Logo
image

ছদ্মবেশী বিৰোধী! অভিযোগ কংগ্ৰেছৰ

২০৩১ত ইউডিএফ শেষ

আমাৰ অসম, ১৯ অক্টোবৰঃ বদৰুদ্দিন আজমলৰে কোনো কাৰণতে আগন্তুক দিনবোৰত মিত্ৰতা নহয় বুলি মঙলবাৰে পুনৰবাৰ স্পষ্ট কৰি দিলে অসম কংগ্ৰেছে৷ কংগ্ৰেছৰ মতে আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল হ’ল ছদ্মবেশী বিৰোধী৷ ২০৩১ চনত অসমৰ পৰা এ আই ইউ ডি এফ সম্পূৰ্ণৰূপে নিশ্চিহ্ন হ’ব বুলিও কংগ্ৰেছে আজি ভৱিষ্যদ্বাণী কৰে৷ উল্লেখ্য, লোকসভাৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰসংগত এ আই ইউ ডি এফ দলে উত্থাপন কৰাৰ পাছতে আজি এই সন্দৰ্ভত ৰাজীৱ ভৱনৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰি দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– মই সভাপতি থকালৈকে এ আই ইউ ডি এফৰে মিত্ৰতা নহয়৷ যিবিলাক দল ছদ্মবেশত চৰকাৰৰ লগত মিলি আছে সেই দলৰ লগত কংগ্ৰেছে কিয় মিত্ৰতাৰ কথা পাতিব? যি দল ছদ্মবেশী বিৰোধী, বিৰোধীৰ নামত শাসক পক্ষৰ গোলামী কৰি আছে তেনে দলৰ লগত আমি কথা পতাত নাই৷ কালি বিজেপিৰ মিডিয়া পেনেলিষ্ট এজন কংগ্ৰেছত যোগদান কৰিছে৷ তেওঁ কৈছে যে এ আই ইউ ডি এফৰে সমৰ্থন কৰাৰ কাৰণে তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গৈছিল৷ কিন্তু এতিয়া বিজেপিয়ে এআইইউডিএফৰে সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে তেওঁ বিজেপি এৰি কংগ্ৰেছলৈ আহিছে৷ বিজেপিয়ে শৰাইঘাটৰ শেষ যুদ্ধৰ আহ্বান দিছিল৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও আজি এ আই ইউ ডি এফৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি কয়– কোনো কাৰণত আহি থকা দিনত কংগ্ৰেছৰ লগত এ আই ইউ ডি এফৰ মিত্ৰতা নহয়৷ আমি এ আই ইউ ডি এফৰ লগত বহুবাৰ যুঁজিছোঁ৷ ২০০৬ আৰু ২০১১ চনত এ আই ইউ ডি এফৰ বিৰুদ্ধে যুঁজি কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিছে৷ ২০২৪ চনত এ আই ইউ ডি এফ দল ৫০ শতাংশ শেষ হৈ যাব৷ ২০২৬ চনত এ আই ইউ ডি এফ দল ৭০ শতাংশ শেষ হৈ যাব৷ আৰু ২০৩১ চনত এ আই ইউ ডি এফ ১০০ শতাংশ নাইকীয়া হৈ যাব৷ টিকট দিবলৈ তেওঁলোকে মানুহ বিচাৰি নাপাব৷ প্ৰদেশ কংগ্ৰেছৰ সন্মতি অবিহনে হাইকমাণ্ডে মিত্ৰতাৰ ক্ষেত্ৰত একো সিদ্ধান্ত নলয়৷ আমাৰ লগত আলোচনা নকৰাকৈ কংগ্ৰেছ হাইকমাণ্ডে কিবা সিদ্ধান্ত ল’ব বুলি যদি তেওঁলোকে ভাবিছে, তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে৷ এ আই ইউ ডি এফ ফেক্টৰ নহয় আজিৰ তাৰিখত৷ তেওঁলোক যদি ইমানে শক্তিশালী তেন্তে কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰত কিয় যাব লাগে৷ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ পাগলৰ দৰে কিয় হৈছে তেওঁলোক৷ কিয় হাহাকাৰ কৰি ফুৰিছে৷ আহি থকা দিনত এ আই ইউ ডি এফ বিদায় ল’ব লাগিব অসমৰ পৰা৷ বিজেপিক হৰুৱাবলৈ বিৰোধী একলগ হ’ব লাগে৷ কিন্তু এ আই ইউ ডি এফ বিৰোধীত নপৰে৷ সকলোৱে জানে যে বিজেপিৰ লগত এ আই ইউ ডি এফৰ মিলাপ্ৰীতি আছে৷ এই মিত্ৰতা অফিচিয়েল নহয়৷ আন অফিচিয়েলী বিজেপিৰ সৈতে এ আই ইউ ডি এফৰ মিত্ৰতা আছে৷ এ আই ইউ ডি এফ সদায় কংগ্ৰেছৰ বিৰোধী৷ বিজেপিয়ে ১২টা লোকসভা সমষ্টিত জয়ী হ’ব বুলি কৈ আছে৷ তেন্তে কোন দুটা সমষ্টি বিজেপিয়ে বাদ দিলে? দুটা সমষ্টি কিয় বাদ দিবলগীয়া হ’ল? খেলপথাৰত নমাৰ আগতেই দুখন আসন বিজেপিয়ে এৰি দিলে৷ এই দুখন আসন কোনে পাব? কিন্তু বিজেপিৰ সপোন সফল নহয় এইবাৰ৷