Logo
image

পাইলট-তীৰ্থযাত্ৰীসহ ৭জন নিহত

কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা

আমাৰ অসম, ১৯ অক্টোবৰঃ সোমবাৰে উত্তৰাখণ্ডৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান কেদাৰনাথলৈ যোৱা তীৰ্থযাত্ৰীসহ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভাগি পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মুঠতে সাতজন যাত্ৰীসহ কেদাৰনাথলৈ ৰাওনা হোৱা হেলিকপ্টাৰখন উৰণৰ কিছুসময় পাছতে দুৰ্গম পাহাৰৰ মাজত ভাগি পৰে৷ হেলিকপ্টাৰত থকা পাইলটসহ মুঠতে সাতজন যাত্ৰীৰ মৃত্যু হোৱা বুলি উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰিছে৷ উত্তৰাখণ্ডৰ ফাটা নামৰ স্থানৰ পৰা পুণ্যাৰ্থীসকলক লৈ হেলিকপ্টাৰখনে পুৱাৰ বেলাই উৰা মাৰিছিল৷ উৰণৰ কিছুসময় পাছতে গাৰুচটি অঞ্চলত হেলিকপ্টাৰখন ভাগি পৰে৷ দুৰ্গম খাদত ভূপতিত হোৱা হেলিকপ্টাৰখনৰ পুণ্যাৰ্থী তথা পাইলটক নিশা পৰ্যন্ত উদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠা নাই৷ অৱশ্যে উদ্ধাৰকাৰী দল ঘটনাস্থলত দিনৰ ভাগতে উপস্থিত হৈছে৷ প্ৰতিকূল বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই ঘটনাত দুখ প্ৰকাশ কৰিছে৷ উদ্ধাৰ কাৰ্যত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীক নিয়োগ কৰিছে উত্তৰাখণ্ড চৰকাৰে৷