Logo
image

খাদ্য বিচাৰি পথ অৱৰোধ বন্যহস্তীৰ

আমাৰ অসম, ১৮ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত জনাৰণ্য আৰু ৰাজপথলৈ বন্যহস্তী ওলাই অহাটো এতিয়া প্ৰাত্যহিক ঘটনাত পৰিণত হৈছে৷ শেহতীয়াভাৱে উজনি আৰু নামনি অসমৰ বিভিন্ন ঠাইত বহুগুণে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত৷ মূলতঃ মানুহৰ দ্বাৰা অৰণ্য ধবংস কৰাৰ পৰিণতিতে জনাৰণ্যলৈ ওলাই আহিছে বনৰীয়া হাতীৰ জাক৷ দিনচেৰেক পূৰ্বে শোণিতপুৰৰ বিন্দুকুৰিত বন্যহস্তীয়ে যাত্ৰীবাহী ৰে’ল আগচি ধৰাৰ দৰে ঘটনাও ঘটিছে৷ ইফালে, খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিছে সোণাই-ৰূপাই অভয়াৰণ্যৰ এঘাৰটাকৈ হাতী৷ ইফালে, নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে ৰাজপথ ‘অৱৰোধ’ কৰিছে৷ কোৱা বাহুল্য যে নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ জাক এতিয়া সাধাৰণ কথাত পৰিণত হৈছে৷ যি কোনো সময়তে বন্যহস্তীৰ জাকে ৰাষ্ট্ৰীয় পথ পাৰ কৰা সকলোৰে দৃষ্টিগোচৰ হৈছে৷ এই বৃহৎ জাকক লৈ স্বাভাৱিকতে আতংকিত ৰাইজ৷ বন্যহস্তীৰ বৃহৎ জাক কেইবাটাও ভাগত বিভক্ত হৈ জনাৰণ্যত প্ৰৱেশ কৰে৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মূল পথেৰে বন্যহস্তীৰ জাক পাৰ হৈ যোৱাৰ বাবে যানবাহন চলাচলাতো সমস্যাৰ সৃষ্টি হয়৷ হাতীৰ জাকটোত কেইবাটাও পোৱালি আছে৷ উল্লেখ্য, নিশা এই হাতীৰ জাকক লৈ সমগ্ৰ অঞ্চলৰ লোক আতংকিত হৈ পৰে৷ উজাগৰে নিশা পাৰ কৰিব লগা হয়৷ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত এতিয়া এনেদৰেই বিচৰণ কৰিছে হাতীৰ জাকে৷ হাতীৰ জাকৰ বিচৰণৰ বাবে এতিয়া সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হোৱাত পথচাৰী অসুবিধাৰ সন্মুখীন হৈছে৷ আনকি যান-বাহনেৰে সেই পথ অতিক্ৰম কৰিবলৈও ভয় খাইছে সকলোৱে৷

জখলাবন্ধাত হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ 

কলিয়াবৰৰ জখলাবন্ধা কিলিং গাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে সোমবাৰে এটা হাতী পোৱালিৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতী পোৱালিটো প্ৰায় ৬-৭ মাহ ধৰি জখলাবন্ধাৰ উক্ত অঞ্চলতে বিচৰণ কৰি আছিল বুলি বন বিভাগে জানিবলৈ দিয়ে৷ হাতী পোৱালিটো কিছু অসুস্থ হোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই কিছুদিন পূৰ্বে চিকিৎসা প্ৰদান কৰি সুস্থ কৰি কৰি তুলিছিল৷ ইফালে ধাননি পথাৰৰ কাষতে কাটা তাঁৰৰ বেৰত লাগি থকা অৱস্থাত হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ অৱশ্যে হাতী পোৱালিটোৰ স্বাস্থ্যজনিত কাৰণতহে মৃত্যু হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা পশু চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ পাছত এই মন্তব্য কৰে৷

গোৱালপাৰাত পুনৰ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ লৈছে৷ কেতিয়াবা যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে কেতিয়াবা আকৌ বনৰীয়া হাতীৰো অকাল মৃত্যু হৈছে৷ এনে পৰিস্থিতিত গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত শোলমাৰীৰ সমীপৱৰ্তী গেন্দ্ৰাপাৰাৰ ধাননি পথাৰত আজি পুৱা এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়৷ ইয়াকে লৈ জিলাখনত যোৱা এটা পষেকৰ ভিতৰতে তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হ’স৷ স্থানীয় লোকে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ পাছত জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া জিতেন্দ্ৰ সিং ঘটনাস্থলীত উপস্থিত হৈ পশুচিকিৎসকৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ অন্তত হাতীটোক কাষতে গাত খান্দি সমাধিস্থ কৰে৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা নাই যদিও অতিৰিক্ত খাদ্য গ্ৰহণ কৰাৰ পাছত পেটৰ ভিতৰত অতিৰিক্ত গেছ জমা হোৱা নাইবা খাদ্য বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰাৰ সন্দেহ কৰিছে পশু চিকিৎসকে৷ স্থানীয় ৰাইজে জনোৱা মতে বন্যহস্তীৰ জাক এটাই গেন্দ্ৰাপাৰা ওচৰতে থকা বনাঞ্চলত আশ্ৰয় লৈ বিগত কেইবাদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই ধান খেতি বিনষ্ট কৰি আহিছে৷ যোৱা নিশাও এজাক হাতী পথাৰত ধান খাবলৈ আহে যদিও ইয়াৰে এটা হাতী আৰ্তনাদ কৰি চটফটাই আছিল৷ পাছত পুৱা হাতীটোৰ মৃতদেহ উদ্ধাৰ হয়৷ উল্লেখযোগ্য যে চলিত মাহৰ ৬ তাৰিখে আনন্দ বজাৰৰ খেতি পথাৰত আৰু তাৰ পিছদিনা অৰ্থাৎ ৭ তাৰিখে ৰংজুলিত আন এটা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি পুৱা পুনৰ এটা হাতীৰ মৃত্যুৰ খবৰে প্ৰকৃতি প্ৰেমীসকলক ব্যথিত কৰিছে৷