Logo
image

লিজ ট্ৰাছৰ পদত্যাগ ঋষিৰ সম্ভাৱনা কিমান

আমাৰ অসম, ২১ অক্টোবৰঃ ব্ৰিটেইনৰ ইতিহাসৰ সংক্ষিপ্তম [সময়ৰ] প্ৰধানমন্ত্ৰী হোৱাৰ নজিৰ স্থাপন কৰি ৪৪দিনীয়া কাৰ্যকালৰ সমাপ্তি ঘটাই লিজ ট্ৰাছে বৃহস্পতিবাৰে পদত্যাগ কৰিছে৷ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিবলৈ অসমৰ্থ হোৱাৰ বাবেই এলিজাবেথ ট্ৰাছ বা চমুকৈ লিজ ট্ৰাছে পদত্যাগ ঘোষণা কৰিবলৈ বাধ্য হয়৷ ভাৰত বংশোংদ্ভব ঋষি ছুনকক পৰাজিত কৰি দেশৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে যোৱা ৫ ছেপ্টেম্বৰত নিৰ্বাচিত হৈছিল লিজ ট্ৰাছ আৰু ৭ছেপ্টেম্বৰত ৰাণী দ্বিতীয় এলিজাবেথে তেওঁক দেশৰ ৭৬সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল৷ তেতিয়াৰ পৰা মাত্ৰ ৪৪দিন কাৰ্যনিৰ্বাহ কৰিয়েই লিজ ট্ৰাছে বৃহস্পতিবাৰে নাটকীয়ভাৱে পদত্যাগ ঘোষণা কৰে৷ অথচ বুধবাৰেও তেওঁ কৈছিল–‘মই যুঁজাৰু, পলৰীয়া নহঁও৷ মই পদত্যাগো নকৰোঁ৷’ কিন্তু সেই হুংকাৰৰ ২৪ঘণ্টা সম্পূৰ্ণ নৌহওঁতেই লিজ ট্ৰাছে ৯০ছেকেণ্ডৰ সংক্ষিপ্ত বিবৃতি প্ৰদান কৰি পদত্যাগ ঘোষণা কৰে৷ সংক্ষিপ্ত বিবৃতিত তেওঁ কয় –‘যি পৰিস্থিতিৰ মই সন্মুখীন হৈছো, সেই পৰিস্থিতিত নিৰ্বাচিত হোৱা পুৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰিবলৈ অক্ষম৷ সেয়ে মই কনজাৰভেটিভ পাৰ্টীৰ নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ল’লো৷ পূৱাই মই ১৯২২কমিটীৰ অধ্যক্ষ ছাৰ গ্ৰাহাম ব্ৰেডিৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছো আৰু অহা এসপ্তাহৰ ভিতৰত দলৰ নতুন নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত দুয়ো একমত হৈছো, যাতে দেশৰ নিৰাপত্তা বিঘ্নিত নহয়৷ নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে মই প্ৰধান মন্ত্ৰীৰ দায়িত্ব পালন কৰি যাম৷’

লিজ ট্ৰাছে এনেদৰে নাটকীয়ভাৱে পদত্যাগ কৰাৰ লগে লগে শেহতীয়া প্ৰধানমন্ত্ৰী নিৰ্বাচন তথা কনজাৰভেটিভ পাৰ্টীৰ মুৰব্বী নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে পৰাজিত হোৱা ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব তেনে কোনো কথা নাই৷ টৰী দলটোৰ মুৰব্বী নিৰ্বাচনৰ বাবে পুনৰ পূৰ্বৰ দৰে প্ৰক্ৰিয়া অৱলম্বন কৰা হ’ব আৰু যিজন দলৰ মুৰব্বী নিৰ্বাচিত হ’ব তেৱেই দেশখনৰ প্ৰধানমন্ত্ৰী হ’ব৷ শেহতীয়া মুৰব্বী নিৰ্বাচন প্ৰক্ৰিয়াত ৫৪দিন সময়ৰ প্ৰয়োজন হৈছিল, য’ত  প্ৰথমে দলটোৰ সাংসদসকলে নিৰ্বাচনত ভাগ লৈছিল৷ সেই ক্ষেত্ৰত ঋষি ছুনক শীৰ্ষক আৰু লিজ ট্ৰাছৰ দ্বিতীয় স্থান আছিল৷ কিন্তু কনজাৰভেটিত দলৰ সদস্যই ভোটদান কৰা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ভাৰত বংশোদ্ভৱ ঋষি ছুনকক প্ৰত্যাখান কৰি ব্ৰিটিছ লিজ ট্ৰাছক নিৰ্বাচিত কৰে৷ এতিয়া দলৰ মুৰব্বী তথা প্ৰধানমন্ত্ৰী পদৰ নিৰ্বাচনত ঋষি ছুনকে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে সেয়া এতিয়াও অনিশ্চিত৷ শেহতীয়া নিৰ্বাচনত তৃতীয় স্থানত থকা কনজাৰভেটিভ দলৰ সাংসদ পেনি মৰ্ডাণ্টে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি ট্ৰাছ মন্ত্ৰীসভাৰ সাম্প্ৰতিক বিত্তমন্ত্ৰী জেৰেমি হাণ্টেও প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে যদিহে এই নিৰ্বাচন কেৱল কনজাৰভেটিভ সাংসদৰ মাজতে সীমাবদ্ধ থাকে আৰু ছুনকে প্ৰাৰ্থিত্ব আগবঢ়ায়, তেন্তে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আসনত ভাৰতীয় বংশোদ্ভৱ অধিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো ট্ৰাছৰ প্ৰতি আস্থা হেৰুৱাই অলপতে ছুনকৰ সমৰ্থক ১৫-২০জন সাংসদ এক নৈশভোজত মিলিত হৈছিল আৰু তাত ট্ৰাছক অপসাৰণ কৰি ছুনক তথা পেনি মৰ্ডাণ্টক মন্ত্ৰীসভাৰ শীৰ্ষপদত বহুওৱাৰ পৰিকল্পনা কৰা হৈছিল৷ তালৈ চাই এতিয়াও দলৰ সাংসদ ছুনকৰ পক্ষেই থকা যেন অনুমান হয়৷ অৱশ্যে লিজ ট্ৰাছ মন্ত্ৰীসভাৰ শাসনৰ মূল জৰী নিজৰ হাতলৈ নিয়া বিত্তমন্ত্ৰী জেৰেমি হাণ্টো সম্প্ৰতি শক্তিশালী৷ অৱশ্যে লিজ ট্ৰাছৰ উত্তৰাধিকাৰী কোন হ’ব পাৰে সেই দৃশ্যপট শুকুৰবাৰমানৰ পৰাহে পৰিষ্কাৰ হ’ব৷ কিন্তু এইবাৰ দলৰ মুৰব্বী আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া ২৮অক্টোবৰৰ ভিতৰত সম্পন্ন হ’ব, বিগতবাৰৰ দৰে দীঘলীয়া নহয়৷