Logo
image

উদং পথাৰত কঙালী উদ্‌যাপন

আমাৰ অসম, ১৯ অক্টোবৰঃ খাদ্যবস্তু-নিত্যব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিকে ধৰি হাজাৰটা সমস্যাৰ বোজাত ভাৰাক্ৰান্ত অসমীয়াই মঙলবাৰে পালন কৰিলে কাতি বিহু৷ গুৱাহাটীৰ পৰা যোৰহাটলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, তেজপুৰৰ পৰা কামৰূপলৈ সকলোতে ৰাইজে কাতি বিহু পালন কৰে– পৰম্পৰাগত নীতি-নিয়মেৰে৷ কাতি বিহু যদিওবা কঙালী বিহু, তথাপি নীতি-নিয়মৰ ফালৰ পৰা কাতি বিহুৰ গাম্ভীৰ্য সৰ্বজনবিদিত৷ অসমীয়া ৰাইজে নিজৰ ঘৰত আৰু পথাৰত কাতি বিহুৰ দিনা চাকি জ্বলায়, আকাশবন্তিও জ্বলায়৷ এইখিনি সময়ত শস্যই থোঁৰ মেলে, সগৰ্ভা হয় ধাননি৷ এইখিনি সময়তে আকৌ ঋতুৰো পৰিৱৰ্তনৰ আখৰা চলে৷ কাতি বিহুৰ পাছৰ পৰাই সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব বৃদ্ধি পায়৷ সেইবাবেই কাতি বিহুৰ আধ্যাত্মিক তাৎপৰ্যৰ লগতে বৈজ্ঞানিক ভিত্তিও গুৰুত্বপূৰ্ণ৷ ঋতু পৰিৱৰ্তনৰ এই আলি কেঁকুৰিত যাতে কীট-পতংগই আহি শস্য নষ্ট কৰিব নোৱাৰে, তাৰ বাবেই শস্যভূমিত-পথাৰত চাকি জ্বলোৱা হয়৷ কাতি বিহু অসমৰ জাতীয় জীৱনৰ এটা এৰাব নোৱৰা অংগ৷ এই বিহুৰ দাৰ্শনিক তাৎপৰ্যও অতি গুৰুত্বপূৰ্ণ৷ অৱশ্যে এইবাৰ কাতি বিহু পালন কৰাৰ পৰা বিৰত থাকে বহু লোক৷ বতৰৰ বিঘিনিৰ বাবে এইবাৰ বহু ঠাইত পথাৰ ছন পৰি ৰ’ল৷ খেতিয়কে খেতি কৰিব নোৱাৰিলে৷ বহু ঠাইত শস্যভৰা পথাৰ নষ্ট হৈ গ’ল৷ সেয়ে উকা পথাৰলৈ চাই নীৰৱে চকুলো টুকি কাতি বিহুত চাকি জ্বলোৱাৰ পৰা বিৰত থাকিল বিভিন্ন ঠাইৰ বহু কৃষক৷ এই বেদনা সত্ত্বেও ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অসমীয়াই পালন কৰিলে কাতি বিহু– হেঁপাহৰ কাতি বিহু, মৰমৰ কাতি বিহু, আদৰৰ কাতি বিহু, শ্ৰদ্ধাৰ কাতি বিহু৷

শুকান পথাৰলৈ চাই চকুলো টুকিছে কৃষকে

তিতাবৰ মহকুমাৰ বৰহোলা মৌজাৰ অন্তৰ্গত বালিজান অঞ্চলত পানীৰ অভাৱত বহু কৃষকে এইবাৰ ধানখেতি কৰিব নোৱাৰিলে৷ ছন পৰি ৰ’ল বহু হেক্টৰ কৃষিভূমি৷ ৰাইদাংজুৰি গাঁও পঞ্চায়তৰ ২ নাং কাকডোঙা হাবি গাঁও ১৫ নং ব্লক বালিজানৰ একাংশ কৃষকে অতি দুখেৰে জানিবলৈ দিছে যে, তেওঁলোকে পানীৰ অভাৱত পথাৰত এগোছাও কঠীয়া ৰুব নোৱাৰিলে৷ শালি খেতিৰ সময়ত বৰষুণৰ অভাৱত তেওঁলোকে এইবাৰ অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগসদৃশ খৰাং পৰিস্থিতিৰ সন্মুখীন হ’ল৷ পূৰ্বতে কেতিয়াও এনেধৰণৰ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল৷ দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত পথাৰত ছিৰাল-ফাঁট মেলিছিল৷ কৃষক ৰাইজে পানী সিঁচি বহু কষ্টেৰে কঠীয়া পাৰিছিল, কিন্তু পানীৰ অভাৱত এগোছাও কঠীয়া ৰোপণ কৰিব নোৱাৰিলে৷  কঠীয়া ৰোপণৰ সময় উকলি যোৱাত উপায়ন্তৰ হৈ সেই কঠীয়া গৰু-ছাগলীক খুৱাই দিলে৷ বৰষুণৰ পানীৰ বাবে অপেক্ষা কৰি কৰি কৃষকসকল হতাশাত ভাগি পৰাৰ সময়ত জলসিঞ্চন আৰু কৃষি বিভাগৰ পৰা কোনোধৰণৰ সহায়-সহযোগিতা নাপালে৷  শেষৰফালে কিছু পৰিমাণে বৰষুণ হ’ল যদিও ধানখেতিৰ সময় ইতিমধ্যে পাৰ হৈ গ’ল৷ ফলত কৃষকসকলৰ শালি খেতিৰ পথাৰ ছন পৰি ৰ’ল৷ বিগত বছৰসমূহত এনে সময়ত শালি ধানৰ গছেৰে ভৰপূৰ হৈ থকা এই পথাৰসমূহত এতিয়া গৰু-ছাগলী চৰি আছে৷ কৃষকসকলৰ এই দুৰাৱস্থাৰ বুজ ল’বলৈ চৰকাৰৰ সংশ্লিষ্ট কতৃৰ্পক্ষই আজিপৰ্যন্ত আহৰি নাই৷ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত খৰাং পৰিস্থিতিৰ বাবে ধান খেতি কৰিব নোৱৰা কৃষকসকলক কৃষি ¸বিভাগে এককালীন আৰ্থিক সাহায্য প্ৰদানৰ লগতে তেওঁলোকৰ কৃষিভূমিত ৰবি শস্যৰ কৰিবলৈ প্ৰয়োজনীয় বীজৰ যোগান ধৰি বিভিন্নপ্ৰকাৰে সহযোগিতা আগবঢ়াইছে৷ কিন্তু একে পৰিস্থিতিৰ বাবে ধান খেতি কৰিব নোৱৰা বালিজান অঞ্চলৰ কৃষক ৰাইজৰ মংগলৰ বাবে তিতাবৰ মহকুমা কৃষি বিভাগে আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভূক্তভোগী কৃষকসকলে গভীৰ দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে৷ আজি বাপতিসাহোন কাতি বিহুত উদং পথাৰলৈ চাই কৃষকসকলে চকুলো টুকিছে কিন্তু তেওঁলোকক সান্তনা দিবলৈও কোনো নাই৷ পানীৰ অভাৱত ধান খেতি কৰিব নোৱৰাত আগন্তুক সময়ত খাদ্য আৰু অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ কথা চিন্তা কৰি চৰম সংকটত পৰিছে কৃষকসকলে৷

