Logo
image

বলি দিব কাক! দুৰ্গাপূজাক লৈ মাজুলীত মতভেদ

আমাৰ অসম, ১৮ অক্টোবৰঃ ‘মাজুলীক মাজুলী হৈ থাকিবলৈ দিয়ক৷ দুজনা গুৰুৰ মিলনভূমি এই বৈষ্ণৱপীঠ মাজুলী ভৱিষ্যতেও যাতে সুৰক্ষিত হৈ থাকে তাতহে মনোনিৱেশ কৰক৷ আমাৰ মাজত এক সংঘাতৰ পৰিৱেশ সৃষ্টিৰ বাবে যাতে কোনেও প্ৰয়াস নকৰে৷ মাজুলীৰ যি সাতামপুৰুষীয়া পৰম্পৰা সেয়া সুৰক্ষিত হৈ আছে আৰু সুৰক্ষিত থাকিব৷ দক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰীয়াগৰাকীয়ে যিখিনি কথা কৈছে তাক আমি গৰিহণা দিছোঁ৷ সেয়া তেওঁৰ ব্যক্তিগত বক্তব্য৷ তেওঁ সমগ্ৰ মাজুলীৰ অভিভাৱক নহয়৷ তেখেত যিহেতু দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰো নহয়, গতিকে তেখেতৰ বক্তব্যক লৈ আমি চিন্তিত নহয়৷’ এই ভাষ্য মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ৷ উল্লেখ্য, সততে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি অহা মাজুলীৰ শ্ৰীশ্ৰীদক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰীয়া আৰু বিশ্বহিন্দু মহাসংঘ, অসমৰ সভাপতি জনাদ্দৰ্ন দেৱ গোস্বামীৰ আন এক বিতৰ্কিত মন্তব্যত পুনৰ মাজুলীত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ সত্ৰভূমি মাজুলীত ৰাজ্যৰ অন্য স্থানৰ দৰে দুৰ্গাপূজা অনুষ্ঠিত কৰা নহয়৷ কাৰণ বৈষ্ণব ধৰ্মৰ পীঠস্থান স্বৰূপ মাজুলীত বলি-বিধানৰ প্ৰথা নিষিদ্ধ৷ মাজুলীত দুৰ্গাপূজাৰ জৰিয়তে বলি-বিধানক আদৰি আনিব খোজা বিশ্বহিন্দু মহাসংঘৰ নেতাজনৰ মন্তব্যই স্বাভাৱিকতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ একাংশ ক্ষুব্ধ লোকে আনকি বলি-বিধানৰ পোষকতা কৰা সেই নেতাজনকে দেৱী দুৰ্গাৰ সন্মুখত বলি দিব লাগে বুলিও উষ্মাৰে কৈছে৷ নক’লেও হ’ব যে মহাপুৰুষ গুৰুজনাৰ লগত মাধৱদেৱৰ মিলনৰ মণিকাঞ্চন সংযোগভূমি মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰৰ ঐতিহ্য মহাপুৰুষীয়া আদৰ্শক নস্যাৎ কৰি মাজুলীৰ ঐতিহ্যৰ বিপৰীতে দিয়া মন্তব্যক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে মাজুলীৰ ৰাইজে৷ উল্লেখ্য, অতীজৰে পৰা দুৰ্গাপূজা অনুষ্ঠিত নোহোৱা মাজুলীত দুৰ্গাপূজা অনুষ্ঠিত কৰাত কোনো আপত্তি নাই বুলি উল্লেখ কৰিছিল দেৱ গোস্বামীয়ে৷ দক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰীয়া জনাদ্দৰ্ন দেৱ গোস্বামীয়ে মাজুলীত কেৰলৰ ধবনি বাজিলে, দুৰ্গাপূজা অনুষ্ঠিত কৰাত আপত্তি ক’ত বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল৷ সত্ৰীয়াগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে কয়, ‘তেখেতৰ মন্তব্য শুনি আমিও সচকিত হৈছোঁ৷ মাজুলীত বিশেষকৈ বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰা আছে৷ গতিকে এই বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰাৰ মাজত হঠাৎ কিবা এটা নতুনকৈ জাপি দিয়া কথাটো কোনো কাৰণতে আমি গ্ৰহণ কৰিব নোৱাৰোঁ৷ আমি সদায় এইটোকে বিচাৰোঁ যে বৈষ্ণৱ সংস্কৃতিৰ যি ঐতিহ্য আছে আৰু বৈষ্ণৱ সাংস্কৃতিক প্ৰতিনিধিত্ব কৰা মাজুলীয়ে গোটেই অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক, বৈষ্ণৱ সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেনেকুৱা অৱস্থাত মাজুলীৰ ঐতিহ্য অক্ষুণ্ণ হৈ থাকিব লাগে৷ মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান আৰু এই যি স্বকীয় ঐতিহ্য সদায় যেন এনেকৈয়ে থাকে তাকে আমি মনে প্ৰাণে বিচাৰোঁ৷’ উল্লেখ্য, বৈষ্ণৱপীঠ মাজুলীত ৩৬খন সত্ৰৰ বিপৰীতে ৬৪টা গীৰ্জা স্থাপন হোৱা স্পৰ্শকাতৰ বিষয়ত মাজুলীয়ে সত্ৰপীঠৰ গৌৰৱ হেৰুৱাই পেলোৱাৰ আশংকা প্ৰকাশ কৰি এইক্ষেত্ৰত মাজুলীৰ সচেতন ব্যক্তি, সত্ৰাধিকাৰ, চৰকাৰ সমম্বিতে সকলো সৰৱ হ’ব লাগে বুলিও প্ৰকাশ কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া গৰাকীয়ে৷ কিন্তু কাৰ্যক্ষেত্ৰত এই বিষয়ত বিশেষ সজাগতা পৰিলক্ষিত নোহোৱাত সত্ৰীয়া গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি মাজুলীত শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসন্মত হোৱাৰ কাৰণ নাই বুলি ব্যক্ত কৰে৷ আনহাতে সাহিত্যিক ইছমাইল হুছেইনে জনাদ্দৰ্ন দেৱ গোস্বমীৰ মন্তব্যক সমালোচনা কৰি কয় যে মাজুলীৰ সুকীয়া বৈশিষ্ট্য আছে৷ মাজুলী বৈষ্ণৱপীঠ আছিল আছে আৰু ভৱিষ্যতলৈও থাকিব৷ মন্দিৰ-মছজিদ পতা বহু স্থান আছে, দুৰ্গাপূজাৰ বহু স্থান আছে গতিকে মাজুলীৰ ঐতিহ্য অক্ষুণ্ণ থাকক৷ জনাৰ্দন দেবগোস্বামীৰ মন্তব্যক লৈ গৰমূৰীয়া সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে মাজুলীৰ সত্ৰপীঠৰ গৰিমা অটুট ৰখাৰ বিষয়ত মন্তব্য প্ৰকাশ কৰে৷ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে কয় যে জনাৰ্দন দেৱগোস্বামীয়ে কৰা মন্তব্য একান্তই ব্যক্তিগত৷ মাজুলীত দুৰ্গাপূজা হ’বনে নহ’ব মাজুলীৰ জনসাধাৰণে সিদ্ধান্ত ল’ব৷ ৩৬খন সত্ৰ, দল-সংগঠনৰ মতামতৰ ভিত্তিতহে পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত হ’ব৷ মাজুলীৰ দুইলাখ জনসাধাৰণৰ মত এজনে দিব নোৱাৰে৷ একেদৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ ভূঞা, উপদেষ্টা যুগল হাজৰিকাই কয়– ‘আমি সত্ৰাধিকাৰ হিচাপে সকলোকে সন্মান জনাও, কিন্তু মাজুলীৰ ঐতিহ্য বিঘ্নিত কৰিব পৰা যিকোনো সিদ্ধান্ত এগৰাকী সত্ৰাধিকাৰে দিলেই মানি ল’ব নোৱাৰোঁ৷ কেৱল ব্যক্তিগত আবেগৰ বশৱৰ্তী হৈ দিয়া সিদ্ধান্ত মাজুলীবাসীয়ে মানি নলয়৷’ মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মাজুলী সাংস্কৃতিক মহাসভাৰ সভাপতি প্ৰভাত বুঢ়াভকতে কয় যে ব্যক্তিগত আৱেগৰ অধীন হৈ দিয়া মন্তব্যক মাজুলীবাসীয়ে মানি নলয়৷ এনে মন্তব্যই মাজুলীৰ ঐক্য- সংহতিত ব্যাঘাত জন্মাব৷ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শক লৈ গৌৰৱ কৰা মাজুলীত এনে মন্তব্য নিতান্তই সমীচীন হোৱা নাই৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই এই প্ৰসংগত কয় যে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থলীত মহাপুৰুষ গুৰুদুজনাৰ আদৰ্শ কোনো কাৰণতে বিঘ্নিত হ’বলৈ দিব নোৱাৰি৷ কাৰোবাৰ আবেগিক মত জনসাধাৰণ মতামত হ’ব নোৱাৰে৷