Logo
image

দীৰ্ঘ আইনী যুদ্ধত জিকি গৃহৰক্ষীৰ মুখ্যমন্ত্ৰীকো ধন্যবাদ

আমাৰ অসম, ২১ অক্টোবৰঃ দুবছৰীয়া আইনী যুঁজত জিকি অৱশেষত নিজৰ প্ৰাপ্য লাভ কৰিলে ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলে৷ আদালতৰ নিৰ্দেশ আখৰে আখৰে পালন কৰাৰ বাবে ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসাৰে উপচালে গৃহৰক্ষীৰ জোৱানে৷ উল্লেখ্য, মাহেকীয়া মাননী বৃদ্ধিৰ দাবীত দুবছৰৰ পূৰ্বে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে দুবছৰে দীঘলীয়া শুনানী গ্ৰহণ কৰি অৱশেষত যোৱা ১৩ আগষ্টত চূড়ান্ত ৰায় দি তিনিমাহৰ ভিতৰত গৃহৰক্ষী জোৱানৰ মাননী বৃদ্ধিৰ নিৰ্দেশ দিছিল৷ সেইমৰ্মে ৰাজ্য চৰকাৰে কালি গৃহৰক্ষী জোৱানসকলৰ মাননী ২৩,০১০ টকালৈ বৃদ্ধি কৰে৷ দীপাৱলীৰ পূৰ্বে এই মাননী বৃদ্ধিয়ে ৰাজ্যৰ প্ৰায় ২৪ হাজাৰ গৃহৰক্ষী জোৱানক উপকৃত কৰিব৷ উল্লেখ্য, অতদিনে দৈনিক মাত্ৰ ৩০০ টকাৰ মজুৰীৰে ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলে দিনে-নিশাই অসম আৰক্ষীৰ জোৱানসকলৰ সমানেই কষ্ট কৰি আহিছিল৷ বিভিন্ন সময়ত তেওঁলোকে মজুৰী বৃদ্ধিৰ দাবীত ৰাজপথত আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল৷ কিন্তু চৰকাৰ আহিল, চৰকাৰ গ’ল– ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলৰ দীঘলীয়া আন্দোলনৰ কোনো ফল নধৰিল৷ নাবাঢ়িল তেওঁলোকৰ মজুৰী৷ অৱশেষত উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোকে প্ৰাপ্য মজুৰী লাভ কৰিলে৷ কালি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গৃহৰক্ষী জোৱানৰ মজুৰী বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ স্থানে স্থানে কৰ্মৰত গৃহৰক্ষী জোৱানসকলে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই নিজৰ আনন্দ প্ৰকাশ কৰে৷ কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী জোৱানসকলে বিহু গাই ফূৰ্টি কৰে, একেদৰে বটদ্ৰৱা থানত কৰ্মৰত গৃহৰক্ষীৰ জোৱানসকলে বটদ্ৰৱা থানত সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰে৷ অৱশ্যে চৰকাৰে মজুৰী বৃদ্ধি কৰা ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰিলেও এতিয়াও কেতবোৰ দাবীত অটল আছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা৷ তেওঁলোকে অসম পুলিচত চাকৰি নিয়মীয়াকৰণৰ দাবী জনোৱাৰ লগতে ৩৫ৰ উধবৰ্ৰ জোৱানসকলক ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদত পোনপটীয়া নিযুক্তিৰ দাবী জনাইছে৷

অসম চৰকাৰক ধন্যবাদ জনালে গৃহৰক্ষী সন্থাই

বহু আন্দোলন, ক্ষোভ, দাবীৰ অন্তত অসম চৰকাৰে গৃহৰক্ষী জোৱানসকলক আন চৰকাৰী কৰ্মচাৰীসকলৰ দৰে মাহিলী দৰমহা প্ৰদান কৰা সিদ্ধান্তত বিটিচিৰ সদৰ কোকৰাঝাৰ জিলাতো আনন্দৰ বন্যা ববলৈ লৈছে৷ প্ৰকাশ যে গৃহৰক্ষী জোৱানসকলে এতিয়াৰে পৰা মাহেকৰ মূৰত লাভ কৰিব ২৩,০১০ টকাৰ বেতন৷ ৰাজ্যত ২৪ হেজাৰ কৰ্মৰত গৃহৰক্ষী জোৱান আছে আৰু দীপাৱলীৰ প্ৰাকক্ষণত অসম চৰকাৰে লোৱা পদক্ষেপ মৰ্মে গৃহৰক্ষী জোৱান সকলে আজিৰে পৰা লাভ কৰিব ৭৬৭ টকা দৈনিক ভাট্টা৷ আজি অসম চৰকাৰৰ গৃহ বিভাগে অধিসূচনা যোগে জাৰি কৰা ঘোষণাৰ পিছতে উৎফুল্ল গৃহৰক্ষী বিহিনীৰ হৈ সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ  কোকৰাঝাৰ আৰু ধুবুৰী জিলা সমিতিয়ে আজি কোকৰাঝাৰ প্ৰেছ ক্লাবথ এক যৌথ সংবাদমেল অনুষ্ঠিত কৰি অসম চৰকাৰে পলমকৈ হলেও এনে পদক্ষপ লোৱাত আদৰণি জনায়৷ তদুপৰি সংবাদ মেলখনৰ জৰিয়তে শাৰদীয় উৎসৱৰ বতৰত  গৃহৰক্ষী জোৱান সকলৰ বাবে এটা সুনিশ্চিত ব্যৱস্থা গ্ৰহণ কৰা বাবে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়৷ উল্লেখযোগ্য যে আজিৰ সংবাদ মেলৰ জৰিয়তে গৃহৰক্ষী সন্থাই তেওঁলোকৰ প্ৰধান দাবী চাকৰি নিয়মীয়া কৰণৰ পদক্ষেপ লবলৈ আহ্বান জনায়৷ আজিৰ সংবাদ মেলত কোকৰাঝাৰ জিলা সভাপতি জিতেন চন্দ্ৰ বৰ্মন আৰু ধুবুৰী জিলা সভাপতি মিজানুৰ ৰহমানৰ লগতে আন সদস্য সকলো উপস্থিত থাকে৷