Logo
image

ভাৰতীয় শিক্ষাৰ্থীৰ হাহাকাৰ পুনৰ ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ

আমাৰ অসম, ২১ অক্টোবৰঃ ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক অনতিবিলম্বে ইউক্ৰেইন ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াত যুদ্ধবিধবস্ত দেশখনত থকা ভাৰতীয় নাগৰিকৰ মাজত হাহাকাৰ লাগিছে৷ কিয়েভত থকা ভাৰতীয় দূতাবাসে বৃহস্পতিবাৰে এই নতুন নিৰ্দেশাৱলী জাৰি কৰাৰ লগে লগে মুলতঃ দেশখনলৈ পুনৰ উভতি যোৱা শিক্ষাৰ্থীসকলৰ মাজত প্ৰচণ্ড আতংকৰ সৃষ্টি হৈছে৷ কিয়েভৰ ভাৰতীয় দূতাবাসে এই নিৰ্দেশাৱলীত কয় যে, ইউক্ৰেইনৰ যুদ্ধৰ পৰিস্থিতিৰ ক্ৰমাৎ অবনমিত হৈছে৷ আগন্তুক দিনত পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা আছে৷ কিয়নো ৰাছিয়াই পুনৰ শক্তিশালীভাৱে দেশখন আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে৷ সেই সন্দৰ্ভত সৱিশেষ তথ্য লাভ কৰিয়েই কিয়েভৰ ভাৰতীয় দূতাবাসে এনে জৰুৰী নিৰ্দেশাৱলী জাৰি কৰিছে৷ এনে পৰিস্থিতিত দেশখনত থকা শিক্ষাৰ্থী, পৰ্যটককে ধৰি সকলো ভাৰতীয় নাগৰিকে বিলম্ব নকৰি ইউক্ৰেইন ত্যাগ কৰক বুলি দূতাবাসে বিবৃতি জাৰি কৰিছে৷ উল্লেখ্য, বিগত জুনৰ পৰা আপাতশান্ত ইউক্ৰেইন ১২দিনৰ পূৰ্বে ৰাছিয়াৰ প্ৰচণ্ড ক্ষেপণাস্ত্ৰ আক্ৰমণত পুনৰ ক্ষতবিক্ষত হৈছিল৷ ৮দিন পাছত ৰাছিয়াই পুনৰ স্বয়ংচালিত ড্ৰোনেৰে ৰাজধানী কিয়েভকে ধৰি ৩খন চহৰত আক্ৰমণ সংঘটিত কৰে৷ এই আক্ৰমণত কমেও ২৩জন অসামৰিক লোকৰ মৃত্যু হৈছিল৷ 

ৰাছিয়াৰ এই নতুনকৈ কৰা আক্ৰমণৰ পাছতে ইউক্ৰেইনত পুনৰ অস্থিৰ আৰু অশান্ত পৰিস্থিতি উদ্ভৱ হৈছে৷ উল্লেখ্য, মাজতে প্ৰায় তিনিমাহমান দেশখনৰ পৰিস্থিতি শান্ত হোৱাত আৰু ৰাছিয়াৰ আক্ৰমণৰ চোকো হ্ৰাস পোৱাত ভাৰতৰ বহু শিক্ষাৰ্থীৰ লগতে অসমৰ মেডিকেল শিক্ষাৰ্থীও ইউক্ৰেইনলৈ অৰ্ধসমাপ্ত পাঠক্ৰম সম্পূৰ্ণ কৰিবলৈ উভতি গৈছিল৷ ঘাইকৈ ইউক্ৰেইনৰ পশ্চিম অঞ্চলটো যুদ্ধত বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাছিল৷ তেনে ক্ষতিগ্ৰস্ত নোহোৱা অঞ্চলৰ শিক্ষা প্ৰতিষ্ঠানত পুনৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল৷  কিয়নো তেনে স্থানত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীক আন দেশলৈ ‘ট্ৰান্সফাৰ’ লোৱাৰ সুযোগ ভাৰতে দিয়া নাছিল৷ সেয়ে অসমৰ কেইবাগৰাকী শিক্ষাৰ্থী ইউক্ৰেইনলৈ উভতি গৈছিল আৰু একাংশ উভতি যাবলৈ সাজু হৈছিল৷ কিন্তু ভাৰতীয় দূতাবাসৰ এই ঘোষনাই শিক্ষাৰ্থীসকলক আতংকিত কৰি তুলিছে আৰু কি কৰিব নকৰিব সেই লৈ হাহাকাৰ পৰিস্থিতিত পৰিছে৷