Logo
image

লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ, ৫০%ই পাব নিযুক্তি

আমাৰ অসম, ১৯ অক্টোবৰঃ ‘এই বছৰৰে ডিচেম্বৰত চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ একে সময়তে তৃতীয় বৰ্গৰ দক্ষতা সম্পৰ্কেও পৰীক্ষা লোৱা হ’ব৷ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পাঁচ নম্বৰৰ মৌখিক পৰীক্ষা লোৱা হ’ব৷ এটা পদৰ বিপৰীতে দুজনক মৌখিক পৰীক্ষাৰ বাবে মতা হ’ব৷ লিখিত পৰীক্ষাত সফল পৰীক্ষাৰ্থীসকলৰ ৫০ শতাংশই চাকৰি পাবলৈ সক্ষম হ’ব৷’ –চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাই নতুন দিল্লীত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ উল্লেখ্য, অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা, ইণ্টাৰনেট কৰ্তন, ১৪৪ধাৰা জাৰি আদিৰ মাজেদি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল মঙলবাৰে দিনৰ ১১বজাত ঘোষণা কৰা হয়৷ সোমবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হব বুলি টুইট যোগে সদৰি কৰিছিল যদিও ৰহস্যজনকভাৱে সোমবাৰে নিশাই বহু প্ৰাৰ্থীয়ে লাভ কৰে ফলাফল৷ আনকি এনে বহু ফলাফল চ’ছিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে৷ এতিয়া প্ৰশ্ন উঠিছে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ পুৰ্বেই একাংশ প্ৰাৰ্থীয়ে আগতীয়াকৈ কিদৰে ফলাফল লাভ কৰিলে৷ চ’ছিয়েল মিডিয়াত কিদৰে আগতীয়াকৈ ভাইৰেল হৈ পৰিল একাংশ প্ৰাৰ্থীৰ ফলাফল৷ ইয়াৰ ভিতৰত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ প্ৰৰ্থীও আছে৷ বহু অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে  নিশাই এই বিফলতাৰ বাবে আনকি চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভো উজাৰে চ’ছিয়েল মিডিয়াত৷ অৱশ্যে এই পৰীক্ষা  অনুষ্ঠিত কৰা ছেৱা কতৃৰ্পক্ষই নিৰ্দিষ্ট সময়ৰ পূৰ্বে ফলাফল ৰাজহুৱা হোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে৷ অভিযোগ অনুসৰি ছেৱা কতৃৰ্পক্ষই যি দুটা ৱেবছাইট যোগে ফলাফল ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছিল সোমবাৰে নিশাৰ ভাগত সেই লিংক হঠাৎ সক্ৰিয় হৈ পৰে৷ যাৰ ফলত বহু প্ৰাৰ্থীয়ে আগতীয়াকৈ ফলাফল লাভ কৰিবলৈ সক্ষম হয়৷ পৰৱৰ্তী সময়ত সেই লিংক আকৌ বন্ধ কৰি দিয়া হয়৷ উল্লেখ্য চতুৰ্থ বৰ্গৰ নযুক্তি পৰীক্ষাত ৫ লাখ জ্জ্বহাজাৰ ৮০৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ ইয়াৰে ভিতৰত অষ্টম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থী আছিল ৪লাখ ২হাজাৰ ৫৬জন৷ আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ পৰ্যায়ৰ প্ৰাৰ্থী আছিল ৰ লাখ ৬ হাজাৰ ৭৪৭গৰাকী৷  অভেদ্য নিৰাপত্তা বেষ্টনীৰ মাজত  ২১ আগষ্টত অনুষ্ঠিত হৈছিল উক্ত পৰীক্ষা ৷ ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰলৈ ইণ্টাৰনেট সেৱা কৰ্তন কৰি অনুষ্ঠিত কৰে চতুৰ্থবৰ্গৰ ১৪ হাজাৰ ২৮১ টা পদৰ পৰীক্ষা৷ নিশ্চিদ্ৰ সুৰক্ষা বেহুৰ মাজত ৰাজ্যৰ ২৮খন জিলাত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি চৰকাৰে অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ’লেও বেমেজালিৰ পৰা মুক্ত নহ’ল এইবাৰৰ পৰীক্ষাও৷ ২১ আগষ্ট দেওবাৰে দুটা বেলাৰ বাবে অনুষ্ঠিত হয় চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা৷ পৰীক্ষাৰ্থীক মোবাইল, ইলেক্টনিক ডিভাইচ, ঘড়ী, কেলকুলেটৰ আদি কোনো সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সোমাবলৈ নিদিয়াৰ উপৰিও তন্ন তন্নকৈ তালাচীও চলোৱা হৈছিল৷ জিলা প্ৰশাসন, আৰক্ষী তথা সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰি অভূতপূৰ্ব আদব-কায়দাৰে পৰীক্ষা অনুষ্ঠিত কৰিলেও পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা ছেবাৰ ভুলৰ বাবে একাংশ প্ৰাৰ্থী পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছিল৷ বিশেষকৈ বৰাকৰ কৰিমগঞ্জ আৰু হাইলাকান্দিত কোনো পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নকৰাত দুয়োখন জিলাৰ পৰীক্ষাৰ্থীসকলে কাছাৰ জিলাৰ শিলচৰত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হয়৷  ইণ্টাৰনেট বন্ধ কৰি, ১৪৪ ধাৰা জাৰি কৰি ৰাজ্য চৰকাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হোৱাত বহুতে ৰাজ্য চৰকাৰক সমালোচনা সন্মুখীন হ’বলগীয়া হৈছিল৷ লক্ষ্যণীয়ভাৱে আজি যিসকল প্ৰাৰ্থীয়ে ফলাফল লাভ কৰিছে৷ তেওঁলোকে পোৱা নম্বৰ, কাট অৱ মাৰ্ক আদি একো লাভ কৰা নাই সেই সন্দৰ্ভত অৱগত হোৱা নই৷ প্ৰতিটো পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছে৷ কিন্তু ইয়াৰ কোনো এজন প্ৰাৰ্থীয়ে অৱগত হোৱা নাই বা কোনে পৰীক্ষাত পাছ কৰিছে আৰু কোনে ফেইল কৰিছে৷

চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ

মুখ্যমন্ত্ৰীয়ে ফলাফল প্ৰকাশৰ দিন ঘোষণাৰ এদিন আগতে ৱেবচাইটত ফলাফল প্ৰকাশ হোৱাৰ লগতে উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ প্ৰকাশ নকৰাত আশ্চৰ্য প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন [ডিৱাইএফআই]ৰ অসম ৰাজ্যিক কমিটীয়ে৷ আজি এক প্ৰেছ বিবৃতি যোগে ডিৱাইএফআইৰ ৰাজ্যিক কমিটীৰ সভাপতি ৰস্তুম আলী, সম্পাদক ৰিতু ৰঞ্জন দাসে কয়–নিযুক্তি প্ৰত্যাশী প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে ফলাফললৈ বাট চাই আছিল যদিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নিৰ্দিষ্ট তাৰিখৰ পৰিৱৰ্তে এদিন আগতে ফলাফল প্ৰকাশ হোৱা আৰু প্ৰাপ্ত নম্বৰ প্ৰকাশ নকৰাত নানা সন্দেহৰ সৃষ্টি হৈছে৷ উল্লেখনীয় যে ২৬ হাজাৰ পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাৰ পাছত গুৰুতৰ অনিয়ম সম্পৰ্কত কেইবাটাও অভিযোগ উত্থাপিত হৈছে৷ ভিক্তৰ দাস নামৰ যুৱক জনে অনিয়মৰ অভিযোগ উত্থাপন কৰাৰ উপৰি এই কাৰ্যত জড়িত লোকৰ ফোন নম্বৰ আৰক্ষীক জমা দিছিল৷ কিন্তু এই নম্বৰ বা অভিযোগ সম্পৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেই সম্পৰ্কে অসম চৰকাৰ বা আৰক্ষী বাহিনীয়ে আজিলৈ কোনো তথ্য প্ৰকাশ নকৰিলে৷ এনে উদ্বেগ আৰু সন্দেহ চলি থকাৰ মাজতে আশ্চৰ্যকৰভাৱে কালি ফলাফল প্ৰকাশ হ’ল৷ আনহাতে আশ্চৰ্যজনকভাৱে চৰকাৰে চতুৰ্থ বৰ্গৰ পদৰ বাবে মৌখিক পৰীক্ষা ল’ব বুলি ঘোষণা কৰিছে৷ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত নিযুক্তিৰ ক্ষেত্ৰত কোনো মৌখিক পৰীক্ষাৰ ব্যৱস্থা নাই৷ এনে অৱস্থাত চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে হঠাৎ মৌখিক পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ল কিয়? খোদ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে চতুৰ্থ বৰ্গৰ পদত কোনো মৌখিক পৰীক্ষা নাথাকে৷ ডি ৱাই এফ আইয়ে আশংকা প্ৰকাশ কৰিছে যে এই মৌখিক পৰীক্ষাৰ নামত যথেষ্ট স্বজন তোষণ কৰাৰ সম্ভাৱনা আছে৷ সেয়ে ডি ৱাই এফ আইয়ে দাবী কৰিছে প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ প্ৰকাশ কৰক, সৰ্বোচ্ছ নম্বৰ প্ৰাপ্তসকলক নিযুক্তি দিয়ক আৰু ফলাফল প্ৰকাশৰ ঘোষিত দিনৰ আগতে কেনেকৈ ফলাফল প্ৰকাশ হ’ল সেয়া স্পষ্ট কৰক৷