বহু উকা পথাৰত নজ্বলিল চাকি

অসমীয়াৰ বাপতিসাহোন কাতি বিহু আজি ৰাজ্যৰ চৌদিশে উলহ-মালহেৰে পালন কৰা হয়৷ পৰম্পৰা ৰক্ষা কৰি চহা কৃষকে পথাৰত বন্তি প্ৰজ্বলন কৰি কাতি বিহু উদ্‌যাপন কৰে৷ কাতি বিহু উপলক্ষে কৃষক-ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়৷ পুৱাৰেপৰা কৃষকে নিজৰ খেতিপথাৰলৈ গৈ ধাননিডৰা চাই আৰু সন্ধিয়াৰ আগে আগে ভঁৰালগৃহকে ধৰি পথাৰত বন্তি প্ৰজ্বলন কৰে৷ তুলসীৰ তলতো বন্তি জ্বলায়, নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা গাই সকলোৰে মংগল কামনা কৰে৷ চৌদিশে আনন্দ-স্ফূৰ্তিৰ মাজত কাতি বিহু পালন কৰা সময়তে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ একাধিক পথাৰত এইবাৰ নজ্বলিল চাকি বন্তি৷ বিভিন্ন কাৰণত উকা হৈ ৰ’ল পথাৰসমূহ৷  বিশেষকৈ নিতাইপুখুৰীৰ নগাঁও, ঊষাপুৰ, গোঁহাইপুখুৰী, আহোমপথাৰ, লাইবিল, সাধনচুক আদি একাধিক পথাৰৰ শস্য শুৰ-চৰহা পোকৰ আক্ৰমণত বিধবস্ত হৈ পৰে৷ নগাঁও-ঊষাপুৰৰ শ শ বিঘা ধাননি পথাৰ এফালৰ পৰা বগাবৰণ হৈ যোৱাৰ লগতে নষ্ট হৈ যায়৷ যাৰ বাবে অঞ্চলটোৰ অনেক কৃষকে কাতিৰ পথাৰত চাকিগজ জ্বলোৱাৰপৰা বিৰত থাকে৷ আনহাতে, নিতাইপানীদিহিং অঞ্চলৰ অনেক কৃষকে পানীৰ অভাৱত খেতিপথাৰ ভালদৰে কৰিব নোৱাৰিলে৷ উল্লেখ্য যে, ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কৃষিক্ষেত্ৰত ব্যাপক সংস্কাৰ অনা বুলি দম্ভালি মাৰিলেও ৰাজ্যৰ প্ৰকৃত কৃষকে চৰকাৰী সা-সুবিধাৰপৰা বঞ্চিত হৈ আছে৷ অঞ্চলটোৰ পথাৰত জলসিঞ্চনৰ অভাৱৰ বাবে দুখীয়া কৃষকে খেতিডৰা সময়মতে কৰিব পৰা নোৱাৰিলে৷ এইক্ষেত্ৰত শাসকীয় বিজেপি দলৰ একাংশ নেতা-পালিনেতাই নিজৰ নিজৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে নিজৰ আত্মীয়লোকৰ সুবিধাৰ অৰ্থে পানীৰ ব্যৱস্থা কৰা দেখা গৈছে৷ গোঁহাইপুখুৰী, ৰজাবাৰী, পানীদিহিং, নিতাইপুখুৰীকে ধৰি একাধিক পঞ্চায়তত এনে নেতা-পালিনেতাৰ দপ্‌দপ্‌নিৰ বাবে প্ৰকৃত কৃষকে জলসিঞ্চনৰ সুবিধাৰপৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সুবিধাৰ্থে কোটি কোটি খৰচ কৰিছে যদিও থাওৰা সমষ্টিত জলসিঞ্চন আঁচনি কাৰ্যত ব্যৰ্থ হৈছে৷ ইফালে এইবাৰ থাওৰা সমষ্টিৰ নিতাইপুখুৰী, পানীদিহিং, থাওৰা আৰু বকতা মৌজাত শ শ বিঘা মাটিকালি চন পেলাই থলে কৃষকে৷ মৃলতঃ চৰকাৰে মাহেকত দুবাৰকৈ প্ৰদান কৰা বিনামূলীয়া চাউলৰ বাবেই একাংশ কৃষকে খেতিপথাৰ কৰিবলৈ এৰা বুলি চৌদিশে সৰৱ চৰ্চা চলিছে৷ বিনামূলীয়া চাউলৰ বাবেই কৃষক ৰাইজ অধিক এলেহুৱা হৈ পৰা বুলি সততে অভিযোগ পোৱা গৈছে৷ ইয়াৰ মাজতে সোণগুটিৰে উপচি পৰা সেউজীয়া পথাৰত চহা কৃষকে জ্বলোৱা চাকিবোৰে পোহৰাই তোলে সমগ্ৰ পথাৰ আৰু উজ্জ্বলাই তোলে গঞাৰ মন-প্ৰাণ৷

