Logo
image

এই দীপাৱলীত মাথোঁ সেউজ ফটকা

আমাৰ অসম, ১৮ অক্টোবৰঃ আগন্তুক দীপাৱলীৰ সময়ত আপুনি যিকোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব৷ এই ক্ষেত্ৰত প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰণ কৰি দীপাৱলী উপভোগ কৰিব লাগিব আপুনি৷ উল্লেখ্য যে   অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকা ফুটোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ কঠোৰ নিৰ্দেশনা৷ ২০০৫ চনতে উচ্ছতম ন্যায়ালয়ে প্ৰদান কৰা এক নিৰ্দেশনাৰ ভিত্তিত পৰিষদে জাৰি কৰিছে এই নীতি-নিৰ্দেশনা৷ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বিকট শব্দ কৰি ফুটা ফটকা ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ শব্দ প্ৰদূষণ সৃষ্টি নকৰা ফটকাহে ব্যৱহাৰ কৰিব পাৰিব ৰাইজে৷ ১২৫ ডেচিবলতকৈ বেছি শব্দৰ সৃষ্টি কৰা ফটকা প্ৰস্তুত আৰু বিক্ৰীৰ ক্ষেত্ৰতো ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে৷ দীপাৱলীৰ পূৰ্বে আৰু দীপাৱলীৰ সময়ছোৱাত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বায়ুৰ গুণগত মান আৰু শব্দ প্ৰদূষণৰ মাত্ৰা জৰীপ কৰিব৷ গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, শিৱসাগৰ, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱত বায়ুৰ মান জৰীপ কৰাৰ উপৰিও গুৱাহাটী মহানগৰীত বায়ুৰ মান ১৫ দিন ধৰি নিৰীক্ষণ কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে৷ দেৱালীৰ পূৰ্বৰ ৭ দিন আৰু পিছৰ ৭ দিন গুৱাহাটীৰ বায়ুৰ মান নিৰীক্ষণ কৰিব পৰিষদে৷ আনকি ফটকাৰ গুদাম সমূহতো তালাচী চলাব পৰিষদৰ বিষয়া-কৰ্মচাৰীয়ে৷ যাতে শব্দ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব পৰা ফটকা বিক্ৰী উৎসতে বন্ধ কৰিব পাৰে৷ পৰিষদৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এজন দণ্ডাধীশ পৰ্যায়ৰ বিষয়াও যাব৷ জিলা উপায়ুক্তসকলে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ উল্লেখ্য যে, পৰিষদে গুৱাহাটী, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি নগাঁও, মৰিগাঁও, হোজাই, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, তেজপুৰ, উত্তৰ লখিমপুৰ, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা, আৰু বঙাইগাঁৱৰ শব্দ প্ৰদূষণৰ মাত্ৰা ২৪ আৰু ২৫ দিন অক্টোবৰত পৰীক্ষা কৰিব৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিশেষজ্ঞই সেউজ ফটকা ব্যৱহাৰৰ সপক্ষে মত প্ৰকাশ কৰি কয়– বিকল্প হিচাপে আমি সেউজ ফটকা গ্ৰহণ কৰিব লাগে৷ ২০১৯ চনৰ পিছৰ পৰা পৰ্যায়ক্ৰমে সেউজ ফটকা ব্যৱহাৰ আৰম্ভ হৈছে৷ সেউজ ফটকাত বেৰিয়াম নাইট্ৰেট নামৰ ক্ষতিকাৰক ৰাসায়নিক নাথাকে৷ উল্লেখ্য যে ২০১৪ চনত উচ্ছতম ন্যায়ালয়ে দেশবাসীৰ স্বাস্থ্য আৰু বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি সেউজ ফটকা প্ৰস্তুতৰ নিৰ্দেশ দিয়ে৷ সেউজ ফটকা ফুটালে ইয়াৰ পৰা তুলনামূলকভাৱে কমকৈ কাৰ্বন নিৰ্গমন হয়৷ প্ৰচলিত ফটকাত সাধাৰণতে এলুমিনিয়াম, বেৰিয়াম, পটাছিয়াম, নাইট্ৰেট বা কাৰ্বন অধিক পৰিমাণে ব্যৱহাৰ হয়৷ এইসমূহ প্ৰাকৃতিক বাবে যথেষ্ট ক্ষতিকাৰক৷ কিন্তু সেউজ ফটকাত এইসমূহ ক্ষতিকাৰক ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নহয়৷ সেউজ ফটকা প্ৰস্তুতৰ দায়িত্ব উচ্ছতম ন্যায়ালয়ে কেৱল চিএফআইআৰ–নেশ্বনেল এনভাইৰণমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউটেহে লাভ কৰিছে৷ উল্লেখ্য যে এইবাৰৰ দীপাৱলীৰ সময়ত তেলেংগানাত কেৱল সেউজ ফটকাৰহে অনুমতি দিয়া হৈছে৷ সেউজ ফটকাই প্ৰদূষণৰ মাত্ৰা ৩০ শতাংশ হ্ৰাস কৰে৷ অৱশ্যে পৰম্পৰাগত ফটকাৰ তুলনাত সেউজ ফটকাৰ দাম ৫০ৰ পৰা ৬০ শতাংশ অধিক৷