বিশ্বকাপ বয়কটৰ হুমকি পাকিস্তানী ক্ৰিকেটাৰৰ
আমাৰ অসম, ২১ অক্টোবৰঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নৱনিৰ্বাচিত সচিব জয় শ্বাহৰ এটা বিতৰ্কিত মন্তব্যত ক্ষুন্ন হৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতত অহা বছৰ হ’বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা বৰ্জনৰ ভাবুকি দিছে৷ কেৱল বিশ্বকাপ বৰ্জনেই নহয়, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে জয় শ্বাহৰ বক্তব্যৰ প্ৰতিবাদত এছিয়ান ক্ৰিকেট কাউঞ্চিল ত্যাগ কৰি ওলাই অহাৰো ভাবুকি প্ৰদান কৰিছে৷ উল্লেখ্য, যোৱা ১৮ অক্টোবৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে বিচিচিআইৰ সচিব পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হওঁতেই জয় শ্বাহে পাকিস্তানত অহা বছৰ হ’বলগীয়া এছিয়া কাপ ক্ৰিকেটত ভাৰতীয় ক্ৰিকেট দলে ভাগ নলয় বুলি মন্তব্য কৰিছিল৷ প্ৰতিযোগিতালৈ এবছৰ থাকোতেই জয় শ্বাহে এনে মন্তব্য কৰাত ক্ষুন্ন হৈ পৰে পাক ক্ৰিকেট ব’ৰ্ড৷ কিয়নো পাকিস্তানৰ সামগ্ৰিক পৰিস্থিতি এতিয়া পূৰ্বৰ তুলনাত উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত আইচিচিয়ে তেওঁলোকক প্ৰতিযোগিতাখন আয়োজনৰ দায়িত্ব দিছে৷ সেই প্ৰতিযোগিতাত এছিয়াৰ সকলো দলে ভাগ লোৱাৰ প্ৰতিশ্ৰুতি দিছে৷ তেনে সময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব তথা এছিয়ান ক্ৰিকেট কাউঞ্চিলৰো মুৰব্বী জয় শ্বাহৰ এই মন্তব্য আপত্তিজনক বুলি এক বিবৃতিৰ জৰিয়তে জনাইছে পাক ব’ৰ্ডে৷ পাক ব’ৰ্ডে জয় শ্বাহৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, তেওঁৰ এই বক্তব্য ক্ৰিকেট প্ৰশাসকৰ দৰে হোৱা নাই, বৰং সেয়া ৰাজনৈতিক বক্তব্যৰ দৰেহে হৈছে৷ যদিহে ভাৰতে এছিয়া কাপত অংশ গ্ৰহণ নকৰে তেন্তে এছিয়ান ক্ৰিকেট কাউঞ্চিল থৰকবৰক হৈ যাব৷ কিয়নো পাকিস্তানে এই বিষয়টো সন্মানৰ প্ৰশ্ন হিচাপে গ্ৰহণ কৰি এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ পৰা ওলাই অহাৰ কথা বিবেচনা কৰিবলৈ বাধ্য হ’ব৷ ক্ৰিকেট ব’ৰ্ডৰ সচিবৰ পৰা তেওঁলোকে এনে ৰাজনৈতিক ৰং থকা বক্তব্য আশা নকৰে বুলিও বিবৃতিত স্পষ্ট কৰি দিয়ে৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ এই তাৎক্ষণিক আৰু কঠোৰ প্ৰতিক্ৰিয়া দেখি জয় শ্বাহক ৰক্ষা কৰিবলৈ খেল পথাৰত নামিছে মোদী চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ৷ তেওঁৰ মতে জয় শ্বাহৰ বক্তব্যত অলপো ভুল নাই৷ ভাৰতে পাকিস্তানলৈ গৈ এছিয়া কাপত ভাগ ল’বনে নলয় সেই সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰে৷ তেওঁ জয় শ্বাহত বক্তব্যত কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱ পৰিস্ফূট হোৱা বুলি মন্তব্য কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ হোৱাৰ বাবেই জয় শ্বাহক ৰক্ষা কৰিবলৈ অনুৰাগ ঠাকুৰ নামি পৰা বুলি চৰ্চা হৈছে৷ ইপিনে পাকিস্তান ক্ৰিকেট ব’ৰ্ডো ক্ষান্ত হৈ থকা নাই৷ পাক ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ব’ৰ্ড আৰু ক্ৰীড়ামন্ত্ৰীৰ ভাষ্য শুনাৰ পাছত কৈছে যে অহা বছৰ ভাৰতত হ’ব লগীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা পাক ক্ৰিকেট দলে বৰ্জন কৰিব পাৰে৷ যদিহে ভাৰতীয় দলে পাকিস্তানত নেখেলে তেন্তে পাকিস্তান দলেও ভাৰতত হ’বলগীয়া এদিনীয়া বিশ্বকাপত ভাগ নলয়৷ জয় শ্বাহৰ বিতৰ্কিত এই বক্তব্যই হঠাতে দুয়োখন প্ৰতিবেশী দেশৰ ক্ৰিকেট ব’ৰ্ডক যুযুধান ৰূপ ধৰিবলৈ বাধ্য কৰিছে৷