আজি কাতি বিহু৷ ৰাজ্যজুৰি পালন কৰিছে কাতি বিহু৷ তুলসী গছৰ তলত বন্তি জ্বলোৱাৰ লগতে আকাশত বন্তি জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা জনাইছে৷ কাতি বিহুৰ লগত সংগতি ৰাখি আজি গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ নিকটৱৰ্তী দল গাঁৱত চৰকাৰী ভাৱে কাতি বিহু পালন কৰা হয়৷ মহকুমা কৃষি বিভাগে আয়োজন কৰা উক্ত অনুষ্ঠানত তুলসী গছৰ তলত বন্তি জ্বলোৱাৰ লগতে ধাননি পথাৰত বন্তি জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা জনায়৷ বন্তি জ্বলোৱাৰ পূৰ্বে পথাৰৰ মাজত এখন সভা অনুষ্ঠিত হয়৷ উক্ত সভাত গোসাঁইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী, প্ৰাক্তন বিধায়ক পৰমেশ্বৰ ব্ৰহ্মৰ লগতে তেলীপাৰা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী, পশু বিভাগৰ বিষয়া, কে এ চিৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰায় আদি কৰি বহু ব্যক্তি সভাখনত উপস্থিত থাকে৷ একেখন সভাত গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তৰ সফল কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে৷ সন্ধিয়া হোৱাৰ আগে আগে ধাননি পথাৰত বন্তি জ্বলোৱা হয়৷ কাতি বিহুৰ লগত কৃষকৰ কি সম্পৰ্ক আৰু কিয় পালন কৰা হয় সেই সন্দৰ্ভত বিতংকৈ অৱগত কৰে মহকুমা কৃষি বিষয়াই৷

পৰম্পৰাগতভাৱে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নলবাৰীতো আজি কাতি বিহু পালন কৰা হয়৷ জিলাখনৰ কৃষিজীৱী পৰিয়াল তথা কৃষক-ৰাইজে আজি আহিন-কাতিৰ সংক্ৰান্তিৰ দিনটোত পথাৰৰ শালি ধাননীদৰাত, তামোল-পাণৰ গুৰিত, আগ চোতালত তুলসীৰ তলত চাকি-ধূপ জ্বলাই, নৈবেদ্য শৰাই আগবঢ়াই সেৱা লয়৷ কাতি বিহু উপলক্ষে জিলাখনৰ ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠান-কাৰ্যসূচী অনুষ্ঠিত হয়৷ নিজ বাঁহজানীৰ উত্তৰ চুবুৰীৰ নামঘৰ প্ৰাংগণত সমাজহিতৈষী যুৱক দীপক তালুকদাৰৰ প্ৰচেষ্টাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত অনুষ্ঠিত হয় চিত্ৰাংকণ প্ৰতিযোগিতা৷ কাতি বিহু উপলক্ষে আন কেইবাঠাইৰো নামঘৰত অনুষ্ঠিত হয় ওজাপালি পৰিৱেশন আৰু নাম-কীৰ্তন৷ অৱশ্যে জিলাখনৰ বানেধোৱা বৰভাগ, পশ্চিম নলবাৰী আদি ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলৰ কৃষক-ৰাইজৰ মাজত কাতি বিহুৰ উৎসাহ এইবাৰ বহুগুণে ম্লান হোৱা পৰিলক্ষিত হয়৷

