বিজেপিৰ ১২+ অভিযান আৰম্ভ
বৰপেটা, নগাঁও, কলিয়াবৰ উদ্ধাৰৰ বাবে টঙালি বান্ধিছে বিজেপিয়ে
আমাৰ অসম, ২০ অক্টোবৰঃ বিজেপি দলৰ এতিয়া মূল লক্ষ্য মিছন ১২+৷ আৰু এইলক্ষক কাৰ্যকৰী ৰূপ দিয়াৰ উদ্দেশ্যৰে আগন্তুক তিনিদিনৰ বাবে বঙাইগাঁও জিলাত বাহৰ পাতি দলৰ সাংগঠনিক কাম-কাজৰ বুজ ল’ব কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ উল্লেখ্য, কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টি উদ্ধাৰৰ দায়িত্ব বিজেপি হাইকমাণ্ডে ৰিজিজুৰ ওপৰত অৰ্পণ কৰিছে৷ বিজেপি হাইকমাণ্ডক যিকোনো প্ৰকাৰে এই তিনিটা সমষ্টি নিজৰ দখলত লাগে৷ আৰু এই তিনিটা সমষ্টি দখল কৰিব পাৰিলে সফল হ’ব বিজেপিৰ মিছন ১২+৷ হাইকমাণ্ডৰ নিৰ্দেশত ইতিমধ্যে যুদ্ধক্ষেত্ৰত জঁপিয়াই পৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু৷ কিছুদিন পূৰ্বে তেওঁ কলিয়াবৰ সমষ্টিত বাহৰ পাতি দলৰ সাংগঠনিক স্থিতিৰ বুজ লয়৷ কলিয়াবৰৰ পাছত ৰিজিজুৰ এইবাৰ লক্ষ্য বৰপেটা লোকসভা সমষ্টি৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও জিলাত বিজেপিৰ স্থিতি পূৰ্বৰ তুলনাত যিহেতু অধিক শক্তিশালী হৈছে সেয়ে আগন্তুক তিনিদিন বঙাইগাঁও জিলাত বাহৰ পাতি সমষ্টিয়ে সমষ্টিয়ে ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীজনে৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপৰি ৰিজিজুৱে দক্ষিণ আৰু উত্তৰ অভয়াপুৰী ভ্ৰমণ কৰি দলীয় নেতা-কৰ্মীয়ে আলোচনাত মিলিত হ’ব৷ জিলাখনৰ এই তিনিওটাা সমষ্টি বৰ্তমান বিজেপিৰ দখলত নাই৷ উল্লেখ্য, কলিয়াবৰ সমষ্টি উদ্ধাৰৰ বাবে বৰ্তমানৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিৰ্বাচনী যুঁজত নমোৱাৰ ৰণকৌশল গ্ৰহণ কৰিছে বিজেপি হাইকমাণ্ডে৷ কলিয়াবৰ আৰু বৰপেটা সমষ্টি দুটা এইবাৰো বিজেপিৰ মিত্ৰদল অগপই দাবী কৰাৰ সম্ভাৱনা আছিল যদিও দুয়োটা সমষ্টিতে বিজেপি দলে নিজা প্ৰাৰ্থী থিয় কৰাব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ বৰপেটা সমষ্টিত বিজেপিয়ে লোকসভা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰক্ষেপ কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে৷ কিৰেণ ৰিজিজুৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ইতিপূৰ্বে কলিয়াবৰ লোকসভা সমষ্টিত সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে৷ আজি বঙাইগাঁৱত উপস্থিত হোৱাৰ পূৰ্বে আগষ্ট মাহৰ শেষৰপিনে বৰপেটা ভ্ৰমণ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে৷ উল্লেখ্য, মিছন ১২+ত উপনীত হোৱাৰ স্বাৰ্থত বিজেপি দলে এইবাৰ বহুকেইজন সাংসদক পুনৰ টিকট নিদিয়াটো প্ৰায় নিশ্চিত৷ এই সমষ্টিসমূহত নতুন মুখৰ প্ৰাৰ্থী থিয় কৰাব বিজেপি দলে৷ ইয়াৰ পূৰ্বে বৰ্তমান বিজেপিৰ দখলত নথকা সমষ্টিসমূহত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ যুঁজত নামি পৰিছে শাসনাধিষ্ঠ দলটোৱে৷ ইয়াৰ বাবে পৃষ্ঠাপ্ৰমুখৰ উপৰি পৃষ্ঠা কমিটী গঠনৰ সিদ্ধান্ত লৈছে বিজেপি দলে৷






