Logo
image

দীৰ্ঘ সমদল লৈ চিবিআইৰ দীৰ্ঘতম জেৰাৰ সন্মুখীন উপ-মুখ্যমন্ত্ৰী ছিছোডিয়া

আমাৰ অসম, ১৮ অক্টোবৰঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াক আপ চৰকাৰৰ আবকাৰী নীতিৰ কেলেংকাৰি সন্দৰ্ভত সোমবাৰে চিবিআয়ে দীঘলীয়া জেৰা কৰে৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা চিবিআইৰ জেৰা নিশা ৮ বজা পৰ্যন্ত অব্যাহত আছে৷ চিবিআইৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ উত্তৰত তদন্তকাৰী বিষয়া সন্তুষ্ট হোৱা নাই৷ সম্ভৱতঃ সেই কাৰণতে তেওঁক কাইলৈ পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে তেনে সম্ভাৱনাৰ বিষয়ে এতিয়াও চিবিআয়ে মুকলিকৈ প্ৰকাশ কৰা নাই৷ তদন্তকাৰী বিষয়াই ঘাইকৈ মণীষ ছিছোদিয়াক দিল্লীৰ আপ চৰকাৰে গ্ৰহণ কৰা আবকাৰী নীতিৰ ক্ষেত্ৰত লোকচান কিয় হ’ল আৰু সেই আবকাৰী নীতি তেওঁলোকে কিয় প্ৰত্যাহাৰ কৰিলে সেই সন্দৰ্ভত পোনপটীয়া উত্তৰ বিচাৰে৷ চিবিআইৰ সূত্ৰ মতে এই সন্দৰ্ভত ছিছোদিয়াই স্পষ্টভাৱে মতামত ব্যক্ত কৰা নাই৷ উল্লেখ্য উপ-মুখ্যমন্ত্ৰীৰ উপৰি ছিছোদিয়াৰ হাতত আবকাৰী দ৫ৰো আছে আৰু তেওঁৰ অধীনতে আপ চৰকাৰে নতুন আবকাৰী নীতি বলৱৎ কৰিছিল৷ কিছুদিন পাছত নতুন আবকাৰী নীতিৰ অধীনত চৰকাৰ বৃহৎ লোকচানৰ সন্মুখীন হোৱাত সেই নীতি প্ৰত্যাহাৰ কৰা হয়৷ অভিযোগ অনুসৰি নতুন আবকাৰীৰ নীতিৰ অধীনত সুৰা ব্যৱসায়ীসকল লাভান্বিত হয় আৰু তেওঁলোকৰ লাভৰ অংশ উৎকোচ হিচাপে মণীষ ছিছোদিয়াই গ্ৰহণ কৰে৷ পিছে উত্থাপিত অভিযোগ অনুসৰি ছিছোদিয়াই তেনেই সামান্য পৰিমাণৰ ধন লগত ৰাখি বৃহৎ অংশ দল পৰিচালনাৰ বাবে আগবঢ়ায়৷ সেই অভিযোগ সন্দৰ্ভত ডেৰমাহ পূৰ্বে মণীষ ছিছোদিয়াৰ চৰকাৰী বাসভৱনত চিবিআয়ে ১৪ ঘণ্টা তালাচী চলোৱাৰ উপৰি তেওঁৰ ব্যক্তিগত বাসভৱন, চৰকাৰী কাৰ্যালয় আৰু বেংকৰ লকাৰতো তালাচী চলাইছিল৷ ছিছোদিয়াৰ দাবী সেই তালাচীত চিবিআয়ে কেলেংকাৰি সন্দৰ্ভত কোনো তথ্য জব্দ কৰিব পৰা নাছিল৷

সোমবাৰে মণীষ ছিছোদিয়াই সতীৰ্থ বিধায়ক-সাংসদৰ উপৰি দলৰ বহু নেতাক লগত লৈ প্ৰথমে দলীয় কাৰ্যালয়লৈ যায় আৰু তাৰ পৰা তেওঁ সদলবলে ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধি দৰ্শন কৰে৷ ৰাজঘাটৰ পৰা তেওঁ দীৰ্ঘ সমদল কৰি সতীৰ্থৰ সৈতে চিবিআইৰ কাৰ্যালয়ত উপস্থিত হয়৷ ভিতৰত ছিছোদিয়াক চিবিআয়ে জেৰা কৰি থকাৰ সময়ত বাহিৰত আপৰ সতীৰ্থসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰক্ষীয়ে দলৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে৷ অৰবিন্দ কেজৰিৱালে সোমবাৰে পোনপটীয়া অভিযোগ কৰি কৈছে যে গুজৰাটৰ নিৰ্বাচন সম্পন্ন নোহোৱালৈকে মণীষ ছিছোদিয়াক চিবিআয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰাই ৰাখিব৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ নিৰ্দেশত এই জেৰা চলা বুলি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে অভিযোগ কৰে আৰু কয় যে যিকোনো মুহূৰ্ততে মোদী চৰকাৰৰ নিৰ্দেশতে ছিছোদিয়াক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰাই থোৱা হ’ব৷ গুজৰাটত আম আদমি পাৰ্টীয়ে প্ৰবল জনসমৰ্থন লাভ কৰাৰ বাবে নিৰ্বাচনত পৰাজয় হোৱাৰ ভয়তে বিজেপিয়ে এই পদক্ষেপ লোৱা বুলি কেজৰিৱালে মন্তব্য কৰে৷