শোণিতপুৰত চ্ছজন কৃষকক সম্বৰ্ধনা

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি দিনৰ ২ বজাৰ পৰা তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ নামঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰা হয়৷  অনুষ্ঠানত পৰম্পৰাগতভাৱে তুলসী তলত চাকিৰ পোহৰেৰে আলোকিত কৰাৰ লগতে কৃষকৰ পথাৰত আকাশ বন্তি জ্বলোৱা কাৰ্যসূচীও ৰূপায়ণ কৰা হয়৷ অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকি কৃষি বিভাগে চৰকাৰীভাৱে ৰাইজৰ মাজত কাতি বিহুক প্ৰাসংগিক কৰি তোলাৰ এনে প্ৰয়াসৰ শলাগ লয়৷ আনহাতে, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰইও এই আয়োজনত উপস্থিত থাকি জিলাখনৰ প্ৰত্যেক কৃষি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁৱৰ ২৬ জন কৃষকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ জিলা কৃষি বিষয়া পংকজ শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা আজিৰ এই কাতি বিহুৰ অনুষ্ঠানত জিলাখনৰ আদৰ্শ কৃষক হিচাপে পৰিগণিত তেজপুৰৰ কাবুল শৰ্মাৰ লগতে জিলাখনৰ বিভিন্ন কৃষি ৰাজহ চক্ৰৰ ক্ৰমে- নিৰ্মল নাথ, ঘনশ্যাম নাথ, দাদুল নাথ, নীৰেণ কুৰ্মী, যুগল নাথ, খগেন নাথ, মিনাৰাম সূত, কৃষ্ণ কান্ত নাথ, পৰম নাথ, ৰাজেন বড়ো, দাদুল নাথ, নুৰ হুছেইন, প্ৰাণজিৎ গগৈ, ৰমেশ কৈৰী, বলোৰাম গোৱালা, কমল কুমাৰী বড়ো, নন্দ গগৈ, জুনা ৰাজোৱাৰ, চুনু দাস, পুলিন কটকী, উপেন ৰাজোৱাৰ, পুলু দাস আৰু হেম বৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ এই অনুষ্ঠানতে কৃষকসকলক বিভাগীয় আঁচনিৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰে জিলা কৃষি বিষয়াৰ লগতে অনান্য কৰ্মচাৰীসকলে৷ হিতাধিকাৰীসকলৰ মাজত কৃষি সামগ্ৰীও বিতৰণ কৰা এই দিনজোৰা অনুষ্ঠানৰ মাজতে বিয়লি স্কুলীয়া ছাত্ৰ- ছাত্ৰীসকলৰ মাজত কাতি বিহুক উপলক্ষ কৰি বিশেষ অনুষ্ঠান সম্পন্ন কৰে৷ আনহাতে, সন্ধিয়া স্থানীয় কৃষক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তুলসী তলত বন্তি প্ৰজ্বলন, আকাশ বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনা আৰু প্ৰসাদ বিতৰণেৰে অনুষ্ঠানৰ অন্ত পেলায়৷ সন্ধিয়াৰ অনুষ্ঠানত বিন্দুকুৰি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপেশ্বৰ শইকীয়াই ভাষণ প্ৰদান কৰি কৃষি বিভাগৰ এনে প্ৰয়াসৰ প্ৰশংসা কৰে৷  

