Logo
image

ডিএছপিসহ টোলগেটত জব্দ চুৰি গাড়ী

আমাৰ অসম, ২১ অক্টোবৰঃ গাড়ীত টোলগেটৰ মাছুল দিবলৈ ব্যৱহাৰ কৰা ফাষ্ট-টেগৰ বাবেই এখন চুৰি গাড়ী ধৰা পৰিল ৰহা টোলগেটত৷ আজি পুৱা ৰহা টোলগেটত উদ্ধাৰ কৰা হয় এখন চুৰি চেলেৰিঅ’ গাড়ী৷ টোলগেট কৰ্মচাৰীৰ তৎপৰতাত ফাষ্ট-টেগৰ বাবে জব্দ হয় এ এছ ০১ ইজি ৮৩৯১ [AS ০১ EG ৮৩৯১] নম্বৰৰ চুৰি চেলেৰিঅ’ বাহনখন৷ জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ দিপাংকৰ দত্ত নামৰ ব্যক্তিজনৰ এই গাড়ীখন প্ৰায় চাৰিমাহৰ পূৰ্বে চুৰি হৈছিল৷ গাড়ীখনত লগোৱা ফাষ্ট-টেগৰ পৰা ৰহা টোলগেটত টোলটেক্স কাটি নিয়াৰ মেচেজ গাড়ীৰ গৰাকীৰ মবাইলত দেখুওৱাৰ পাছত গাড়ীখন ৰহা টোলগেট পাৰ হোৱাৰ তথ্য লাভ কৰি গাড়ীৰ গৰাকীয়ে চুৰিৰ সম্পৰ্কত আৰক্ষীৰ লগতে টোলগেটত গাড়ীখনৰ ছবি, সময়, দিন-বাৰ ম’বাইলৰ মেছেজৰ সৈতে মিলি যোৱাত কতৃৰ্পক্ষকো বিষয়টো অৱগত কৰি থৈছিল৷ সেই মতে আজি ৰহা টোলগেটেৰে গাড়ীখন গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি টোলগেট পাৰ হ’বলৈ লওঁতেই টোলগেটৰ কৰ্মচাৰীয়ে চুৰি গাড়ীখন জব্দ কৰি ৰহা আৰক্ষীক গতাই দিয়ে৷ ইপিনে চুৰি গাড়ীখন বিক্ৰী কৰা হৈছিল মণিপুৰত৷ ক্ৰয় কৰিছিল মণিপুৰ আৰক্ষীৰ এজন উপ-আৰক্ষী অধীক্ষক পি লাংপুইনঅয়ে৷ গাড়ীখন মণিপুৰ আৰক্ষীৰ উপ-অধীক্ষকজনে অসমৰ আচাং চিৰ’ নামৰ ব্যক্তি এজনৰ পৰা যোৱা ১৮ আগষ্টতে ক্ৰয় কৰিছিল৷ দাম দিছিল দুই লাখ ৮৫ হাজাৰ টকা৷ গাড়ীখন TOURISM STUDY TOURৰ বাবে ব্যৱহাৰ কৰাবলৈ ক্ৰয় কৰিছিল বুলি জানিবলৈ দিয়ে মণিপুৰৰ আৰক্ষী উপ-অধীক্ষকজনে৷ ৰহাত গাড়ীখন উদ্ধাৰ হোৱাৰ সময়ত গাড়ীখনত আছিল স্বয়ং মণিপুৰৰ আৰক্ষী উপ-অধীক্ষকজন৷ চুৰি গাড়ীখনৰ আগত আহিছিল TOURISM STUDY TOUR, MANIPUR বেনাৰ লগোৱা আন এখন বাহন৷ বতৰ্মান ৰহা আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে৷ কিন্তু এজন আৰক্ষী উপ-অধীক্ষকে কোনো সঠিক তথ্য নোলোৱাকৈ কিদৰে চুৰি গাড়ী ক্ৰয় কৰিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷ অন্যহাতে, এই গাড়ীখন চুৰি হোৱা সম্পৰ্কে গাড়ীৰ মালিকে ডিমাপুৰ থানাত এক গোচৰ ৰুজু কৰিছিল, সেই গোচৰৰ বাবেই ৰহা আৰক্ষীয়ে নিজাকৈ গোচৰ পঞ্জীয়ন কৰা নাই৷ কাইলৈ ডিমাপুৰ আৰক্ষীৰ লোক ৰহালৈ আহি গাড়ীসহ মণিপুৰৰ ডি এছ পিসহ লোককেইজনক ডিমাপুৰলৈ নিব বুলি ৰহা আৰক্ষীয়ে জানিবলৈ দিছে৷  অসমৰ গাড়ীখন লংকাৰ পৰা ডিমাপুৰত বিক্ৰীৰ পাছত কেইবাবাৰো বিক্ৰীৰ পাছত ডি এছ পি জনে কিনিছিল৷ পুৰণি ফাষ্ট-টেগটো আঁতৰাই নতুন ফাষ্ট-টেগ ব্যৱহাৰ কৰি স্বয়ং আৰক্ষীৰ ডি এছ পিয়ে টোলগেট পাৰ হোৱাৰ কথাই বিষয়টো জটিল কৰি তুলিছে৷ আৰক্ষীৰ তদন্ততহে প্ৰকাশ পাব প্ৰকৃত ৰহস্য৷