কেঁচু খান্দোতে দিতিমণিৰ ঘৰত ওলাল সাপ
আমাৰ অসম, ২১ অক্টোবৰঃ কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ঘটনা ঘটিছে সাতশ টকা উৎকোচ লৈ আৰক্ষীৰ জালত পৰা ডিব্ৰুগড়ৰ পৰিবহণ বিভাগৰ কৰ্মচাৰী দিতিমণি গগৈৰ ক্ষেত্ৰত৷ পৰিবহণ কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা দিতিমণি গগৈয়ে তেওঁৰ সহায়ক দালালৰ সহযোগত বৃহস্পতিবাৰে উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ হোৱাৰ পাছত নিশা কনিষ্ঠ সহায়িকাৰ ঘৰত চলিল অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান৷ পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা দীতিমণি গগৈয়ে তেওঁৰ দ্বাৰা নিয়োজিত কৰা পংকজ শইকীয়া নামৰ দালালৰ জৰিয়তে এজন যুৱকৰ পৰা ৭০০ টকা উৎকোচ লৈ ধৰা পৰিছিল৷ প্ৰায় ৫ ঘণ্টা ধৰি দালাল আৰু কনিষ্ঠ সহায়িকাক মাৰাথন জেৰা চলোৱাৰ অন্ততঃ নিশাৰ ভাগত কনিষ্ঠ সহায়িকা দীতিমণি গগৈৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ দলে চলায় তালাচী অভিযান৷ চহৰখনৰ পূৰ্ণানন্দ পথত অথবা জে এছ বি এপাৰ্টমেণ্টৰ বাসগৃহত চলোৱা তালাচী অভিযানত নগদ ৯ লাখ ৩০হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে দীতিমণি গগৈৰ পুত্ৰই জাতীয় পতাকা প্ৰদৰ্শন কৰি আৰক্ষীক প্ৰৱেশত বাধা দিছিল৷ কিন্তু দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নিশাৰ ভাগত চলোৱা অভিযানৰ সময়ত এই বৃহৎ পৰিমাণৰ ধনখিনি জব্দ কৰি নিশাই দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দীতিমণি গগৈক গুৱাহাটীলৈ লৈ যোৱা হয়৷ উল্লেখ্য যে, এজন লোকৰ পৰা পথকৰ অফলাইনত পৰিশোধ কৰাৰ সুবিধা দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰাৰ সময়তে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ সঞ্চালকালয়ৰ এটা দলে গ্ৰেপ্তাৰ কৰে পৰিবহণ বিষয়া কাৰ্যালয়ৰ দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দীতিমণি গগৈক৷ উত্থাপিত অভিযোগ অনুসৰি, নাম প্ৰকাশক অনিচ্ছুক এজন যুৱকৰ পৰা পথকৰ অফলাইনত পৰিশোধ কৰাৰ সুবিধা দিয়াৰ নামত ২ হাজাৰ টকা উৎকোচ বিচাৰিছিল৷ ইয়াৰে আগধন হিচাপে ১,৩০০ টকা আদায় কৰিছিল যুৱকজনে৷ কিন্তু আজি ৭০০ টকা উৎকোচ গ্ৰহণৰ সময়তে দালাল পংকজ শইকীয়াক হাতে-লোতে ধৰা পেলায় দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে৷ অভিযোগ অনুসৰি, পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা দীতিমণি গগৈয়ে সহায়ক হিচাপে ৰাখিছিল দালাল পংকজ শইকীয়াক৷ টেঙাখাটৰ বৰ অভয়পুৰীৰ গাঁৱৰ পংকজ শইকীয়া পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সৈতে নাই কোনো সম্পৰ্ক৷ ‘মধ্যভোগীক প্ৰশ্ৰয় নিদিবলৈ বৃহৎ আকাৰৰ বেনাৰ আঁৰি সজাগতা সৃষ্টি কৰাৰ সময়তে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ চকুৰ সন্মুখতে দালালৰ বাবে সুকীয়াকৈ ৰখা টেবুলত দালালৰ বজাৰ চলাই আহিছিল পংকজ শইকীয়াই৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড় চহৰৰ উদয়পুৰৰ নিৱাসী কনিষ্ঠ সহায়িকা দীতিমণি গগৈয়ে অস্বীকাৰ কৰি কয় যে, মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে৷ দুশ টকা দি মোক ফচাবলৈ বিচৰা হৈছে৷ মই কাৰোঁ পৰা পইচা লোৱা নাছিলোঁ৷ ইফালে ঘটনা সন্দৰ্ভত কনিষ্ঠ সহায়িকা দীতিমণি গগৈক সোধা-পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে৷ ইফালে কাৰ্যালয়ত মধ্যভোগীৰ ৰূপত আৱিৰ্ভাৱ ঘটা পংকজ শইকীয়াৰ বিষয়েও অজ্ঞতা প্ৰকাশ কৰিছে বিষয়াজনে৷ এই সন্দৰ্ভত বিষয়াজনে কাৰোৰে পৰা অভিযোগো পোৱা নাছিল৷ কিন্তু কনিষ্ঠ সহায়িকা দীতিমণি গগৈৰ অধীনত সহায়ক হিচাপে এখন টেবুলত বহি দালালৰ কাম কৰি অহা বিষয়টোক সচেতন লোকৰ মাজত চকু কপালত তুলিছে৷ মন কৰিবলগীয়া যে, দীৰ্ঘদিনৰ পৰা মহিলা কনিষ্ঠ সহায়িকাগৰাকীয়ে দালাল পংকজ শইকীয়াৰ জৰিয়তে বহু অসহায় লোকৰ পৰা ধন দাবী কৰি আহিছে৷ ধন নাপালে মাহ মাহ ধৰি আগনবঢ়ায় ফাইলৰ কাম৷ আনকি ধন নিদিলে গুৰুত্বই নিদিয়ে কাৰ্যালয়লৈ অহা কোনো লোকক৷ আজি এইগৰাকী দুৰ্নীতিগ্ৰস্ত মহিলাক গ্ৰেপ্তাৰৰ পাছতে সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে৷






