Logo
image

চাওক এই বিৰল সূৰ্যগ্ৰহণ

আমাৰ অসম, ২০ অক্টোবৰঃ ১০৭ বছৰত বৃহস্পতি আৰু পৃথিৱী আটাইতকৈ ওচৰা-উচৰিকৈ কাষ চাপিছিল৷ এইবাৰ পুনৰ সেই মহাজাগতিক ঘটনাৰ সাক্ষী হ’বলৈ ওলাইছে পৃথিৱী৷ এই ঘটনাত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেদাল সৰল ৰেখাত উপনীত হ’ব৷ সেইদিনা ভাৰতত আংশিক সূৰ্যগ্ৰহণ গ্ৰহণ হ’ব৷ দিনটো অহা ২৫ অক্টোবৰ৷ দ্বীপাৱলিৰ দিনা পুৱা ৮.৫৮ বজাত হ’বলগীয়া এই সূৰ্যগ্ৰহণ ১.০২ বজাত সামৰণি পৰিব৷ অৰ্থাৎ প্ৰায় ৪ ঘণ্টা সময় দৃশ্যমান হ’ব এই আংশিক সূৰ্যগ্ৰহণ৷ ইউৰোপ, মধ্যপ্ৰাচ্য, উত্তৰ-পূব আফ্ৰিকা, পশ্চিম এছিয়া, উত্তৰ আটলাণ্টিক মহাসাগৰ, পশ্চিম চীন, ভাৰত আৰু প্ৰতিৱেশী দেশসমূহত দৃশ্যমান হ’ব এই সূৰ্যগ্ৰহণ৷ ২৫ অক্টোবৰৰ আংশিক সূৰ্যগ্ৰহণৰ পাছত ২০২৫ চনৰ ২৯ মাৰ্চতো আন এক সূৰ্যগ্ৰহণ হ’ব৷ কিন্তু সেই গ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব৷ ইয়াৰ পাছত ২০৩২ চনৰ  ৩ নৱেম্বৰত হ’বলগীয়া আংশিক সূৰ্যগ্ৰহণহে দেখিব পৰা যাব ভাৰতৰ পৰা৷