Logo
image

১০ টকালৈ কমিল কেঁচা চাহপাতৰ দৰ

আমাৰ অসম, ১৯ অক্টোবৰঃ দুৰ্গা পূজাৰ পাছতে কমিল কেঁচা চাহপাতৰ দৰ৷ কেঁচা পাতৰ গুণগত মানৰ দোহাই দি মধ্যভোগীসকলে প্ৰতিকেজি চাহপাতৰ মূল্য ১০-১১ টকালৈ কমাই দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ অসমত চাহ খেতিৰে অৰ্থনৈতিক পৰিৱৰ্তন আৰু বিপ্লৱৰ সূচনা কৰা ডেৰ লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কে এতিয়া নিজৰ উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্য লাভ নকৰাত মূৰে-কঁপালে হাত দিব ল’গা পৰিৱেশৰ সৃষ্টি হৈছে৷ উৎপাদন ব্যয়তকৈ ৫-৬ টকা কমমূল্যত অথাৰ্ৎ ১০-১১ টকাকৈ বৰ্তমান খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিবলগা হোৱাত আৰ্থিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল৷ উল্লেখ্য, বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাতৰ সমগ্ৰ বজাৰখন এচাম মধ্যভোগী, বৃহৎ চাহগোষ্ঠী আৰু বটলিফ ফেক্টৰীৰ হাতৰ মুঠিত৷ মূৰৰ ঘাম মাটিত পেলাই নিজৰ শ্ৰমৰ বিনিময়ত উৎপাদন কৰা ৰাজ্যখনৰ ডেৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহপাতৰ মূল্য এচাম মধ্যভোগী দালাল, বৃহৎ চাহ কোম্পানী আৰু বট্‌লিফ ফেক্টৰীয়ে নিধাৰ্ৰণ কৰাত খেতিয়কসকল সংকটৰ সন্মূখীন হৈছে৷ অসমৰ উৎপাদিত মুঠ চাহৰ ত্ৰিশ শতাংশৰ অধিক ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰাৰ লগতে জাতীয় আয়লৈ প্ৰভূত বৰঙণি আগবঢ়োৱাৰ পাছতো চৰকাৰখনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি অলপো সহমৰ্মিতা প্ৰকাশ কৰা নাই৷ ফলত একাংশ কলিকতীয়া বৃহৎ চাহ কোম্পানী আৰু বট্‌লিফ ফেক্টৰীৰ আঙুলিৰ ঠাৰত ৰাজ্যখনৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে নাচিব লগা হৈছে৷ বৃহৎ চাহ গোষ্ঠী আৰু বট্‌লিফ ফেক্টৰীসমূহৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতে ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচাপাতৰ দৰ নিধাৰ্ৰণ হয়৷ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট এই ছখনজিলাত সবাৰ্ধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচাপাত উৎপাদন হয়৷ চলিত চিজনৰ আগষ্ট মাহৰ শেষলৈকে ক্ষুদ্ৰ চাহ খেতিয়কে তেঁওলোকৰ উৎপাদিত কেঁচাপাতৰ মূল্য প্ৰতি কেজিত ২০-৩০ টকা পৰ্যন্ত লাভ কৰিছিল যদিও আগষ্ট মাহৰ শেষাৰ্ধৰ পৰা কেঁচাপাতৰ দাম কমি আহি ছেপ্টেম্বৰ মাহত ১৫-১৬ টকা হয় যদিও ছেপ্টেম্বৰ মাহত কেঁচাপাতৰ মূল্য অভাৱনীয়ভাৱে কমি আহি বৰ্তমানপাতৰ মূল্য ১০-১১ টকালৈ নামি অহাত খেতিয়কসকলৰ মাজত হাহাকাৰ লাগিছে৷ বিশেষকৈ দুৰ্গা পূজাৰ সময়ত কেইবাদিনো বাগিচাসমূহৰ কাম-কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত কেঁচাপাতৰ গুণগত মান কমি অহাৰ অচিলা লৈ মধ্যভোগী শ্ৰেণীটোৱে কেঁচাপাতৰ দুগুণ-তিনিগুণপৰ্যন্ত কমাই দিয়ে৷ উল্লেখ্য, জিলা প্ৰশাসনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কেঁচা চাহপাতৰ দৰ নিধাৰ্ৰণৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আনুষংগিক সমস্যা সমাধানৰ বাবে এজন জিলা মণিটৰিং কমিটী গঠন কৰা হৈছিল যদিও মধ্যভোগী শ্ৰেণীটোৱে জিলা মণিটৰিং কমিটীৰ কোনো নিৰ্দেশ কাৰ্যকৰী নকৰে৷ বিশেষকৈ চৰাইদেউ জিলাত জিলা মণিটৰিং কমিটীয়ে বিগত মে’ মাহতে জিলা উপায়ুক্তৰ কাযাৰ্লয়ত এখন সভা অনুষ্ঠিত কৰি প্ৰতিকেজি কেঁচাপাতৰ বিপৰীতে সৰ্বনিম্ন ২৭ টকা নিধাৰ্ৰণ কৰিছিল৷ কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচপাত ক্ৰয় কৰা মধ্যভোগীয়ে মণিটৰিং কমিটীৰ নিদ্দেৰ্শক বুঢ়া আঙুলি দেখুৱাই প্ৰতিকেজি কেঁচা চাহপাত ১০-১১ টকাকৈ ক্ৰয় কৰিছে৷ আনহাতে, কালি পুনৰ চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত  চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত জিলাখনৰ চাহ বাগিচাসমূহৰ কতৃৰ্পক্ষ, বটলিফ ফেক্টৰী সন্থাৰ প্ৰতিনিধি আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ সভাত ৪০ শতাংশ গুণগত মানৰ কেঁচাপাতৰ নিম্নতম সমৰ্থন মূল্য ২৭ টকা নিধাৰ্ৰণ কৰে৷ উল্লেখ্য, চৰকাৰে এনেদৰে সভা অনুষ্ঠিত কৰি কেঁচা চাহপাতৰ মূল্য নিধাৰ্ৰণ কৰে যদিও গুণগত কেঁচাপাত যোগান ধৰিলেও বাগিচাৰ কলঘৰ বা ব্যক্তিগত কলঘৰসমূহে খেতিয়কক উচিত মূল্য দিব নিবিচাৰে বুলি ক্ষুদ্ৰ চাহ খেতিয়কসকলে অভিযোগ উত্থাপন কৰিছে৷স্মতব্য, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ, শ্ৰমিকৰ মজুৰিকে ধৰি আনুষংগিক সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত উৎপাদন ব্যয়তকৈ কম মূল্যত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিব লগা হোৱাত খেতিয়কসকল হতাশ হৈ পৰিছে৷ প্ৰাসঙ্গিকভাৱে উল্লেখ্য যে, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে বিগত সময়ছোৱাত কেঁচাপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত উজনি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে উপায়ুক্ত, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক কোনোপ্ৰকাৰে প্ৰভাৱিত কৰিব পৰা নাই৷ ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে ৰাজ্যখনত গঢ়ি উঠা ২০০ টাতকৈ অধিক বট্‌লিফ ফেক্টৰীৰ কেঁকোৰা চেপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ কল্যাণাৰ্থে গ্ৰহণ কৰা কোনো এখন আঁচনিয়ে কাৰ্যকৰী হোৱা নাই৷ বিশেষকৈ চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ বিপৰীতে সংগ্ৰহ কৰা টকা আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঠশ কোটিটকীয়া অভিলাসী আঁচনি ফুটুকাৰ ফেনত পৰিণত হ’ল৷ তদুপৰি, ভাৰতীয় চাহ ব’ৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কসকলক সমবায়ভিত্তিত চাহ খেতি কৰি কলঘৰ স্থাপন কৰাৰ পৰামৰ্শ আৰু বায়’মেট্ৰিক কাৰ্ড প্ৰদানৰ যি ঘোষণা কৰিছিল সেয়াও অদ্যপি সম্পূৰ্ণ হৈ উঠা নাই৷ তদুপৰি, গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত পকা পাতৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱা স্বত্ত্বেও উজনি অসমত প্ৰতিদিনে কেঁচা পাতৰ মূল্য হ্ৰাস-বৃদ্ধি হোৱা কাৰ্যই ক্ষুদ্ৰ চাহ খেতিয়কসকল যে বৃহৎ চাহগোষ্ঠী, বট্‌লিফ ফেক্টৰী আৰু একাংশ মধ্যভোগী এজেণ্টৰ হাতৰ পুতলা সেয়া নিশ্চিত হৈ পৰিছে৷ অসমৰ ভয়াৱহ নিৱনুৱা সমস্যা দূৰ কৰা, লাখ লাখ কৰ্মহীন শ্ৰমিকক ভাত-কাপোৰৰ যোগান ধৰি ৰাজ্যখনৰ আৰ্থ-সামাজিক বুনিয়াদ শক্তিশালী কৰা ক্ষুদ্ৰ চাহ শিল্পক বণিক গোষ্ঠীৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্যখনৰ ডেৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে ৰাজ্য-কেন্দ্ৰ চৰকাৰক দাবী জনাইছে৷