মদনমোহন গোসাঁই থান সত্ৰত কাতি বিহু

ভৱানীপুৰৰ নিকটৱৰ্তী ঐতিহাসিক মদনমোহন গোসাঁই থান সত্ৰত আজি কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন কৰা হয়৷ উল্লেখ্য যে, ঐতিহাসিক মদনমোহন গোসাঁই থান সত্ৰত উপস্থিত হৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে কাতি বিহুৰ বন্তি প্ৰজ্বলন কৰে৷ বন্তি প্ৰজ্বলনৰ লগে লগে মদনমোহন গোসাঁই থান সত্ৰৰ সত্ৰাধিকাৰ মহেশ দাসে কৃষ্ণ বন্দনাৰে, শংখ, বৰকাহৰ ধবনিৰে মাংগলিক পৰিৱেশত উপস্থিত মন্ত্ৰী, বিধায়কৰ লগতে সমবেত ৰাইজক আশীৰ্বাদ প্ৰদান কৰে৷ উল্লেখ্য যে, ইয়াৰ লগত সংগতি ৰাখি কৃষি বিভাগৰ আঁচনিৰ সজাগতা সভা অনুষ্ঠিত হয়৷ সভাত মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক ফণীধৰ তালুকদাৰ, বজালী জিলা উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাৰ লগতে কেইবাজনো কৃষি বিভাগৰ বিষয়াই কৃষিৰ উন্নয়ন আৰু কৃষকৰ বাৱে চৰকাৰী আঁচনিৰ ওপৰত বিশ্লেষণেৰে বক্তৃতা প্ৰদান কৰে৷ সভাত কৃষকৰ মাজত ৰবি শস্যৰ বীজ বিতৰণ কৰে উপস্থিত মন্ত্ৰী, বিধায়ক, জিলা উপায়ুক্ত, কৃষি বিভাগৰ বিষয়াই৷ উল্লেখ্য যে, মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক ফণীধৰ তালুকদাৰে পৰম্পৰা-ৰীতিৰে সন্ধিয়া মদনমোহন গোসাঁই থান সত্ৰ চৌহদত তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে বাংলীপাৰা গাঁৱৰ ধাননি পথাৰতো বন্তি প্ৰজ্বলন কৰে৷

কোক্‌ৰাঝাৰত ঔটেঙাৰ কোঁহেৰে বন্তি প্ৰজ্বলন

অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আজি বিটিচিৰ কোকৰাঝাৰ জিলাৰ দোতমাৰ ঘোঁষকাটাত কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত জাতীয় জীৱনৰ উৎসৱ কাতি বিহু উদযাপন কৰা হয়৷ প্ৰকাশ যে, কাতি বিহু উপলক্ষে ঘোষকাটাৰ ধাননি পথাৰত ঔটেঙাৰ কোঁহত বন্তি প্ৰজ্বলন কৰে জিলা উপাযুক্ত বৰ্ণালী ডেকাই৷ কাতি বিহুৰ সৈতে সংগতি ৰাখি বিভাগটোৱে আজি কৃষক ৰাইজৰ মাজত চৰকাৰৰ বিভাগীয় আঁচনিসমূহৰ সুবিধা সন্দৰ্ভত এখন সজাগতা সভাও অনুষ্ঠিত হয়৷ সেইমৰ্মে ঘোষকাটাৰ হস্ততাঁত আৰু বস্ত্ৰ বয়ন কেন্দ্ৰত কাতি বিহুৰ বন্তি প্ৰজ্বলনৰ পূৰ্ৱে কৃষকসকলক বিভাগীয় চৰকাৰী আঁচনিৰ পৰা কেনেকৈ লাভাম্বিত হ’ব সেই বিষয়ে সজাগতা সভাৰ জৰিয়তে বিশদ বিৱৰণ দাঙি ধৰে আৰু অগ্ৰণী কৃষকসকলক সৰিয়হৰ বীজ বিতৰণ কৰে৷  উল্লেখ্য যে, আজিৰ সজাগতা সভাখন উদ্বোধন কৰে ৩০ নং কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী আৰু উপস্থিত থাকে অতিৰিক্ত উপাযুক্ত ৰাজীৱ দাস, বনৰগাও টিচিএলচিচিৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্মৰ লগতে জিলা কৃষি বিষয়া বুৰলংবুথুৰ নাৰ্জাৰী আৰু অতিৰিক্ত কৃষি বিষয়া ঋষি কুমাৰ মুছাহাৰী লগতে কৃষি বিজ্ঞানীসকল উপস্থিত থাকে৷  আনপিনে কোকৰাঝাৰ চহৰৰ নিচেই কাষতে থকা খাৰগাঁৱত ইউপিপিএল দলে কাতি বিহুৰ সৈতে সংগতি ৰাখি ধাননি পথাৰত চাকি-বন্তি জ্বলোৱা হয়৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইউপিপিএল দলৰ অন্যতম সাধাৰণ সম্পাদক ৰাজুু নাৰ্জাৰী আৰু উপ-সভানেত্ৰী প্ৰতিভা ব্ৰহ্মই বিটিআৰৰ লগতে সমূহ অসমবাসী কৃষক তথা জনসাধাৰণলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি অনাগত দিনত যাতে খেতি-পথাৰ শস্যৰে নদন-বদন হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷

তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ মহকুমা কৃষি বিভাগৰ উদ্যোগত আজি অসম আৰু অসমীয়াৰ বাপতিসাহোন কাতি বিহুটো কুমাৰীকাটা কৃষি চক্ৰৰ অন্তৰ্গত হাজাৰাগাঁৱত উদযাপন কৰা হয়৷ তদুপলক্ষে, আবেলি হাজাৰাগাঁৱত প্ৰগতিশীল কৃষক অজিত বৰ্মনৰ কৃষিপামত কাতি বিহু পালন আৰু চৰকাৰী আঁচনিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়৷ তামুলপুৰ মহকুমা কৃষি বিষয়া কমলজ্যোতি দাসে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে কৃষি সম্প্ৰসাৰণ সহায়ক ৰজনী বৰ্মনে৷ এই সভাত তামুলপুৰ জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা, অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ, মহকুমাধিপতি ৰামানুজন হাজৰিকা, সহকাৰী আয়ুক্ত প্ৰীতম ঠাকুৰীয়া বিভাস পাঠক, ৰাজহ চক্ৰ বিষয়া ওৱাহিদুৰ ৰহমান, সমাজকৰ্মী সুশীল দাস, কেশৱ ৰাজবংশীৰ উপৰিও শতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে৷ সজাগতা সভাতে আদৰ্শ কৃষকসকলৰ মাজত ৰবি শস্যৰ বীজ বিতৰণ কৰা হয়৷ সজাগতা সভাত জে্যষ্ঠ কৃষি সম্প্ৰসাৰণ বিষয়া ৰবীন দাসে কৃষি বিভাগৰ চলি থকা আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰে৷ সভাত বিধায়ক জলেন দৈমাৰী, উপায়ুক্ত বিদু্যত বিকাশ ভাগৱতী, অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাঙ্গ তালুকদাৰ আৰু এমচিএলএ হেমন্ত কুমাৰ ৰাভাই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷ সভাত বিধায়ক দৈমাৰীয়ে কয় — বৰ্তমান চৰকাৰৰ কৃষি বিভাগৰ ২৮খন আঁচনি চলি আছে৷ আমি আমাৰ কামবোৰ মিছন হিচাপে ল’ব লাগিব৷ কৃষকৰ আয় দুগুণ বঢ়াব লাগিব৷ সভাৰ অন্তত সন্ধিয়া তুলসীৰ তলত মাহ প্ৰসাদ আগবঢ়াই চাকি-বন্তি জ্বলোৱাৰ উপৰি আকাশ বন্তিও জ্বলায় উপায়ুক্ত বিদু্যত বিকাশ ভাগৱতী, বিধায়ক জলেন দৈমাৰী কৃষি বিষয়া আৰু আন আন অতিথিসকলে৷