Logo
image

খৰ্গেৰ ঘৰলৈ গৈ অভিনন্দন জনাই আহিল ‘অসন্তুষ্ট’ থাৰুৰে

আমাৰ অসম, ২০ অক্টোবৰঃ মল্লিকাৰ্জুন খৰ্গে বুধবাৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছতে দলৰ শীৰ্ষ পদবীটোত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰা শশী থাৰুৰে তেওঁক ঘৰলৈ গৈ শুভেচ্ছা জনায়৷ লগতে নিজৰ টুইটাৰ হেণ্ডেলত থাৰুৰে দলৰ নৱনিৰ্বাচিত সভাপতিগৰাকীলৈ উদ্দেশ্যি উল্লেখ কৰে– ‘কংগ্ৰেছৰ দৰে পুৰণি দল এটাৰ সভাপতি হ’ব পৰাটো সন্মান আৰু গৌৰৱৰ বিষয়৷ তদুপৰি ই এটা গধুৰ দায়িত্ব৷ এইক্ষেত্ৰত মল্লিকাৰ্জুন খৰ্গেৰ সাফল্য কামনা কৰিছোঁ৷’ একেটা টুইটত থাৰুৰে লগতে উল্লেখ কৰে– ‘মোৰ বাবে সৌভাগ্যৰ বিষয় যে মই এহাজাৰৰো অধিক সহকৰ্মী আৰু সমগ্ৰ ভাৰতজুৰি কংগ্ৰেছৰ অসংখ্য শুভাকাংক্ষীৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ উল্লেখ্য, কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মুঠ ৯,৩৮৫টা ভোটৰ মাত্ৰ ১,০৭২টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় থাৰুৰে৷ ইয়াৰ বিপৰীতে খৰ্গে ৭,৮৯৭টা ভোট লাভ কৰি শশী থাৰুৰতকৈ প্ৰায় ৭ গুণ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়৷

ইপিনে সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত থাৰুৰে দলৰ নতুন সভাপতিগৰাকীক অভিনন্দন জ্ঞাপন কৰিলেও দলৰ শীৰ্ষ পদবীটোৰ বাবে অনুষ্ঠিত নিৰ্বাচনত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ এই সন্দৰ্ভত তেওঁ দলৰ নিৰ্বাচন সমিতিৰ অধ্যক্ষ মধুসুধন মিস্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ উক্ত পত্ৰত তেওঁ খৰ্গে আৰু তেওঁৰ সমৰ্থকসকলৰ বিৰুদ্ধে ভোটগ্ৰহণৰ সময়ত ৰিগিং কৰাৰ অভিযোগ কৰে৷ তদুপৰি থাৰুৰে উত্তৰ প্ৰদেশৰ বুথত একাধিক বেলট বাকচৰ চীল-মোহৰত অমিল থকা বুলি উল্লেখ কৰি উক্ত ৰাজ্যৰ ভোট গণনা স্থগিত ৰখাৰ দাবী জনাইছিল৷