Logo
image

বঙাইগাঁৱত বাহৰ পাতিছে ৰিজিজুৱে

আমাৰ অসম, ২০ অক্টোবৰঃ কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে তিনিদিনীয়া ভ্ৰমণসূচী লৈ বুধবাৰে বঙাইগাঁৱত উপস্থিত হয়৷ ইয়াৰ পাছতে তেওঁ বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ এখন সংবাদমেলত অংশ লয়৷ সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাজনৈতিক কাৰণত বঙাইগাঁৱত পদাৰ্পণৰ কথা ব্যক্ত কৰে৷ সংবাদমেলত মন্ত্ৰী ৰিজিজুৱে কয়– ‘অসমৰ বৰপেটা, কলিয়াবৰ আৰু নগাঁও– এই তিনিটা লোকসভা সমষ্টিৰ অভিভাৱক মন্ত্ৰী৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত বিজেপি জিকিবই লাগিব৷ কাৰণ বিজেপি নিজিকিলে এই আসনখন খালি হৈ যাব৷ বাকী পাৰ্টীয়ে সিমান কাম কৰিব নোৱাৰিব৷ কাৰণ বিজেপিৰ কাম কৰাৰ এটা কালচাৰ আছে৷ আমাৰ এটা কমিটমেণ্ট আছে, ছ’চাইটী আছে, এনেকুৱা কমিটমেণ্ট দি কাম কৰাৰ কোনো পাৰ্টী নাই৷ বেলেগ পাৰ্টীৰ পৰা সাংসদ হ’লে বৰ লোকচান হৈ যায়৷ পাব্লিকৰ কাৰণে লোকচান হয়৷ সেয়ে বিজেপিয়ে এই ছিটত জিকাটো বহুত দৰকাৰ আছে৷ কিন্ত  এনেই ক’লেই নহ’ব৷ কষ্ট কৰিব লাগিব৷ সেইটো কাৰণে এটা কেবিনেট মিনিষ্টাৰ হ’লে কি হ’ব৷ আমি পাৰ্টীৰ কৰ্মী আৰু সেইটো কাৰণে নিজেই ইয়ালৈ আহিছোঁ৷ আলোচনা কৰিম, মই মাজে মাজে আহি থাকিম৷ যেতিয়ালৈকে এই ছিটটো নিজিকিব, তেতিয়ালৈকে আমি আৰাম নকৰিম৷ পাৰ্টী লিডাৰশ্বিপ, ষ্টেট লিডাৰশ্বিপ, ষ্টেট প্ৰেছিডেণ্ট সকলোৱে মিলি আমি ৰীতিমতে কাম কৰিম৷ ভৱিষ্যৎ পৰিকল্পনা কৰি মানুহক আমি সেৱা দিম, বিশ্বাসটো জিকিব লাগিব৷’ মিত্ৰতা সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়– ‘মিত্ৰতা বুজাবুজি থাকিবই৷ কিন্তু ছিটটোত যেতিয়ালৈকে গ্ৰাউণ্ড লেবেললৈ কাম নকৰিব, কেনেকৈ ক্লেম কৰিব, কেনেকৈ জিকিব আৰু সেইটো কাৰণে ফিল্ডৱৰ্ক ঠিক কৰিবই লাগিব৷ পাৰ্টীৰ গ্ৰাউণ্ড লেবেল আৰু কেন্দ্ৰীয় লিডাৰশ্বিপ থাকিব নালাগিব৷ কংগ্ৰেছৰ কোনো মন্ত্ৰী এনেকুৱা ঠাইত আহি ২-৩ দিন নাথাকিব৷ আজিকালি ডিজিটেলাইজড্‌৷ মই ইয়াৰ পৰাই মোবাইলেৰে অফিচৰ কাম কৰি আছোঁ৷ লগতে ইয়াত গ্ৰাছৰুট ৱৰ্কৰৰ লগত মিলিত হৈ আছোঁ৷ এইটো বিজেপিৰ কালচাৰ হয়৷ আৰাম কৰাৰ কোনো জাগা নাই৷’ সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰিজিজুৱে কয়– ‘কংগ্ৰেছ আকৌ আহিব নোৱাৰিব৷ কাৰণ দলটোৰ ডাইৰেকশ্বন নাই৷ লিডাৰশ্বিপ নাই, পলিচী নাই, ভিজন নাই৷ সেই পাৰ্টীটোৱে ভাৰতবৰ্ষত চৰকাৰ চলোৱাৰ সপোন দেখাটো উচিত নহ’ব৷ সেয়ে কংগ্ৰেছৰ কথা কৈ সময় নষ্ট কৰাৰ ইচ্ছা নাই৷ আমাৰ বিজেপিৰ কাম কেনেকৈ কৰিম, সেইটোৱে