Logo
image

প্ৰাৰ্থীক জাল প্ৰমাণ-পত্ৰ দিছিল স্বয়ং কলেজ অধ্যক্ষই

আৰক্ষী নিযুক্তি গোচৰ

আমাৰ অসম, ১৯ অক্টোবৰঃ অসম আৰক্ষীৰ কনিষ্টবলৰ চাকৰিৰ আবেদনৰ সময়ত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভুৱা নথি দাখিল কৰা ৮ জন অভিযুক্ত প্ৰাৰ্থীক চিআইডিয়ে আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ উল্লেখ্য, কালি চিআইডিয়ে এই সংক্ৰান্তত চমন দিয়া ২২ জন প্ৰাৰ্থীক মাৰাথান জেৰা চলাই ইয়াৰে ৮ জনক নিশা গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁলোক হ’ল ক্ৰমে– আব্দুল ৰহমান, সমৰ দাস, জাবিদ আহমেদ, ফিৰোজ আহমেদ, ইছমাইল  হোছেইন, দিলদাৰ আল হুছেইন, অশোক বৰা আৰু অনিৰ্বান দাস৷ উল্লেখ্য যে এইসকল প্ৰাৰ্থীক আজি আগবেলা ধীৰেনপাৰাৰ চিকিৎসালয়ত স্বাস্থ্যপৰীক্ষা কৰাই পাছবেলা চিআইডিয়ে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে দুদিনৰ বাবে আঠোজনকে পুনৰ চি আইডিৰ জিম্মালৈ দিয়ে৷ উল্লেখ্য যে আজি চিআইডিয়ে অভিযুক্ত আঠ প্ৰাৰ্থীক আদালতলৈ অনাৰ সময়ত ইয়াৰে এজন প্ৰাৰ্থীয়ে বিস্ফোৰণ ঘটাই কয় যে তেওঁলোকৰ জাল প্ৰমাণপত্ৰ দিছিল ধিং কলেজৰ তদানীন্তন অধ্যক্ষই৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত অভিযুক্ত প্ৰাৰ্থীৰ ভাষ্য এনেধৰণৰ– ‘আমাক ধিং কলেজৰ প্ৰাক্তন অধ্যক্ষ শৰৎ কুমাৰ দত্তই অধ্যক্ষ হৈ থকাৰ সময়তে জাল চাৰ্টিফিকেট দিছিল৷ যাক এৰেষ্ট কৰিব লাগে তেওঁক এৰেষ্ট কৰা নাই৷ আমি ধিং কলেজত নিয়মীয়া ক্লাছ কৰি কম্পিউটাৰ শিকিছিলোঁ৷ প্ৰয়োজন হ’লে আপোনালোকে আমাৰ উপস্থিতিৰ বহী চেক কৰিব পাৰে৷ আমাৰ ইয়াত কোনো দোষ নাই৷ আমাক চাৰ্টিফিকেট দিয়াৰ সৈতে ৰাবুল হুদাও জড়িত আছে৷’ লক্ষ্যণীয় যে আজি আদাললৈ নিয়াৰ  সময়ত একাংশ প্ৰাৰ্থীয়ে অসম পুলিচ জিন্দাবাদ, ধবনি দিয়ে৷ ইফালে, ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ দাখিলৰ সন্দৰ্ভত নাম সাঙোৰ খোৱা ধিং কলেজৰ প্ৰাক্তন অধ্যক্ষ শৰৎ কুমাৰ দত্তই সাংবাদিকক স্পষ্টীকৰণ দি কয় যে তেওঁকো ইতিমধ্যে চিআইডিয়ে উলুবাৰী মুখ্য কাৰ্যালয়লৈ মাতি সোধা-পোছা কৰিছে৷ তেওঁ চিআইডিক জনাইছে যে তেওঁ অধ্যক্ষ হৈ থকাৰ সময়ত ধিং কলেজত পিজিডিচিএৰ কোনো কম্পিউটাৰ পাঠ্যক্ৰম  নাছিল৷  ছয়মহীয়া কম্পিউটাৰ পাঠ্যক্ৰমহে আছিল৷ গতিকে এনে চাৰ্টিফিকেট তেওঁ দিয়াৰ প্ৰশ্নই নুঠে৷ ইফালে, ধিং কলেজৰ আনজন অভিযুক্ত ৰাবুল হুদা  সম্প্ৰতি পলাতক  বুলি জানিব পৰা গৈছে৷  উল্লেখ্য যে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ পৰীক্ষাত দাখি কৰা কম্পিউটাৰ পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰি আৰক্ষী নিযুক্তি ব’ৰ্ডে ৪১৪ জন  প্ৰাৰ্থীৰ কম্পিউটাৰ প্ৰমাণপত্ৰ ভুৱা বুলি ধৰা পেলাইছিল৷ এই সন্দৰ্ভত ব’ৰ্ডে চিআইডিত এক গোচৰ ৰুজু কৰিছিল৷  সেই গোচৰৰ ভিত্তিত চিআইডিয়ে অনুসন্ধান চলাই কালি ২২ জন প্ৰাৰ্থীক জেৰাৰ বাবে তলব কৰিছিল৷ দিন জোৰা জেৰাৰ অন্তত চিআইডিয়ে ৮ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰি ১৪ জনক যাবলৈ দিছিল যদিও এই ১৪ জনকো পুনৰ ২০ অক্টোবৰত চিআইডিৰ উলুবাৰীৰ হেড কোৱাৰ্টাৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