Logo
image

দলৰ নিয়ন্ত্ৰণ পিছদুৱাৰেদি ছোনিয়া-ৰাহুলৰ হাততেই

পৰিৱৰ্তন নহ’ল! ৮১ বছৰীয়া খৰ্গেয়েই সভাপতি

আমাৰ অসম, ২০ অক্টোবৰঃ অৱশেষত প্ৰায় আঢ়ৈ দশকৰ মূৰত ‘গান্ধী পৰিয়াল’ৰ বাহিৰৰ পৰা কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হ’ল এজন৷ বুধবাৰে বিপুল ভোটৰ ব্যৱধানত দলটোৰ সভাপতিৰূপে নিৰ্বাচিত হয় ‘ছোনিয়া অনুগত’ দলিত নেতা ৮১ বছৰীয়া মল্লিকাৰ্জুন খৰ্গে৷ দলৰ শীৰ্ষ পদবীটোৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা শশী থাৰুৰৰ বিপৰীতে তেওঁ মুঠ ৯৩৮৫ টা ভোটৰ ভিতৰত ৭৮৯৭ টা ভোট লাভ কৰি সভাপতি নিৰ্বাচনত বিজয়ী হয়৷ আনহাতে শশী থাৰুৰে লাভ কৰে মাত্ৰ ১০৭২ টা ভোট৷ ৪১৬ টা ভোট বাতিল হয়৷ অৰ্থাৎ সাত হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় খৰ্গে৷ ইপিনে মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছতে দলৰ অন্তৱৰ্তীকালীন সভানেত্ৰীৰ দায়িত্বত থকা ছোনিয়া গান্ধীয়ে খৰ্গেৰ ঘৰলৈ গৈ তেওঁক অভিনন্দন জনায়৷ দলৰ অন্যান্য শীৰ্ষ নেতাসকলেও খৰ্গেক নতুন দায়িত্ব পালনৰ শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য যে, কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচনৰ যুঁজখনত পূৰ্বৰে পৰা আগবাঢ়ি আছিল ‘ছোনিয়া অনুগত’ মল্লিকাৰ্জুন খৰ্গে৷ ৰাজনৈতিক পৰ্যবেক্ষকসকলেও প্ৰবীণ কংগ্ৰেছী নেতাজনেই দলৰ সভাপতি পদত অধিষ্ঠিত হ’ব বুলি একপ্ৰকাৰ প্ৰায় নিশ্চিত হৈ আছিল৷ খৰ্গেৰ জয়লাভে কংগ্ৰেছ দলটোৰ নিয়ন্ত্ৰণ পিছ দুৱাৰেৰে গান্ধী পৰিয়ালৰ হাততে থকা বুলি ধাৰণা কৰিছে পৰ্যবেক্ষকসকলে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৯৮ চনত গান্ধী পৰিয়ালৰ বাহিৰৰ লোক হিচাপে কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্বত আছিল সীতাৰাম কেশৰী৷ এইবাৰ সভাপতি নিৰ্বাচনৰ দিন-বাৰ ঘোষণা হোৱাৰ পাছত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু দিগ্বিজয় সিঙে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু শেষ মুহূৰ্তত তেওঁলোক আঁতৰি যায়৷ গান্ধী পৰিয়ালৰ আন এগৰাকী ঘনিষ্ঠ নেতা দিগ্বিজয় সিঙে সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে খৰ্গেৰ নামটো প্ৰস্তাৱ কৰে৷ কংগ্ৰেছ দলৰ ‘বিক্ষুব্ধ শিবিৰ’ৰ একাংশয়ো খৰ্গেলৈ সমৰ্থন আগবঢ়ায়৷ ফলত আৰম্ভণিৰে পৰা মল্লিকাৰ্জুন খৰ্গে সভাপতি হোৱাটো প্ৰায় নিশ্চিত হয়৷ অৱশেষত বুধবাৰে ভোট গণনাৰ অন্তত মুঠ ভোটৰ প্ৰায় সাতগুণ ব্যৱধানত খৰ্গে সভাপতি নিৰ্বাচিত হয়৷ স্মৰ্তব্য যে, জগজীৱন ৰামৰ পাছত কংগ্ৰেছৰ সভাপতিৰ আসনত অধিষ্ঠিত হোৱা মল্লিকাৰ্জুন খৰ্গেই হৈছে দ্বিতীয়জন দলিত নেতা৷ ১৯৪২ চনত জন্মলাভ কৰা খৰ্গে কলেজীয়া জীৱনৰ পৰাই ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰে৷ প্ৰথম অৱস্থাত শ্ৰমিক সংগঠনৰ নেতাৰূপে দায়িত্ব পালন কৰা খৰ্গেই পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগ দিয়ে৷ সোলিলাদা চৰ্দাৰ নামেৰেও পৰিচিত মল্লিকাৰ্জুন খৰ্গেই ১২ বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এবাৰহে পৰাজয়বৰণ কৰিছিল৷ তিনিবাৰ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিও সেই আসনত অধিষ্ঠিত হোৱাৰ আগ্ৰহ দেখুওৱা নাছিল৷ ৰাজ্যসভাৰ বিৰোধী নেতাৰূপেও দায়িত্ব পালন কৰা খৰ্গেই মনমোহন সিং মন্ত্ৰীসভাত ৰে’লমন্ত্ৰী আৰু শ্ৰমমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ হিন্দী, উৰ্দু, কানাড়া, মাৰাঠী, তেলুগু আৰু ইংৰাজী ভাষাত ব্যুৎপত্তি থকা খৰ্গে তিনি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ৷ বুধবাৰে তেওঁ সভাপতি নিৰ্বাচিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অভিনন্দন জ্ঞাপন কৰে৷ শেহতীয়া বাতৰি মতে সভাপতি নিৰ্বাচিত হোৱাৰ পাছতে মল্লিকাৰ্জুন খৰ্গেই দলৰ নেত্ৰী ছোনিয়া গান্ধীৰ সৈতে সাক্ষাৎ কৰিবলৈ ১০ জনপথত থকা কংগ্ৰেছ নেত্ৰীগৰাকীৰ বাসস্থানলৈ যোৱাৰ বাৰ্তা প্ৰেৰণ কৰে৷ কিন্তু ছোনিয়া গান্ধীয়ে ইয়াত সঁহাৰি নজনাই ওলোটাই দলৰ নৱনিৰ্বাচিত সভাপতি গৰাকীৰ ঘৰত আহি ফুলৰ থোপাৰে খৰ্গেক অভিনন্দন জনায়৷ ইপিনে ভাৰত জোড়ো যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীয়ে অন্ধ্ৰ প্ৰদেশৰ পৰাই দলৰ নতুন সভাপতিগৰাকীলৈ শুভেচ্ছা প্ৰেৰণ কৰে৷ লগতে কংগ্ৰেছ দলৰ নেতা হিচাপে তেওঁৰ পৰৱৰ্তী দায়িত্ব কি হ’ব সেয়া নতুন সভাপতি গৰাকীয়ে নিৰ্দিষ্ট কৰি দিব বুলি সাংবাদিকক জনায় ৰাহুল গান্ধীয়ে৷