আলোচনা কৰিম৷’ এআইচিচিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা মল্লিকাজুৰ্ন খৰ্গে সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰিজিজুৱে কয়– ‘মল্লিকাজুৰ্নক জানো৷ লোকসভাত একেলগে আছিলোঁ৷ এতিয়া ৰাজ্যসভালৈ সোমাই গ’ল৷ তেখেত সভাপতি হ’লে কি হ’ব৷ আচলতে কংগ্ৰেছক কোন পৰিয়ালে চলাই আছে, ফেমিলী ডাইৰেকশ্বন নাই৷ ফেমিলী এবিলিটী থাকিব লাগিব৷ আজিকালি এনেকুৱা শ্লোগান দি মিছা কথা কৈ ফেমিলী লিগেচী ভোট নাপায়৷ কাম কৰিব লাগিব, ফিল্ডত যাব লাগিব৷ তদুপৰি তেখেতৰ কংগ্ৰেছৰ কথা কোৱাৰ বেছি ইচ্ছা নাই৷ বেলেগ পাৰ্টীৰ কথা কৈ লাভ নাই৷ কংগ্ৰেছ পাৰ্টীৰ কথাটো মই কৈয়েই দিছোঁ ‘দেয়াৰ ষ্ট’ৰী ইজ অ’ভাৰ’৷ ভাৰতবৰ্ষৰ জনতা তেনেকুৱা ডাইৰেকশ্বনলেছ, ভিজিনলেচ পাৰ্টীক কেতিয়াও ঘূৰাই নানিব৷’ এআইইউডিএফৰ নিচিনা পাৰ্টীক অসমৰ দৰে ঠাইত কেলেই ভোট দিয়ে বুলি মতপোষণ কৰি মন্ত্ৰীজনে কয়– ‘এআইইউডিএফে এক টুকুৰা কাম কৰিব নোৱাৰিব৷ অসমৰ ভৱিষ্যৎ ছিকিউৰ কৰিব নোৱাৰে৷ অসমৰ কাৰণে সৰু এটা প্ৰজেক্ট আনিব নোৱাৰে৷ এআইইউডিএফৰ নিচিনা পাৰ্টীক ভোট দিয়াটো ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়াৰ নিচিনা৷ লোকচান আছে না৷ নিজৰ ভোটটো কিয় লোকচান কৰিব লাগে৷ ভোটটো মুল্যবান৷ মইতো আইনমন্ত্ৰী৷ আমি লাষ্ট পাৰ্লিয়ামেণ্ট ছিজনত এমেণ্টমেণ্ট আনিছোঁ৷ এতিয়া সকলোতে আৰু ভালকৈ ভোটিং হ’বলৈ আমি চেষ্টা কৰি আছোঁ৷  কাৰণ এটা এটা ভোটৰ মূল্য আছে৷ আৰু এআইইউডিএফৰ নিচিনা দলক ভোট দিয়া মানে একো নহ’ব৷ কংগ্ৰেছক ভোট দিয়াটো লোকচানেই হয়! কংগ্ৰেছ-এআইইউডিএফক ভোট দিয়াটো বৰবাদ কৰাৰ নিচিনা, তাতকৈ নিদিয়াই ভাল৷ কষ্ট কৰি প’লিং ষ্টেচনত যাব৷ জিকিলেও কামত নহিব৷ গতিকে লোকচন হ’বই৷ নিজৰ ভোটটো কেলেই লোকচান কৰিব লাগে কওকচোন৷’ ভাৰতীয় জনতা পাৰ্টীৰ ভৱিষ্যৎ থকাৰ কথা প্ৰকাশ কৰি মন্ত্ৰীজনে কয়– ‘অসম উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ ভৱিষ্যৎ৷ ভৱিষ্যৎ যাৰ লগত আছে, তাৰ লগতে মানুহ যাওক৷ এতিয়া অৰুণাচল, নাগালেণ্ড, মণিপুৰত ৰে’লৱে লাইন গৈ আছে৷ এয়াৰপ’ৰ্ট বনাই আছে৷ হাইৱে’ বনাই আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেখাদেখি পৰিৱৰ্তন হৈ গ’ল৷ অসমত হিমন্ত বিশ্ব শৰ্মাই কিমান ভালকৈ কাম কৰি আছে৷ সেইবোৰ এৰি মানুহে কিয় লোকচান কৰিব৷ তেনেকুৱা কৰিব নাপায় নহয়৷’ সংবাদমেলৰ অন্তত মন্ত্ৰীজনে বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে আলাপ-আলোচনা আৰু সন্ধিয়া বঙাইগাঁও আৱৰ্ত ভৱনত অধিবক্তা চিকিৎসকসকলৰ সৈতে মিলিত হয়৷