Logo
image

কিয়েভত ড্ৰোন আক্ৰমণ

আমাৰ অসম, ১৮ অক্টোবৰঃ যোৱা দেওবাৰে দীৰ্ঘদূৰত্বভেদী ক্ষেপণাস্ত্ৰণৰে ইউক্ৰেইনৰ কেইবাখনো চহৰত প্ৰবল আক্ৰমণ সংঘটিত কৰাৰ ৮ দিন পাছত সোমবাৰে পুৱাই ৰাছিয়াই ৰাজধানী কিয়েভকে ধৰি একাধিক চহৰত ইৰাণৰ পৰা লাভ কৰা কামিকাজে ড্ৰোনেৰে পুনৰ আক্ৰমণ হানিছে৷ সোমবাৰৰ ড্ৰোন আক্ৰমণত ইউক্ৰেইনৰ ৯জন অসামৰিক লোকৰ মৃত্যু হৈছে৷ যোৱা দেওবাৰে কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণত ১৮জন অসামাৰিক লোকৰ মৃত্যু হৈছিল৷ সোমবাৰে ৰাছিয়াই মানৱবিহীন, স্বয়ংচলিত ড্ৰোনেৰে ৰাজধানী কিয়েভ, সীমান্তৱৰ্তী ছুমি আৰু নিপ্‌ৰ’ চহৰত আক্ৰমণ কৰে৷ এই আক্ৰমণত কিয়েভ আৰু ছুমিত ৪জনকৈ মুঠতে ৮জন আৰু নিপ্‌ৰ’ চহৰত এজন লোকৰ মৃত্যু হয়৷ স্থানীয় সময় অনুসৰি পুৱা ৬.৩০ বজাত এই আক্ৰমণ সংঘটিত হয়৷ ৰাছিয়াই কেৱল ৰাজধানী কিয়েভ চহৰতে ২৮টা ড্ৰোণেৰে আক্ৰমণ সংঘটিত কৰে৷ কিন্তু চহৰৰ মেয়ৰ ভিটালি ক্লিটচেংকোৱে দাবী কৰা অনুসৰি কেৱল ৫টা ড্ৰোনেহে লক্ষ্যত আঘাত হানিবলৈ সক্ষম হয়৷ বাকীকেইটা ড্ৰোন বিস্ফোৰণৰ পূৰ্বেই ইউক্ৰেইনে ধবংস কৰা বুলি দাবী কৰিছে মেয়ৰ ক্লিটচেংকোৱে৷ তেওঁলোকে ড্ৰোন প্ৰতিহত কৰাৰ ভিডিঅ’ প্ৰকাশ কৰি দাবীৰ যথাৰ্থতা প্ৰমাণ কৰিছে৷ ড্ৰোন আক্ৰমণৰ ফলত তিনিখন চহৰৰ বিদ্যুৎ ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাত বৃহৎ সংখ্যক লোকে বিদ্যুতবিহীনভাৱে কটাবলগীয়া হৈছে৷ ৰাছিয়াই ব্যৱহাৰ  কৰা এই কামিকাজে ড্ৰোণ ইৰানৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰা হৈছে৷ অতি কাৰ্যকৰী এই ড্ৰোনৰ ক্ৰয়মূল্য তেনেই কম, মাথোঁ ২০,০০০ মাৰ্কিন ডলাৰ৷ ইৰাণত এই ড্ৰোনৰ নাম শ্বাহিদ-১৩৬৷ ৰাছিয়াই ইৰাণৰ পৰা এনে ১০০টা ড্ৰোন ক্ৰয় কৰিছে৷ আমেৰিকাত নিৰ্মিত অনুৰূপ ড্ৰোন ইতিপূৰ্ব ইউক্ৰেইনে দখলদাৰী ৰাছিয়াই বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰ কৰি সুফল পাইছে৷