্মুখীন হৈছিল৷ সেই নিৰ্বাচনত ছোনিয়া গান্ধীয়ে ৯৬ শতাংশ ভোটেৰে পৰাজিত কৰিছিল প্ৰতিদ্বন্দ্বী জিতেন্দ্ৰ পচন্দক৷ ২০০০ চনৰ পাছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে আজি অৰ্থাৎ সোমবাৰে প্ৰথমবাৰলৈ আভ্যন্তৰীণ নিৰ্বাচন অনুষ্ঠিত হ’ল, য’ত প্ৰতিদ্বন্দ্বিতা কৰিলে ৮০ বছৰীয়া প্ৰবীণ মল্লিকাৰ্জুন খৰ্গে আৰু ৬৭ বছৰীয়া আপেক্ষিকভাৱে কম বয়সীয়া প্ৰাৰ্থী শশী থাৰুৰে৷ নিৰ্বাচনৰ পূৰ্বেই মল্লিকাৰ্জুন খৰ্গে গান্ধী পৰিয়ালৰ সমৰ্থিত প্ৰাৰ্থী বুলি বহুলভাৱে প্ৰচাৰ হোৱাত ফলাফল খৰ্গেৰ দিশেই যাব বুলি ধাৰণা কৰা হৈছে৷ অৰ্থাৎ পিছ দুৱাৰেদি হ’লেও কংগ্ৰেছ পৰিচালিত হ’ব ১০নং জনপথৰ পৰা৷ কংগ্ৰেছৰ এই আভ্যন্তৰীণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১৯ অক্টোবৰত৷ আজি নিৰ্বাচন সম্পন্ন হোৱাৰ পাছত সকলো ৰাজ্যৰ পৰা ৱেলট বাকচ মঙলবাৰে দিল্লীলৈ লৈ যোৱা হ’ব আৰু সকলো বেলট কাগজ মিহলি কৰি সেইদিনাই গণনা কৰা হ’ব৷ কোন ৰাজ্যই কোনজন প্ৰাৰ্থীক কিমান ভোট দিছে, সেয়া পৰিষ্কাৰ হৈ নপৰিবৰ বাবেই এনে পৰিকল্পনা কৰা হৈছে৷ 

মঙলবাৰে মুঠতে ৯,৫০০ কংগ্ৰেছীয়ে সভাপতি পদৰ নিৰ্বাচনত ভোটদান কৰে৷ অন্তৰ্ৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী, তেওঁৰ কন্যা প্ৰিংয়কা গান্ধীয়ে আন আন ভোটাৰৰ সৈতে দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত ভোটদান কৰে৷ ভাৰত জোড়ো যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ বেলাৰি জিলাৰ সংগনাকাল্লুত স্থাপন কৰা অস্থায়ী বুথত ভোটদান কৰে৷ ভোটদান কৰি ছোনিয়া গান্ধীয়ে কয় যে, তেওঁ এই দিনটোলৈ বহু দিনৰ পৰা অপেক্ষা কৰি আছিল৷ আনহাতে মল্লিকাৰ্জুন খৰ্গেই বেংগালুৰুত আৰু আনজন প্ৰাৰ্থী শশী থাৰুৰে তিৰুঅনন্তপুৰমত ভোটদান কৰে৷ নিৰ্বাচন হৈ যোৱাৰ পাছত থাৰুৰে খৰ্গেৰ সৈতে ফোনত বাৰ্তালাপ কৰে আৰু কয় যে, বিজয়ী যিমানেই হওক তেওঁলোক দুয়ো একেলগে দলৰ হৈ কাম কৰি যাব৷ আনহাতে খৰ্গেই ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমত ভৱিষ্যদ্বাণী কৰিবলৈ অস্বীকাৰ কৰে৷