Logo
image

জ্বলন্ত শ্ৰীলংকাৰ সাহিত্যিকলৈ বুকাৰ

আমাৰ অসম, ১৯ অক্টোবৰঃ শ্ৰীলংকাৰ ঔপন্যাসিক ছেহান কৰুণাতিলকা চলিত বছৰৰ উপন্যাসৰ বুকাৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷ দুৰ্ভিক্ষ কৱলিত শ্ৰীলংকাৰ বাবে এই সংকটৰ সময়ত কৰুণাতিলকাই সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে৷ তেওঁৰ উপন্যাস ‘দ্য ছেভেন মুনছ অব মালি আলমেইডা’ৰ বাবে বুকাৰ বঁটা আগবঢ়োৱা হৈছে৷ আধ্যাত্মিক এই উপন্যাসখনত কৰুণাতিলকাই বৰ্ণনা কৰিছে  যুদ্ধত নিহত এজন ফটোগ্ৰাফাৰৰ অভিযান আৰু মৃত্যুৰ পাছৰ জীৱনৰ বিষয়ে৷ ইয়াৰ পূৰ্বে কৰুণাতিলকাই ২০১৯ চনত এতিয়াৰ ব্ৰিটেইনৰ ৰাণী কেমিলা পাৰ্কাৰৰ পৰা ইংৰাজী সাহিত্যৰ বঁটা লাভ কৰিছিল৷ যিখন উপন্যাসৰ বাবে কৰুণাতিলকাই বুকাৰ বঁটা লাভ কৰিছে সেই উপন্যাসত তেওঁ ১৯৯০ দশকৰ দেশখনৰ  গৃহযুদ্ধৰ কাহিনী বৰ্ণনা কৰিছে৷ সেই সময়ছোৱাত দ্বীপৰাষ্ট্ৰখনত তামিল বিদ্ৰোহীৰ উত্থান ঘটিছিল৷ এলটিটিই নামৰ তামিল বিদ্ৰোহী সংগঠনটোৰ চৰকাৰবিৰোধী  যুদ্ধত দেশৰ পৰিস্থিতি অৱৰ্ণনীয় পৰিছিল৷ সেই সময়ত মালি আলমেইডা নামৰ এজন ফটোগ্ৰাফাৰে তেনেদৰে তেওঁৰ পেছাৰ সৈতে গৃহযুদ্ধত জীৱন অতিবাহিত কৰিছিল আৰু কেনেদৰে তেওঁৰ মৃত্যু হৈছিল তথা মৃত্যুৰ পাছত তেওঁৰ জীৱন কেনে আছিল সেই বিষয়ে কৰুণাতিলকাই তেওঁৰ উপন্যাসখনত চমৎকাৰ বৰ্ণনা দিছে৷ উল্লেখ্য, চলিত বছৰৰ বুকাৰৰ বাবে কৰুণাতিলকাৰ এই উপন্যাসৰ উপৰি আন চাৰিজন প্ৰখ্যাত সাহিত্যিকৰ উপন্যাসো বিবেচনা কৰা হৈছিল৷ কিন্তু সেই সকলো সাহিত্যিকক অতিক্ৰম কৰি দ্বীপৰাষ্ট্ৰ  শ্ৰীলংকাৰ বিশ্ব সাহিত্যত অপৰিচিত ঔপন্যাসিকে এনেদৰে বুকাৰ কঢ়িয়াই অনাটো ভাৰতীয় উপমহাদেশৰ সাহিত্যিকৰ বাবে চমকপ্ৰদ সাফল্য হিচাপে বিবেচিত হৈছে৷