উজনিৰ ৬ জিলাত পুনৰ আফস্পাৰ ম্যাদ বৃদ্ধি ২ পাৰ্বত্য জিলাও অশান্ত
তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট
আমাৰ অসম, ২১ অক্টোবৰঃ মৌখিকভাৱে সকলো ধৰণৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে সকলোৱে এতিয়া অসমত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰা বুলি দাবী কৰে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তাৰ ব্যতিক্ৰম নহয়৷ ৰাজনৈতিক সমাবেশেই হওঁক বা চৰকাৰী কাৰ্যসূচী, এওঁলোক প্ৰত্যেকেই দাবী কৰে বিজেপিৰ শাসনত এতিয়া অসমত কোনো হিংসাত্মক কাৰ্যকলাপ নাই, চৌপাশে কেৱল শান্তিৰ পৰিৱেশ৷ পিছে কাৰ্যতঃ আৰু প্ৰশাসনীয় দিশত তাৰ ঠিক সম্পূৰ্ণ বিপৰীত পদক্ষেপ লৈ ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে পুনৰ অসমৰ আঠখন জিলাক অশান্ত অঞ্চল ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰে এখন অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰিছে যে উজনিৰ ছখন আৰু দুখন পাহাৰীয়া জিলাকে ধৰি ৰাজ্যৰ মুঠ ৮খন জিলাত অশান্ত অঞ্চল আইনৰ অধীনত সামৰিক বাহিনীৰ [বিশেষ ক্ষমতা] আইন, ১৯৫৮ অব্যাহত থাকিব৷ এই অশান্ত অঞ্চল আইন বা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন পৰৱৰ্তী ছমাহলৈ এই আঠখন জিলাত অব্যাহত থাকিব৷ অৱশ্যে চৰকাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ আইন-শৃংখলা তথা হিংসাত্মক পৰিস্থিতি তুলনামূলকভাৱে উন্নত হোৱাত সেইখন জিলাৰ পৰা বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰিছে৷ সেই অনুসৰি তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু কাচাৰৰ উপৰি দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত সামৰিক বাহিনীৰ [বিশেষ ক্ষমতা] আইন, ১৯৫৮ অহা ছমাহলৈ বলৱৎ থাকিব৷ চলিত মাহৰ পহিলা দিন অৰ্থাৎ ৰ অক্টোবৰৰ পৰা এই আইন ছমাহলৈ অব্যাহত থকাৰ বিষয়ে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিব নীৰজ বাৰ্মাই এখন চৰকাৰী অধিসূচনাৰ জৰিয়তে বৃহস্পতিবাৰে ঘোষণা কৰে৷ একে অধিসূচনাৰ জৰিয়তে ৰ অক্টোবৰৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা এই বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰা হৈছে৷ ‘আফস্পা’ নামৰ এই কুখ্যাত আইনখন অসমত প্ৰথমে ১৯৯০ চনৰ নৱেম্বৰত আলফাৰ কাৰ্যকলাপ তুংগত থকাৰ সময়ত বলৱৎ কৰা হৈছিল৷ এই কুখ্যাত আইনৰ অধীনত সামৰিক বাহিনীয়ে অসামৰিক প্ৰশাসনৰ অনুমতি নোলোৱাকৈ অভিযান চলাব পাৰে আৰু ৱাৰেণ্ট অবিহনে সন্দেহভাজনক গ্ৰেপ্তাৰ কৰিব পাৰে৷ ভুল তথ্যৰ ভিত্তিত অভিযান চলালেও সামৰিক বাহিনী অধিকাংশ ক্ষেত্ৰতে জগৰীয়া নহয়৷






