Logo
image

জয় শ্বাহৰ দ্বিতীয় ইনিংছ আৰম্ভ

সৌৰভ ৰাজ্যসভালৈ? দেৱজিৎ যুটীয়া সচিব নিৰ্বাচিত

আমাৰ অসম, ১৯ অক্টোবৰঃ মঙলবাৰে বিশ্বৰ সবাটোকৈ বিত্তশালী ক্ৰিকেট সংগঠন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব পদত দ্বিতীয়টো কাৰ্যকালৰ বাবে উপৰ্যুপৰি অধিষ্ঠিত হোৱা জয় শ্বাহৰ ক্ৰিকেট কেৰিয়াৰ সন্দৰ্ভত দেশৰ ক্ৰিকেট বুৰঞ্জী একেবাৰে নিমাত৷ যদিহে তেওঁৰ ক্ৰিকেট কেৰিয়াৰ সন্দৰ্ভত উইকিপিডিয়া খোচৰে তেন্তে কৌতুহলী ব্যক্তিয়ে দেখিবলৈ পাব এটা বাক্য– ‘হি ৱাণ্ডাৰৱেণ্ট ক্ৰিকেট ট্ৰেইনিং ইন আহমেদাবাদ আণ্ডাৰ জয়েন্দ্ৰ ছেহগাল৷’ অৰ্থাৎ তেওঁ আহমেদাবাদত কোনো এটা সময়ত জয়েন্দ্ৰ ছেহগাল নামৰ এজন প্ৰশিক্ষকৰ অধীনত ক্ৰিকেট খেলৰ প্ৰশিক্ষণ লৈছিল৷ তাৰ পাছত জয় শ্বাহৰ ক্ৰিকেট কেৰিয়াৰক লৈ উইকিপিডিয়াও নিমাত৷ সেই জয় শ্বাহে মঙলবাৰে অসংখ্য প্ৰতিভাশালী ক্ৰিকেটাৰৰ ভৱিষ্যত আৰু কেৰিয়াৰ গঢ়া বিশ্বৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেট সংগঠন বিচিচিআইৰ সচিব হিচাপে দ্বিতীয়টো ইনিংছ আৰম্ভ কৰিলে৷ উচ্ছতম ন্যায়ালয়ৰ কেতবোৰ নিৰ্দেশনৰ ফলত এতিয়া বিচিচিআইৰ সচিবজন যে এসময়ৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ হ’ব লাগিব তেনে কাৰক অপ্ৰাসংগিক হৈ পৰিল৷ কিন্তু লোধা কমিটীয়ে দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বীজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বা প্ৰথম শ্ৰেণীৰ মেচ খেলা প্ৰাক্তন ক্ৰিকেটাৰ হ’ব লাগিব বুলি পৰামৰ্শ আগবঢ়াইছিল৷ সেই পৰামৰ্শ প্ৰযোজ্য হ’ব মঙলবাৰে ব’ৰ্ডৰ সভাপতিৰ অসমত অধিষ্ঠিত হোৱা ৰ’জাৰ বিন্নীৰ ক্ষেত্ৰত৷ বিন্নী ১৯৮৩ৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল৷ সচিব জয় শ্বাহৰ ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ৰ কৃপাত সেই পৰামৰ্শ অপাৰ্থিৱ, অপ্ৰয়োজনীয়৷ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ এই মুহূৰ্তত দেশৰ ক্ৰিকেট পৰিচালক হিচাপে অপ্ৰতিদ্বন্দ্বী ব্যক্তি৷ সেই শক্তিৰেই জয় শ্বাহে মঙলবাৰে আৰম্ভ কৰিলে ক্ৰিকেট প্ৰশাসকৰ ৰূপত তেওঁৰ দ্বিতীয় ইনিংছ৷

