Logo
image

বীভৎস! গালৱানত ভাৰতীয় সেনাক হত্যাৰ দৃশ্য দেখুওৱা হ’ল জিনপিঙৰ সভাত

আমাৰ অসম, ১৮ অক্টোবৰঃ ২০২০ চনৰ ১৫ জুনত লাডাখৰ গালৱানত ২০জন ভাৰতীয় সেনাক মৰিয়াই হত্যা কৰাৰ ঘটনাক চীনে জাতীয় গৌৰৱ হিচাপে গ্ৰহণ কৰিছে৷ চীনৰ শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টীৰ পাৰ্টী কংগ্ৰেছত গালৱানত চীনৰ সেনাই ভাৰতীয় সেনাক হত্যা কৰাৰ ভিডিঅ’ প্ৰদৰ্শন কৰাৰ ঘটনাই সেই কথাকে প্ৰতীয়মান কৰাই নহয়, উক্ত ভিডিঅ’ প্ৰদৰ্শন কৰি দেশখনৰ চৰকাৰে তেওঁলোকৰ বীভৎস মানসিকতা প্ৰকট কৰিছে৷ সোমবাৰৰ পৰা ‘গ্ৰেট হল অৱ দ্য পিপল’ত আৰম্ভ হৈছে চীনৰ চিপিচিৰ সপ্তাহজোৰা সন্মিলন৷ সেই সন্মিলনৰ প্ৰথম দিনটোতে দেখুওৱা হৈছে দেশখনৰ নিজৰ পৰাক্ৰম আৰু  বীৰত্ব৷ সেই বীৰত্ব আৰু পৰাক্ৰমৰ অংশ হিচাপে দীঘলীয়া সময়ধৰি প্ৰদৰ্শন কৰা হ’ল গালৱানত চীনৰ সেনাই  ২০২০ চনৰ ১৫ জুনত এজন মেজৰসহ ১২ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ ভিডিঅ’৷ উল্লেখ্য সেই দিনটোত গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত লাঠী আৰু শিলগুটিৰে ৰক্তক্ষয়ী আক্ৰমণ-প্ৰত্যাক্ৰমণ সংঘটিত হৈছিল৷ কিন্তু পূৰ্বৰে পৰা পৰিকল্পিতভাৱে সাজু হৈ থকা চীনৰ সেনাই লাঠীত গঁজাল লগাই ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল৷ আনহাতে ভাৰতীয় সেনা আছিল নিৰস্ত্ৰ৷ হাতৰ কাষতে পোৱা শিলগুটিক আশ্ৰয় কৰি ভাৰতীয় সেনাই আত্মৰক্ষা কৰিছিল৷ এটা পক্ষয়ো সেই সংঘৰ্ষত আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল৷ কিন্তু চীনৰ সেনাই গঁজাল লগোৱা লাঠী ব্যৱহাৰ কৰি ভাৰতীয় সেনাক প্ৰহাৰ কৰা আৰু  পাহাৰৰ ওপৰৰ পৰা গালৱান নদীৰ পানীলৈ ঠেলি বগৰাই দিয়াত মুঠতে ২০ জন ভাৰতীয় সেনা নিহত হৈছিল৷ সংঘৰ্ষত চীনৰ সেনাও নিহত হৈছিল৷ কিন্তু এই পৰ্যন্ত দেশখনে তেওঁলোকৰ সেনাৰ কিমান ক্ষতি হ’ল সেই বিষয়ে ৰাজহুৱা নকৰিলে৷

চিপিচিৰ সন্মিলনৰ মাজতে সোমবাৰে চীনৰ সেনাৰ বীৰত্ব প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে গালৱানৰ  উক্ত সংঘৰ্ষৰ ভিডিঅ’ দেখুৱাইছে চীন কমিউনিষ্ট পাৰ্টীয়ে৷ সেই ভিডিঅ’ত ভাৰতীয় সেনাৰ নিথৰ দেহ আৰু আহত অৱস্থাত চুচৰি চুচৰি যোৱা কৰুণ দৃশ্য প্ৰদৰ্শন কৰা হৈছে৷ আনহাতে সেই সময়ত হাতত লাঠী আৰু দেশৰ পতাকা লৈ থিয় হৈ আছে চীনৰ সেনা৷ এই সমস্ত ভিডিঅ’ৰ ধাৰা বিৱৰণী দিছে কিউৱি ফাবাও নামৰ এজন চীনৰ সেনাই৷ তেওঁ সেই সংঘৰ্ষত আহত হৈছিল৷ চলিত বছৰত বেইজিঙত অনুষ্ঠিত শীতকালীন অলিম্পিকত এই ফাবাও নামৰ চীনৰ সৈনিকজনক  দেশৰ অলিম্পিক শিখা বহন কৰিবলৈ দিয়া হৈছিল৷ চীনে ক্ৰীড়া মহোৎসৱতো সেনাবাহিনীৰ বীৰত্ব বিশ্বজুৰি প্ৰকাশ কৰাৰ বাবেই ফাবাওক সেই দায়িত্ব দিছিল৷ ফলত প্ৰতিবাদ কৰি ভাৰতে শীতকালীন অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠান বৰ্জন কৰিছিল৷ ফাবাও নামৰ সৈনিকজনক চীনৰ চৰকাৰে পৰৱৰ্তী সময়ত পুৰস্কৃত কৰিছিল৷ এইবাৰ তেওঁক বীৰত্বৰ বাবে পুনৰ পুৰস্কৃত কৰা হ’ল আৰু পাৰ্টী কংগ্ৰেছৰ সন্মিলনত উপস্থিত থাকি সেই ঘটনাৰ ধাৰা বিৱৰণী দিয়াৰ সন্মান প্ৰদৰ্শন কৰা হ’ল৷

কূটনৈতিক মহলৰ মতে, চীনৰ শাসনাধিষ্ঠিত দলটোৰ এই কাৰ্যই উভয় দেশৰ মাজৰ সম্পৰ্ক অধিক তিক্ত কৰি তুলিব৷ নতুন দিল্লীয়ে এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক  প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ কিন্তু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে তেওঁৰ শাসনকালত দেশখন ইমান পৰাক্ৰমী হৈছে সেয়া প্ৰতীয়মান কৰিবলৈ পাৰ্টী কংগ্ৰেছক এনেধৰণৰ ভিডিঅ’ প্ৰদৰ্শন কৰিছে৷ যিহেতু প্ৰতিবেশী ভাৰতক চীনে শক্তিশালী শত্ৰু হিচাপে গ্ৰহণ কৰে সেয়ে ভাৰতীয় ২০ জনকৈ সেনাক হত্যা কৰাৰ ঘটনা চীনৰ বাবে স্বাভাৱিকতে বীৰত্বৰ পৰিচায়ক৷ সেই ভিডিঅ’ প্ৰদৰ্শন কৰাৰ পাছত জিনপিঙে কয় যে– দেশৰ সেনাবাহিনীক আৰু শক্তিশালী কৰা হ’ব৷ জাতীয় স্বাৰ্থত সেনাবাহিনীক আৰু আধুনিক কৰি গঠন কৰা হ’ব৷ দেশৰ সেনাবাহিনী কমিউনিষ্ট পাৰ্টীৰ নিৰ্দেশতে পৰিচালিত হ’ব৷ জিনপিঙে তেওঁৰ বক্তব্যত ভাৰতৰ নাম পোনপটীয়াকৈ নল’লেও টাইৱানৰ ক্ষেত্ৰত প্ৰয়োজনবোধে বলপ্ৰয়োগ কৰা হ’ব বুলি মন্তব্য কৰে৷