Logo
image

কাজিৰঙাত ফাইভষ্টাৰ, স্কুটী বিতৰণতো কেবিনেটৰ অনুমোদন

আমাৰ অসম, ২০ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে আজি কাজিৰঙাত ফাইভষ্টাৰ হোটেল নিৰ্মাণ, মেধাবী শিক্ষাৰ্থীক স্কুটি প্ৰদান, জাতিগত প্ৰমানপত্ৰ জাৰিকৰণৰ উচ্ছমানৰ প্ৰক্ৰিয়াৰ নিৰ্দেশাৱলী, ফিক্সড পে’ত কাৰ্যনিৰ্বাহ কৰি থকা সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ আজিৰ কেবিনেটে পৰ্যটনৰ বিকাশৰ বাবে কাজিৰঙাত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে ছৰফ হোটেল এণ্টাৰপ্ৰাইজৰ [হায়াত গ্ৰুপ অৱ হোটেলছ] দ্বাৰা এখন পঞ্চতাৰকা হোটেল স্থাপনত অনুমোদন জনায়৷ প্ৰায় এশ কোটি টকা ব্যয়েৰে এই পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ’ব৷ পৰ্যটন বিভাগৰ ভূমিত অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত নিৰ্মাণ হ’ব এই পঞ্চতাৰকা হোটেল৷ আজিৰ কেবিনেট বৈঠকে অহা ১১ নৱেম্বৰত শিলচৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ মিছন বসুন্ধৰা-২ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত দিৱসৰ সন্দৰ্ভতো আজি কেবিনেটত আলোচনা হয়৷ কেবিনেটে উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণৰ সিদ্ধান্তত অনুমোদন জনায়৷ মুঠ ৩৫,৮০০খন স্কুটী ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৬,০৫২ গৰাকী ছাত্ৰক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অহা ৩০ অক্টোবৰৰ পৰা বিতৰণ কৰা হ’ব স্কুটীসমূহ কেবিনেটে৷ আঠ হাজাৰ আৰু ২১ হাজাৰৰ দুয়োটা শাখাত ফিক্সড পে’ত কাম কৰা সহকাৰী অধ্যাপকসকলৰ দৰমহা ৫৫ হাজাৰলৈ বৃদ্ধি কৰে৷ কেবিনেটে মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কাৰ্যসূচী অহা ২৮, ২৯ আৰু ৩০ অক্টোবৰত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটত ‘ভৈয়ামত পাহাৰীয়া জনজাতি’ আৰু ‘পাহাৰত ভৈয়াম জনজাতি’ৰ প্ৰমাণপত্ৰ জাৰিকৰণৰ হেতু উচ্ছমানৰ প্ৰক্ৰিয়াৰ নিৰ্দেশনা জাৰি কৰে৷ সেই অনুসৰি ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক, শৈক্ষিক আৰু নিযুক্তিৰ লাভালাভ প্ৰাপ্ত কৰাত সহায়ক হোৱাকৈ মিছন ভূমিপুত্ৰৰ অধীনত অনুসূচিত জাতি, অনুসূচিত জনজাতি অন্যান্য পিছপৰা শ্ৰেণী বাকী অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰৰ দৰে উপায়ুক্তৰ দ্বাৰা অনলাইনযোগে যোগ্যসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