Logo
image

৯ নৱেম্বৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ শপতগ্ৰহণ

আমাৰ অসম, ১৮ অক্টোবৰঃ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক আজি দেশৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদৰি কৰা অনুসৰি অহা ৯ নৱেম্বৰত ন্যায়াধীশ চন্দ্ৰচূড়ে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপতবাক্য পাঠ কৰাব৷ উল্লেখ্য, ইউ ইউ ললিতৰ পাছত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অনুষ্ঠিত হৈছে৷ মাত্ৰ ৭৪ দিনৰ চমু কাৰ্যকালেৰে দেশৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ইউ ইউ ললিতে ইতিমধ্যে কাৰ্যকাল সম্পূৰ্ণ কৰিছে৷ যোৱা সপ্তাহত ইউ ইউ ললিতে তেওঁৰ উত্তৰসুৰী হিচাপে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম নিশ্চিত কৰিছিল৷ লক্ষণীয়ভাৱে দেশৰ নতুন মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় অযোধ্যা বিবাদৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ সাংবিধানিক বেঞ্চ আৰু সুদুৰপ্ৰসাৰী গোচৰৰ ৰায়ৰ সৈতে জড়িত আছিল৷