অথচ ভাৰতীয় ক্ৰিকেটক অধিনায়ক আৰু খেলুৱৈ হিচাপে উচ্ছতাৰ শীৰ্ষলৈ আগবঢ়াই নিয়া সৌৰভ গাংগুলীক অতি কৌশলেৰে বিচিচিআইৰ সভাপতি পদৰ পৰা বঞ্চিত কৰা হ’ল৷ তেওঁৰ স্থানত ৰ’জাৰ বিন্নী ব’ৰ্ডৰ সভাপতি হোৱাটো কাৰো আপত্তি নাই, কিয়নো বিন্নী ভাৰতীয় ক্ৰিকেটত অজাতশত্ৰু৷ আপত্তি উত্থাপন হৈছে সৌৰভ গাংগুলীক কৌশলেৰে ব’ৰ্ডৰ সভাপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ পৰা বঞ্চিত কৰাৰ বাবে৷ সৌৰভ গাংগুলী এইক্ষেত্ৰত ৰাজনীতিৰ চিকাৰ হৈছে ৷ কিয়নো জয় শ্বাহৰ সৈতে একেলগে ক্ৰিকেট ব’ৰ্ডৰ শীৰ্ষত থকাৰ সুবাদত বিজেপিৰ শীৰ্ষ নেতা, ঘাইকৈ জয় শ্বাহৰ পিতৃ অমিত শ্বাহে সৌৰভ গাংগুলীক বিজেপিত যোগদান কৰোৱাৰ বাবে বৃহৎ পৰিকল্পনা কৰিছিল৷ পশ্চিমবংগত বিজেপিৰ কোনো প্ৰভাৱশালী নেতা নাই৷ অন্ততঃ মমতা বেনাৰ্জীৰ বিৰুদ্ধে থিয় কৰিব পৰাকৈ বাঙালী বিজেপি নেতাৰ অভাৱ৷ অমিত শ্বাহৰ পৰিকল্পনা আছিল মমতাৰ বিৰুদ্ধে সৌৰভ গাংগুলী হ’ব বিজেপিৰ পশ্চিমবংগত তুৰুপৰ তাচ৷ পিছে প্ৰথমে হৃদৰোগত আক্ৰান্ত হৈ সৌৰভ গাংগুলী সেই অনুৰোধ ৰক্ষাৰ পৰা বিৰত থাকিল আৰু পৰৱৰ্তী সময়তো তেওঁ মমতাৰ বিৰুদ্ধে থিয় হৈ ৰাজ্যবাসীৰ অপ্ৰিয়ভাজন হোৱাৰ ইচ্ছা প্ৰকাশ নকৰিলে৷ ফলত সৌৰভ গাংগুলীক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অঘোষিত নিৰ্দেশত ব’ৰ্ডৰ পৰা বিদায় দিয়া হয়৷ অথচ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁ আৰু এবাৰ ব’ৰ্ডৰ সভাপতি পদত থাকিব পাৰিলেহেঁতেন৷ তাৰ পৰাই তেওঁ আইচিচিৰ অধ্যক্ষৰ পদলৈ যোৱাৰ পথ সুগম হ’লহেঁতেন৷ কিন্তু ৰাজনৈতিক প্ৰাকচক্ৰত পৰি সৌৰভ গাংগুলীৰ ক্ৰিকেট প্ৰশাসক হিচাপে আৰম্ভ হোৱা চমকপ্ৰদ কেৰিয়াৰৰ আধাতে সমাপ্তি ঘটাৰ উপক্ৰম হ’ল৷ সৌৰভ গাংগুলীক লৈ পশ্চিমবংগৰ ৰাজনীতি এতিয়া উত্তপ্ত৷ কিয়নো, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সৌৰভ গাংগুলীক অন্যায়ভাৱে ব’ৰ্ডৰ পৰা বিতাড়িত কৰা বুলি মুকলি অভিযোগ কৰিছে৷ কেৱল তাতে ক্ষান্ত নাথাকি মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাই কৈছে যে, বংগৰ সু-সন্তান, দক্ষ ক্ৰিকেটাৰ আৰু প্ৰশাসক সৌৰভ গাংগুলীক আইচিচিৰ অধ্যক্ষ পদৰ বাবে দেশে প্ৰেৰণ কৰক৷ সেই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে হস্তক্ষেপ কৰক আৰু সৌৰভ গাংগুলীক  প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰক৷ চৰ্চা হৈছে, এই মন্তব্যৰ জৰিয়তে মমতা বেনাৰ্জীয়ে ৰাজ্যত তেওঁৰ ৰাজনৈতিক লাভালাভ অৰ্জন কৰি লৈছে৷ ইপিনে সৌৰভ গাংগুলীয়েও আই চি চিৰ অধ্যক্ষৰ পদ লাভৰ বাবে ব্যক্তিগত ক্ষমতা আৰু যোগাযোগ ব্যৱহাৰ কৰি কেইখোজমান আগুৱাই গৈছে৷ অথচ বিচিচিআইৰ মঙলবাৰে অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত আইচিচিলৈ কাক প্ৰেৰণ কৰি সেই বিষয়টো আলোচনাৰ পৰা দূৰত ৰাখি এতিয়াও অমীমাংসিত কৰি ৰাখিছে৷ পশ্চিমবংগৰ সংবাদ মাধ্যমৰ দাবী, যিকোনো উপায়েৰে সৌৰভ গাংগুলী আইচিচিৰ অধ্যক্ষ হ’বই৷ আনহাতে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সেয়া সম্ভৱ নহয় বুলি দাবী কৰিছে৷ সৌৰভ গাংগুলীয়ে পুনৰ বংগ ক্ৰিকেট সংস্থাৰ সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিছে৷ লগতে তেওঁ কেইদিনমান পূৰ্বে কৈছে, এসময়ত তেওঁ বংগ ক্ৰিকেট সংস্থাৰ সভাপতি আছিল, তাৰ পৰা এদোপ আগুৱাই ভাৰতীয় ক্ৰিকেটৰ সভাপতি হ’ল৷ তাৰ পাছত তেওঁ অধিক ডাঙৰ কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে৷ নিজ মুখেৰে কোৱা এই ‘ডাঙৰ কিবা’ অনেকৰ মতে আইচিচিৰ সভাপতিৰ পদ৷ কিন্তু একেসময়তে চৰ্চা হৈছে তৃণমূল কংগ্ৰেছে সৌৰভ গাংগুলীক ৰাজ্য সভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰি দিল্লীলৈ পঠিয়াব৷ সেই পদক্ষেপ ল’ব পাৰিলে বিজেপিৰ বিৰুদ্ধে মমতা বেনাজ¹ৰ এটা প্ৰতিশোধ লোৱা সম্ভৱ হ’ব৷ পূৰ্বে মমতা বেনাৰ্জীয়ে নিজমুখে সৌৰভ গাংগুলীক ৰাজ্যসভালৈ যাবলৈ অনুৰোধ জনাইছিল৷ কিন্তু তেওঁ সেই অনুৰোধ বিনয়েৰে প্ৰত্যাখ্যান কৰিছিল৷  এতিয়া অমিত শ্বাহৰ সৈতে পূৰ্বৰ সম্পৰ্ক ছিন্ন হোৱাত সৌৰভ গাংগুলীয়ে সেই সিদ্ধান্ত সলাবও পাৰে৷ 

ইপিনে, একেদিনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সচিব পদত অধিষ্ঠিত  হ’ল অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিৎ শইকীয়া৷ অসমৰ পৰা বিচিচিআইৰ এনে শীৰ্ষপদত অধিষ্ঠিত হোৱা দেৱজিৎ শইকীয়াই প্ৰথম ক্ৰিকেট প্ৰশাসক৷ ইয়াৰ পূৰ্বে বিচিচিআইৰ মূল কমিটীত কোনো অসমীয়া প্ৰশাসকে স্থান লাভ কৰা নাছিল৷ কেৱল ব’ৰ্ডৰ কেতবোৰ উপ সমিতিতহে অসমৰ প্ৰশাসকে নাম সুমোৱাবলৈ সক্ষম হৈছিল৷